বটবৃক্ষ — প্ৰস্তুতি শৰ্মা , গোলাঘাট

বটবৃক্ষ ।

আজি ৬ আগষ্ট মিঠুৰ জন্মদিন । পুৱাৰে পৰা তাৰ মনটো ভাল লাগি আছে , ক’ৰণাৰ বাবে জন্মদিনটো পালন কৰিব নোৱাৰে যদিও অনুষ্টুপিয়াকৈ পালন কৰিব ওচৰৰে তাৰ লগৰ দুটামানক নিমন্ত্ৰণ কৰিলে । পুৱাতে মাকে তাক এখন কিতাপ উপহাৰ দিলে সি বৰ আনন্দ পালে । আইতাকে তাৰ হৈ গোসাঁইঘৰত শৰাই এখন দিলে । আবেলি ওচৰৰে তাৰ বন্ধু ৰিকু , মিকু , চুমি , দিচা , বাবলুহত আহিল । মাকে নিজ হাতেৰে বনোৱা কেক এটা কাটিলে তাৰ লগৰবোৰে তাক উপহাৰ দিলে । পিছে মিঠুৱে মিকুৰ উপহাৰটো পায় সুখি নহ’ল কাৰণ মিঠুৱে তাক এটা ডালিমৰ পুলি দিলে । সি ভাৱিলে এইটো উপহাৰ সি কি কৰিব । এনেতে আইতাকে মিঠুৰ লগৰ কেইটাৰ লগত কথা পাতিবলৈ সোমাই আহিল । আহিয়েই দেখিলে মিঠুৱে মন মাৰি আছে । তাক সুধিলত সি ক’লে –“চোৱা আইতা মিকুৱে মোক এই সামান্য গছপুলিটো দিছে ।” এইবাৰ আইতাই ক্ষন্তেক মনে মনে চাই ক’লে –“মিঠু(মোৰ সোনটো) তেনেকে ভাৱিব নাপায় নহয় । আজি তোমাক মিকুৱে যিটো পুলি উপহাৰ দিলে , সেই পুলিটো তুমি ৰুবা আৰু সদায় পানী দিবা । যেতিয়া পুলিটো ডাঙৰ হ’ব এদিন ই তোমাক ফল দিব আৰু ছাঁ দিব আৰু কি দিব জানা এজাক বিশুদ্ধ বতাহ । এইবাৰ আইতাকে সকলোৰে ফালে চাই ক’লে তোমালোকে বাৰু গছ-গছনিৰ বিষয়ে পঢ়িছানে ? তেতিয়া মিকুৱে ক’লে হয় আমি সকলোৱে গছৰ বিষয়ে কিতাপত পঢ়িছোঁ । কিন্তু ইমান ভালকৈ নাজানো , কিন্তু আজি মোৰ মায়ে এই পুলিটো দিব কোৱাতহে দিছিলোঁ । মিঠু মোক বেয়া নাপাবা । মিকুৰ কথা শুনি আইতাকে ক’লে তোমালোকে গছৰ বিষয়ে ভালকৈ নাজানা বাবে এই কথা বোৰ মনত লৈ আছা । এনেতে মিঠুৰ মাকে সিহতক প্ৰসাদ , পায়স , কেক খাবলৈ দিলে । খাই বৈ হʼলত সিহতে আইতাকৰ কথা শুনাত লাগিল । আইতাকে কৈ গ’ল গছ গছনি আমাৰ অতিকে প্ৰয়োজন । গছ গছনি নহ’লে আমি জীয়াই থাকিব নোৱাৰো কাৰণ কিয় জানানে ? তোমালোকে হয়তো জানা যে গছে আমাক অক্সিজেন দিয়ে আৰু আমি গছক দিও কাৰ্বন ডাই অক্সাইড । এই অক্সিজেন আমি উশাহত লও । ইয়াৰ উপৰিও গছে আমাক ফুল , ফল , বিশুদ্ধ বতাহ , কাঠ , বাঁহ , খৰি ইত্যাদি দিয়ে । আজিকালি পিছে গছ গছনিবোৰ কমি আহিছে । তোমালোকে কিয় জানানে ? চুমিয়ে কলে নাজানো আইতা । তেতিয়া আইতাই ক’লে , বৰ্তমান সময়ত দ্ৰুত গতিত জনসংখ্যা বাঢ়িছে ফলত মানুহে গছ গছনি কাটি ঘৰ সাজিছে আৰু আৰু আনফালে চাৰিলেন যুক্ত ৰাস্তা নিৰ্মাণৰ বাবে বিভিন্ন গছ গছনি কটাৰ ফলত অৰণ্য বোৰ ধ্বংস প্ৰাপ্ত হৈছে । এনেকে হ’বলৈ হ’লে আমাৰ পৃথিৱী খন বাচি থকাত অসুবিধা হ’ব । সেয়েহে আমি গছপুলি ৰুব লাগিব , তোমালোকে যেতিয়াই পাৰা এটি পুলি ৰুবা , এতিয়া তোমালোক বহুত সৰু হৈ আছা যেতিয়া ডাঙৰ হবা গছৰ বিষয়ে অধিক পঢ়িব পাবা । বাৰু আজি আৰু বিশেষ নকও । মিঠু বʼলা আমি সকলোৱে তোমাক পুলিটো ৰোৱাত সহায় কৰি দিও । এনেকৈয়ে গোটেই কেইটাই পুলিটো ৰোৱাত সহায় কৰি সকলোৱে মাত লগাই ঘৰলৈ যাবলৈ লয় । আৰু মিঠুৱেও তাৰ মাকে দিয়া কিতাপখন মেলি লয় । সুন্দৰ সেউজীয়া পৃথিৱীৰ এক বৰ্ণিল অধ্যায় মিঠুৰ মাকৰ অনুপম সৃষ্টিত প্ৰাণ পাইছে এই কিতাপখনে , কিতাপখনৰ নাম হ’ল — “বটবৃক্ষ” ।

— প্ৰস্তুতি শৰ্মা ।
গোলাঘাট বাণিজ্যি মহাবিদ্যালয়