বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  জনতা ভৱনত বি টি আৰৰ বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে বি টি আৰ প্ৰশাসন, সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি আৰু অসম চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই মিলিত হয়৷উক্ত বৈঠকত ২০২০ বৰ্ষত অসম চৰকাৰ আৰু বড়ো গ্ৰুপৰ সৈতে হোৱা এম অ’ এছ অনুসৰি ৰূপায়ণ কৰি থকা বিভিন্ন দিশ সম্পৰ্কে বুজ লৈ মুখ্যমন্ত্ৰীয়ে বি টি আৰত নতুন গাঁও অন্তৰ্ভুক্তি, প্ৰাক্তন উগ্ৰপন্থীসকলৰ পুনৰ সংস্থাপন, ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলক এছ টি হিলছ হিচাপে সংৰক্ষণ, বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ তথা সুকীয়া সঞ্চালকাল়য়কে ধৰি এম অ’ এছত উল্লেখিত বিভিন্ন কামৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে৷ এম অ’ এছত উল্লেখিত বিশেষ উন্নয়নমূলক প্ৰকল্পৰ অধীনৰ সকলো প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগক নিৰ্দেশনা প্ৰদান কৰে৷তদুপৰি মুখ্যমন্ত্ৰীয়ে বৈঠকত বি টি আৰলৈ অথবা বি টি আৰৰ পৰা অন্য প্ৰান্তলৈ বিভিন্ন বিষয়া-কৰ্মচাৰী বদলি, অনুমোদন থকা খালী পদ পূৰণ, নতুন পদৰ সৃষ্টি আদি বিভিন্ন বিষয় সম্পৰ্কেও বিতং আলোচনা কৰাৰ লগতে যোৱা ২৯ ফেব্ৰুৱাৰীত কোকৰাঝাৰত কৰা ঘোষণা অনুসৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণ, ৰৌমাৰীস্থিত জ্যোতি আশ্ৰম, ব্ৰহ্ম ধৰ্মৰ যজ্ঞশালা নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াবলগীয়া প্ৰয়োজনীয় পুঁজিৰ অনুমোদন জনায়।