বড়োলেণ্ড এফচিক পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ছেমিত নর্থ-ইষ্ট ইউনাইটেড
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলৰ ছেমিফাইনেলত প্রৱেশ ডিফেণ্ডিং চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেডৰ। কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰত নর্থ-ইষ্ট ইউনাইটেড ৪-০ গ’লত বড়োলেণ্ড এফচিক পৰাস্ত কৰে। ছেমিত নর্থ-ইষ্ট ইউনাইটেড শ্বিলং লাজং এফচিৰ মুখামুখি হ’ব। ইফালে, অসমৰ প্ৰথম ক্লাবৰূপে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰে ইতিহাস গড়া বড়োলেও এফচিৰ গৌৰৱময় যাত্ৰা অন্ত পৰিল। খেলৰ প্ৰথমার্ধ্ব সম্পূৰ্ণৰূপে নর্থ-ইষ্ট ইউনাইটেডৰ নিয়ন্ত্ৰণতে থাকে। ২৯ মিনিটত আলাদিন আজাৰায়ে দলৰ হৈ প্ৰথমটো গ’ল কৰে। খেলৰ ৫৩ মিনিটত এণ্ডিয়ে ব্যৱধান ২-০ কৰাৰ পাছত আজাৰায়ে ৬১ মিনিটত দ্বিতীয়টো গ’ল কৰে। ইফালে অসম সন্তান পাৰ্থিৱ গগৈয়ে ইনজুৰী টাইমত নর্থ-ইষ্ট ইউনাইটেডৰ হৈ চতুৰ্থটো গ’ল কৰে।