বঢ়মপুৰ-বিহালী-বিশ্বনাথ-বৰছলাত বিজয় সংকল্প সভা মুখ্যমন্ত্ৰীৰ

বঢ়মপুৰ-বিহালী-বিশ্বনাথ-বৰছলাত বিজয় সংকল্প সভা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বঢ়মপুৰ, বিহালী, বিশ্বনাথ আৰু বৰছলা বিধানসভা সমষ্টিত ৪খন বিজয় সংকল্প সভা সম্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । তদুপৰি তেজপুৰত জনসমুদ্ৰৰ মাজত তেওঁ এক বিশাল ৰোড শ্ব’ত অংশ লয়। মুখ্যমন্ত্রী ড° শৰ্মাৰ এই ৰোড শ্ব’ই গেৰুৱাময় কৰি তোলে তেজপুৰ চহৰৰ ৰাজপথ। বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী জিতু গোস্বামীৰ সমৰ্থনত বঢ়মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিজেপি মিত্রজোঁটে ৯০-১০০খন আসন লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত। বিগত ৫ বছৰত বিজেপি চৰকাৰখনে অসমৰ ৰাইজক সর্বোচ্চ সেৱা আগবঢ়াবলৈ চেষ্টা কৰিলে। নির্বাচনী প্রতিশ্রুতি আখৰে আখৰে পূৰণ কৰিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ১ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ প্ৰতিশ্রুতি দিয়া হৈছিল আৰু যোৱা ৫ বছৰত ১ লাখ ৬৫ হাজাৰক নিকা আৰু স্বচ্ছতাৰে চাকৰি দিয়া হ’ল। এইবাৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হ’ব। ইয়াৰে ২৫ হাজাৰক আৰক্ষী পদত, ৭৫ হাজাৰক শিক্ষকৰ পদত আৰু ১ লাখক চিকিৎসক, অভিযন্তা, নাৰ্ছ, তৃতীয় বর্গ, চতুর্থ বর্গ আদি বিভিন্ন পদত নিযুক্তি দিয়া হ’ব। বিগত পাঁচ বছৰত ব্যৱসায়-বাণিজ্য আৰু উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়া হ’ল আৰু পৰৱৰ্তী ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক ২ লাখ টকাকৈ দিয়া হ’ব। প্রাক-প্রাথমিক শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈ শিক্ষাৰ্থীৰ পঢ়াৰ সকলো খৰচ বিজেপি চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে সন্তানৰ পঢ়া-শুনাৰ খৰচৰ বাবে পিতৃ-মাতৃয়ে চিন্তা কৰিবলগীয়া নহ’ব। প্রতিশ্রুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া হৈছে। বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আত্মসহায়ক গোটৰ সদস্যা মহিলাসকলক দহ হাজাৰ টকাকৈ দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত অসমৰ ৪০ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হ’ল আৰু অহাবাৰ ২৫ হাজাৰ টকাকৈ দিয়া হ’ব। বিজেপি দল শাসনলৈ আহিলে দুখীয়া পৰিয়ালৰ বাবে চাউল, চেনি, দাইল আৰু নিমখৰ লগতে মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ’ব। ভৱিষ্যতে চাহপাতৰ উপৰি বিহু আৰু পূজাৰ সময়ত একোটাকৈ ৰন্ধন গেছৰ চিলিপ্তৰো বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব। বিগত ৫ বছৰত ৰাজ্য চৰকাৰে লাচিত বৰফুকনৰ সু-উচ্চ প্রতিমূর্তি স্থাপন কৰিলে, বিহু, ঝুমইৰ আৰু বাগুৰুমবাক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিলে, বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ভাবিব নোৱাৰা ধৰণে উন্নত কৰা হ’ল, অসম মালাৰ অধীনত বহুপথ নিৰ্মাণ কৰা হ’ল, উৰণ সেতু নিৰ্মাণ কৰিলে। বিজেপিয়ে অসমৰ জাতীয় জীৱনলৈ অভূতপূর্বপৰিৱৰ্তন আনিলে। ৰাজ্যখনলৈ শান্তি আৰু প্ৰগতি আহিল। অসমীয়া জাতিৰ নৱজাগৰণ হ’ল। বিহালী সমষ্টিৰ বিজেপি প্রার্থী মুনীন্দ্ৰ দাসৰ সমৰ্থনত বেদেতীৰ কেথলিক হাস্পতাল ফিল্ডত আয়োজিত এখন বিশাল জনসভাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আন দলে কথা কয়, বিজেপিয়ে কাম কৰে। আন দল ৰাইজৰ পদূলিলৈ যায়, বিজেপি ৰাইজৰ হৃদয়লৈ যায়। চাহ শ্রমিকৰ মজুৰি বৃদ্ধি সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছৰ দিনত চাহ শ্ৰমিকৰ মজুৰি আছিল ১৩৬ টকা। বিজেপি চৰকাৰে ২৮০ টকালৈ বৃদ্ধি কৰিলে। এইবাৰ বিজেপি চৰকাৰ গঠন হ’লে মজুৰি ৪৫০-৫০০ টকালৈ বৃদ্ধি কৰিব। জিনজিয়াত যিসকল আলু খেতিয়কৰ ফচল নষ্ট হৈছে, তেওঁলোকক ক্ষতিপূৰণ দিয়া হ’ব। অহা বছৰৰ পৰা জিনজিয়াৰ খেতিয়কৰ আলু চৰকাৰে ক্ৰয় কৰিব। তেওঁ বিহালীত ৰাজহ চক্ৰ কার্যালয় স্থাপন, মথাউৰি নিৰ্মাণকে ধৰি গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ বিষয়ে সদৰী কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই বিশ্বনাথত এখন জনসভাত অংশগ্ৰহণ কৰে। সমষ্টিটোৰ বিজেপি প্রার্থী পল্লৱ লোচন দাসৰ সমর্থনত বিশ্বনাথ মহাবিদ্যালয়ৰ সন্মুখৰ কমলাকান্ত ক্ষেত্রত আয়োজিত সভাখনত ভাষণ প্ৰদান কৰি তেওঁ অসমৰ প্রতিটো জাতি-জনগোষ্ঠীক ঐক্যবদ্ধ হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে অসমৰ জাতি-জনগোষ্ঠীসমূহ এক হৈ নাথাকিলে বাংলাদেশী মুছলমানে ঘৰিয়ালৰ দৰে জাতিটোক খাই পেলাব। কংগ্ৰেছৰ শাসনকালৰ বিশ্বনাথৰ পৰিৱেশ আৰু বিগত ৫ বছৰৰ বিশ্বনাথৰ পৰিৱেশ সম্পূর্ণ বেলেগ। বিশ্বনাথত এতিয়া অসমীয়া মানুহে সাহসেৰে থাকিব পৰা হৈছে। বিজেপি প্রার্থী পল্লর লোচন দাস অসমীয়া নহয় বুলি একাংশ লোকে চলোৱা প্ৰচাৰৰ তীব্র সমালোচনা কৰে মুখ্যমন্ত্রী ড° শর্মাই। বিশ্বনাথলৈ অহা উন্নয়নৰ প্ৰসংগত তেওঁ কয় যে বিজেপি চৰকাৰে বিশ্বনাথক জিলা পাতিলে, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিলে, বিহালীত অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰিলে। গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ হোৱাৰ পাছত অঞ্চলটোৰ অধিক উন্নয়ন হ’ব। ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই বৰছলাৰ বিজেপি প্রার্থী ঋতুবৰণ শৰ্মাৰ সমৰ্থনত যোগল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল জনসভাক সম্বোধন কৰে। সন্ধিয়া তেওঁ তেজপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বিৰাজ ৰাভাৰ সমৰ্থনত তেজপুৰত এটা ৰোড শ্ব’ত অংশ লয়। ক’ৰ্ট চাৰিআলিত আৰম্ভ হৈ ধনুৱা নগৰ চাৰিআলিত অন্ত পৰা ৰোড শ্ব’ত কেইবা হাজাৰ লোকে ব্যাপক উৎসাহ-উদ্দীপনাৰে অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মালৈ ব্যাপক সঁহাৰি জনায়। উল্লেখ্য যে তেজপুৰৰ অগপ প্রার্থী পৃথ্বিৰাজ ৰাভাক লগত লৈ সন্ধিয়া ছয় বজাত আৰম্ভ কৰা এই ৰোড শ্ব’ত কেবা সহস্রাধিক লোকে অংশ লোৱাৰ লগতে প্রায় আঢ়ৈ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়ো কাষে অগণন লোকে মুখ্যমন্ত্রী ড° শৰ্মাক আদৰণি জনায়। তেজপুৰ চহৰৰ মাজেৰে, কনকলতা অসামৰিক চিকিৎসালয়ৰ সন্মুখেৰে মহাভৈৰৱ মন্দিৰ আৰু দৰং মহাবিদ্যালয়ৰ কাষৰে গৈ লোকপ্রিয় গোপীনাথ বৰদলৈ নগৰলৈ আগবাঢ়ে এই ৰোড শ্ব’।