বতাহে হেনো গতি পথ সলালে !
গৌতম শৰ্মা
ধুলিত বৈ আহিছে উশাহ ,
স্মৃতিৰ শুকান পথাৰত কোনে কি পালে,
কি হেৰোৱালে ।
তুমি যে ৰৈ ৰৈ হাত বাওলি দিছিলা,
কোনোবা কাষ চাপি আহিল,
কোনোবাই উভতি নাচালে !
কিছু মুখ স্মৃতিত ৰৈ গ’ল কিছু সময়ে পাহৰাই পেলালে …
মনত আবদ্ধ হৈ ৰৈ গ’ল বহু সপোন
হুমনিয়াহ বোৰেও হুমনিয়াহ কাঢ়িলে
বতাহে হেনো গতি পথ সলালে ।