বটদ্ৰৱা প্ৰকল্প হ’ব অসমীয়াৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখাঃ ৰাজ্যিক বিজেপি
ৰঙিলী বাৰ্ত্তাসেৱা- “অসম তথা অসমীয়াৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে নিৰলসভাৱে কাম কৰি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ মাৰ্গ দৰ্শনত নতুন অসমৰ খনিকৰ ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক এখন সমৃদ্ধিশালী প্ৰদেশ হিচাপে গঢ় দিবলৈ সক্ষম হৈছে৷” এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈৰ৷ আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত মুখপাত্ৰ গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, শেহতীয়া বছৰটোত এডভাণ্টেজ অসম ২.০ সফল আয়োজন, নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প, ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অব গুৱাহাটীৰ অত্যাধুনিক ফেৰী টাৰ্মিনেল, ১০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ১২ লাখ মেট্ৰিকটন উৎপানক্ষম নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট, বিশ্বৰ ভিতৰতে লেখত ল’বলগীয়া নৱ নিৰ্মিত গোপীনাথ বৰদলৈ বিমান বন্দৰৰ দ্বিতীয় টাৰ্মিনেলৰ দৰে মূল্যবান সম্পদ অসমে লাভ কৰিছে৷ বছৰটোৰ অন্তিম ক্ষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰদোৱাৰ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প, গুৱাহাটীত ৫০০০ আসন যুক্ত ‘জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ’, আৰক্ষী আয়ুক্ত কাৰ্যালয় ৰাজ্যবাসীৰ কাৰণে উচৰ্গা কৰে৷ দলৰ মুখপাত্ৰ কল্যাণ গগৈয়ে কয় যে, আমাৰ গুৰুজনাই অসমীয়া জাতিক সকলো অৱদানেৰে সৰ্বাঙ্গ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে৷ গুৰুজনাৰ আদৰ্শ ৰাজ্যক প্ৰতিফলিত কৰি নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্প অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য আৰু স্বাভিমানৰ প্ৰতীক হিচাপে বিবেচিত হৈ ৰ’ব৷ প্ৰকৃতাৰ্থত বটদ্ৰৱা প্ৰকল্প হ’ব অসমীয়াৰ ভৱিষ্যদৰ্শনৰ ৰূপৰেখা৷ আটাইটকৈ ডাঙৰ কথা হ’ল যে বেদখল মুক্ত কৰি ১৬২ বিঘা ভূমিত বটদ্ৰৱা থানৰ সংলগ্ন কৰি আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে৷ ইয়ে আগন্তুক দিনত অসমক লাভাম্বিত কৰিব৷ জাতি-মাটি-ভেঁটি সুৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে৷ আনহাতে অসমত মুকলি কৰা ‘জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ’ দেশৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ৷ অত্যাধুনিক সুবিধাৰে সমৃদ্ধ, ৫০০০ আসন যুক্ত এই প্ৰেক্ষাগৃহই অসমৰ সংস্কৃতিক ক্ষেত্ৰক আৰু এঢাপ আগুৱাই নিলে৷ মহান অসমীয়া আৰু সংস্কৃতিৰ অগ্ৰণী পূজাৰীক্ৰমে জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ নামত প্ৰেক্ষাগৃহটি নামাংকৃত কৰি পুৰোধা ব্যক্তি দুজনক যুগ যুগান্তৰলৈ অমৰ কৰি তুলিলে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত অমিত শ্বাহ ডাঙৰীয়াই অসমৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ তাৰেই অংশ হিচাপে সকলো আধুনিক সা-সুবিধাৰে সমৃদ্ধ এক আতকধুনীয়া গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত কাৰ্যালয় মুকলি কৰিছে৷ উল্লেখযোগ্য যে, অত্যাধুনিক এই কাৰ্যালয় দেশৰ ভিতৰতে এক উন্নত আৰক্ষী কাৰ্যালয় হিচাপে পৰিগণিত হৈছে৷ মন কৰিবলগীয়া যে, বিগত পাঁচ বছৰত অসমৰ অপৰাধী দোষীসাব্যস্তৰ হাৰ ৩ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে অসম আৰক্ষী পূৰ্বৰ তুলনাত মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ গৃহমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অধিক কাৰ্য্যক্ষম হৈছে৷ যাৰ ফলত ৰাজ্যৰ আইন শৃংখলা ব্যৱস্থা পূৰ্বতকৈ আৰু কতকতীয়া হোৱাৰ লগতে অপৰাধীৰ সংখ্যা প্ৰতি লাখত ৩৮৫ পৰা ১২৭ লৈ হ্ৰাস পাইছে৷ বছৰটোৰ অন্তিম ক্ষণত ৰাইজৰ বাবে উৎসৰ্গিত এই প্ৰকল্পসমূহে ৰাজ্যবাসীক উৎফুল্লিত কৰি তুলিছে আৰু তাৰ বাবে ৰাজ্যিক বিজেপিয়ে অসম চৰকাৰলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে৷ মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে, কংগ্ৰেছে দীৰ্ঘদিন ৰাজ্যত শাসন কাৰ্য চলাই কেৱল লুণ্ঠন কৰিলে, অসমৰ ভূমি বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত কৰিলে৷ কিন্তু বিজেপি চৰকাৰে দৃঢ়তাৰে তাৰ সংস্কাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলে৷ কংগ্ৰেছৰ আমোলত অসমৰ বিভিন্ন স্থানত থকা সত্ৰসমূহৰ ভূমি বেদখল কৰা অচিনাকি লোকসকলৰ পৰা মুক্ত কৰা আৰু লগতে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সংলগ্ন কৰি ২২২ কোটি ব্যয় সাপেক্ষে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা ইয়াৰ এটা নিদৰ্শন৷ কংগ্ৰেছে দশক দশক জুৰি ৰাজ্যৰ সমস্যাৰাজি জীয়াই ৰাখিছিল কিন্তু তাৰ বিপৰীতে বিজেপিয়ে দৃঢ়তা আৰু সততাৰে তাৰ ফলপ্ৰসু সমাধানৰ বাবে পদক্ষেপ হাতত লৈছে৷
