বড়ো শান্তি চুক্তিৰ পঞ্চম বর্ষপূর্তি অনুষ্ঠানত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পঞ্চম বর্ষপূর্তি উপলক্ষে কোকৰাঝাৰৰ গ্রীন ফিল্ডত আয়োজিত এখন বিশাল জনসভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । বিশাল জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বড়োসকলৰ সমৃদ্ধ ইতিহাস আৰু বর্ণিল লোকজীৱনে সামগ্রিকভাৱে ৰাজ্যৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। কামৰূপ, প্রাগজ্যোতিষপুৰ আৰু পিছলৈ অসম নামেৰে জনাজাত এই ঐতিহাসিক ভূখণ্ডত বড়োসকলৰ কেইবাশ বছৰীয়া সাংস্কৃতিক ইতিহাস ঠাহ খাই আছে। এই মহান বড়োভূমিতে অহা ১৭ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রথমখন বড়ো শান্তি চুক্তি ১৯৯৩ চনত আৰু দ্বিতীয়খন বড়ো চুক্তি ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল। ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত তৃতীয়খন শান্তি চুক্তিয়ে এই অঞ্চলটোলৈ শান্তিৰ নতুন গংগা নমাই আনিবলৈ সক্ষম হৈছে। আজি বড়ো ভাষা, সংস্কৃতিৰ নতুন দিনৰ যাত্ৰা আৰম্ভ হৈছে। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰত চৰকাৰে শেহতীয়াকৈ পদ্মশ্রী সন্মানেৰে সন্মানিত কৰা বিশিষ্ট শিক্ষাবিদ অনিল বড়োক অভিনন্দন জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিগত তিনি বছৰত বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে হাতত হাত ধৰি এটাৰ পাছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। পথ যোগাযোগ, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি প্রদান, এন ডি এফ বিৰ প্ৰাক্তন কেডাৰৰ পুনৰ সংস্থাপনকে ধৰি বিভিন্ন ক্ষেত্ৰত বড়োভূমিৰ উন্নয়নৰ বাবে কাম কৰা হৈছে। বড়োলেণ্ডৰ বাহিৰৰ বড়ো লোকসকলৰ বাবে বড়ো-কছাৰী বেলফেয়াৰ কাউঞ্চিল গঠন কৰা হৈছে আৰু বড়ো চুক্তি অনুসৰি ৪,২০৩জন এন ডি এফ বিৰ প্ৰাক্তন কেডাৰক পুনৰ সংস্থাপন দিয়া হৈছে। ৬৩২গৰাকী শ্বহীদৰ নিকটাত্মীয়ক আর্থিক সাহায্য দিয়াৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিটিআৰপ্ৰধান প্রমোদ বড়োৰ নেতৃত্বত ‘বড়োলেও হেপীনেছ মিছন’ৰ জৰিয়তে বড়োভূমিত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত শান্তি-সমন্বয়ৰ বাবে বিভিন্ন কাম কৰা হৈছে। অঞ্চলটোত বাস কৰা ২৬টা জনগোষ্ঠীৰ বাবে ‘বিটিআৰ কমিউনিটী ভিজন ডকুমেন্ট’ প্ৰস্তুত কৰি জনগোষ্ঠীসমূহৰ সমস্যাৰাজি নিৰসনৰ বাবে বিটিআৰপ্ৰধান প্রমোদ বড়োবে লোৱা পদক্ষেপে অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ নতুন বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাৰ ভিতৰতে বিটিআৰৰ দহখন মহাবিদ্যালয়ৰ ২৫৯গৰাকী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰিও প্রাদেশিকীকৰণ কৰা হৈছে। বড়োলেণ্ডৰ যিসমূহ বিদ্যালয়, মহাবিদ্যালয় ২০০৬ চনৰ আশে-পাশে স্থাপিত হৈছিল সেই শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ কৰাৰ বাবে সমাগত বিধানসভা অধিৱেশনতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আগন্তুক বর্ষত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি জনসাধাৰণৰ সেৱাত উৎসৰ্গা কৰা হ’ব। কোকৰাঝাৰৰ ছাই স্টেডিয়ামখন আগন্তুক কেইটামান দিনৰ ভিতৰতে ১২৫ কোটি টকা ব্যয় কৰি অত্যাধুনিকভাৱে নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই সময়ছোৱাতে বিটিআৰত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ, কোকৰাঝাৰ লিটফেষ্ট, চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপ, ইণ্ডিয়ান ছুপাৰ প্রিমিয়াৰ লীগৰ মেচ, ডুৰাণ্ড কাপ, সন্তোষ ট্রফী আৰু মহিলা আই লীগৰ মেচ আয়োজনে ক্রীড়াৰ মানচিত্রত অঞ্চলটোক উল্লেখনীয়ভাবে উপস্থাপন কৰিছে। অঞ্চলটোলৈ অহা এনে বিকাশ আৰু প্ৰগতিৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিটিআৰ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে বিটিআৰ পাৰিষদীয় চৰকাৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰেও অঞ্চলটোৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্রহণ আৰু ৰূপায়ণ কৰি আহিছে। অঞ্চলটোৰ পথ যোগাযোগ উন্নয়নৰ বাবে প্রায় এহাজাৰ কোটি টকা ৰাজ্য চৰকৰে ব্যয় কৰিছে। বিটিআৰৰ পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে বৃহৎ প্রকল্প গ্ৰহণ কৰি ৰাজ্য চৰকাৰে অঞ্চলটোলৈ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। এতিয়া বৃহত্তৰ অঞ্চলটোত দুখনকৈ বিশ্ববিদ্যালয় স্থাপন হোৱাৰ উপৰি ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা চৌহদ স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে। তেনেদৰে কোকৰাঝাৰ আৰু তামুলপুৰত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে অঞ্চলটোৰ বাট-পথ অধিক উন্নত কৰাৰ পৰিকল্পনাৰে পুনৰ ৪০০ কোটি টকা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে। বিটিআৰৰ মুঠ ৬ হাজাৰ কিলোমিটাৰ বাট-পথৰ ২ হাজাৰ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু অৱশিষ্ট ৪ হাজাৰ কিলোমিটাৰ পথৰ নিৰ্মাণৰ কাম পর্যায়ক্রমে গ্রহণ কৰা হ’ব। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে চিৰাঙৰ সমীপত ভুটানৰ গেলেফুত ভূটান চৰকাৰে ‘গেলেফু মাইণ্ডফুলনেছ চিটা’ নামেৰে এখন বৃহৎ মহানগৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিছে। এই মহানগৰখন নির্মাণ হোৱাৰ লগে লগে চিৰাঙৰ সমগ্ৰ পৰিৱেশলৈ পৰিৱৰ্তন আহিব। এই মহানগৰখনৰ জৰিয়তে অসমেও যাতে উপকৃত হ’ব পাৰে সেই উদ্দেশ্যে গুৱাহাটীৰ পৰা চিৰাং হৈ গেলেফুলৈ এটা নতুন ৰে’লপথ নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়াৰ ফলত চিৰাং আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৰে’লযোগে মাত্র দুই ঘণ্টাহে হ’বগৈ। আগন্তুক ‘এডভান্টেজ আছাম ২.০’ৰ সময়ছোৱাতে কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে এই নতুন ৰে’লপথছোৱাৰ সবিশেষ সদৰী কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে। বড়ো শান্তি চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে চুক্তিখন সম্পূর্ণভাবে ৰূপায়ণ কৰাৰ উদ্দ্যেশ্যে ইতিমধ্যে সংবিধানৰ ১২৫সংখ্যক সংশোধনীৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে। বিগত পাঁচ বছৰত বিটিআৰ শান্তি চুক্তিৰ পিছত অঞ্চলটোত পৰিৱৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। অঞ্চলটোত এতিয়া পূৰ্বৰ সেই হিংসাজৰ্জৰ পৰিৱেশৰ অৱসান ঘটিছে। ইয়াৰ পৰিৱৰ্তে এতিয়া অঞ্চলটোত বাট- পথ নির্মাণ, শিক্ষানুষ্ঠান স্থাপন আদিৰ কথাহে আলোচিত হয়। বন্দুকৰ পৰিৱৰ্তে অঞ্চলটোত এতিয়া জ্ঞান আৰু প্রজ্ঞাৰ আন্দোলন হৈছে। মুখ্যমন্ত্রী হিচাপে বিগত চাৰে তিনিবছৰীয়া কাৰ্যকালত কেইবাবাৰো বিটিআৰ ভ্ৰমণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিগত ৭৫ বছৰত ৰাজ্যৰ আন মুখ্যমন্ত্রীসকলে সর্বমুঠ যিমানবাৰ এই অঞ্চলটো ভ্রমণ কৰিছে তাতকৈ বিগত চাৰে তিনি বছৰত তেওঁ সৰ্বাধিক বাৰ অঞ্চলটো ভ্রমণ কৰাৰ সৌভাগ্য হৈছে। এনে প্রতিটো ভ্রমণতে তেওঁ জনসাধাৰণৰ মাজত সম্ভাব-সম্প্রীতি আৰু এখন নতুন বিটিআৰৰ সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সংকল্প লক্ষ্য কৰিছে। অসম চৰকাৰৰ এজেণ্ডাসমূহৰ ভিতৰত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলৰ উন্নয়ন এক মুখ্য বিষয় হৈ পৰিছে। মুখ্যমন্ত্রী ড° শর্মাই বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদর্শেৰে বিটিআৰক প্ৰগতি আৰু বিকাশৰ এখন স্বৰ্গলৈ ৰূপান্তৰ কৰাৰ বাবে প্রতিটো ক্ষণ আৰু প্ৰতিটো পল বিটিআৰবাসীৰ লগত একেলগে কাম কৰাৰ প্রতিশ্রুতিও ভাষণত উল্লেখ কৰে। এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্রী ড° শর্মাই বড়োফা উপেন্দ্রনাথ ব্রহ্মলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাই বড়োলেও আন্দোলনৰ শ্বহীদসকলৰ পৰিয়াললৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে বড়োলেণ্ড আন্দোলনত প্ৰভাৱিত সদস্যৰ পৰিয়াললৈ চেকযোগে ধনৰাশিও আগবঢ়ায়। তদুপৰি বিটিআৰৰ একাংশ বিশিষ্ট শিল্পীলৈও সাংস্কৃতিক বঁটা প্ৰদান কৰে। আনহাতে, ‘এডুকেটিং বড়োলেণ্ড শীর্ষক এখন প্রতিবেদন আৰু বিটিআৰ পাৰিষদীয় চৰকাৰৰ চাৰিবছৰীয়া কাৰ্যকালৰ সাফল্যসম্বলিত এখন পুস্তিকাও উন্মোচন কৰে। আজিৰ এই অনুষ্ঠানত মন্ত্রী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, ৰণগৌৰা নাৰ্জাৰী, উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য, পাৰিষদ আৰু অন্যান্য গণ্য- মান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে, বিটিআৰৰ বিকাশ আৰু উন্নয়নত এক নতুন মাত্রা সংযোজনেৰে মুখ্যমন্ত্রী ড° শর্মাই আজি কোকৰাঝাৰত বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদীয় সদস্য- সদস্যাৰ নৱনিৰ্মিত আৱাসৰ শুভ উদ্বোধন কৰে। প্ৰায় ১০০ কোটি টকাৰ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰে কোকৰাঝাৰৰ বাউখুংগ্রিত এই আৱাস নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানত মন্ত্রী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কার্য বাহী সদস্য প্রমোদ বড়ো, কার্য বাহী সদস্যসকল, পাৰিষদসকল আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই কোকৰাঝাৰত উচ্চ শিক্ষাৰ পৰিৱেশ শক্তিশালীকৰণৰ দিশত এক দৃঢ় পদক্ষেপ হিচাপে কোকৰাঝাৰৰ হৰিনৌগৰীত নিৰ্মাণ কৰিবলগীয়া কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ প্রশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। উল্লেখ্য যে প্রায় ৮০ বিঘা ভূমিৰ চৌহদটো নতুন যুগৰ পাঠ্যক্ৰম যেনে- এ আই, মেচিন লার্নিং, ৰ’বটিক্স আদিৰে উৎকৃষ্টতাৰ শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক মাষ্টাৰ প্লেনেৰে বিস্তৃতভাৱে ডিজাইন কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয় নামেৰে ১৯৫৯ চনত প্রতিষ্ঠিত আৰু পিছলৈ কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়লৈ পৰিৱৰ্তন হৈ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা এই শৈক্ষিক প্রতিষ্ঠানখনে বিগত কেইবাদশক ধৰি সমগ্র বিটিআৰৰ শিক্ষা ক্ষেত্রত যোগাত্মক প্রভাৱ পেলাই আহিছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে বিটিআৰত উচ্চ শিক্ষাৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে যথোচিত পদক্ষেপ গ্রহণ কৰিছে। চলিত বৰ্ষৰ এপ্রিল মাহৰ ভিতৰত বিশ্ববিদ্যালয়খনৰ বাবে এজন পূর্ণকালীন উপাচার্য নিযুক্তি দিয়া হ’ব। বিটিআৰৰ জনসাধাৰণৰ মৰ্যাদা বৃদ্ধি আৰু উপযুক্ত শিক্ষাৰে উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ সা-সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ প্রতিশ্রুতিবদ্ধ। বিটিআৰৰ শৈক্ষিক বিকাশে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্রতী হ’বলৈ বিদ্যার্থী সমাজক উদ্বুদ্ধ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়ে ৰাজ্যখনৰ উন্নয়নতো এক ইতিবাচক প্রভাৱ পেলাব। মুখ্যমন্ত্রী ড° শর্মাই বিশ্ববিদ্যালয়খনৰ উন্নয়নৰ বাবে ৫০ কোটি টকা প্রদানৰ কথা ঘোষণা কৰে। আজিৰ এই অনুষ্ঠানত মন্ত্রী ইউ জি ব্ৰহ্ম, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, উপ-মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, কাৰ্যবাহী সদস্য, পাৰিষদ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কোকৰাঝাৰত বাথৌ পূজা উপলক্ষে আয়োজিত এক আধ্যাত্মিক অনুষ্ঠানতো অংশগ্রহণ কৰে। এই পূজা পালনে বিটিআৰৰ জনসাধাৰণৰ মাজত শান্তি, প্রগতি আৰু মংগলময় পৰিৱেশ অধিক সুদৃঢ় কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্রকাশ কৰে। বাথৌ পূজা উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।