বটদ্ৰৱা উন্নয়ন খণ্ডৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানত ব্যাপক অনিয়ম

বটদ্ৰৱা উন্নয়ন খণ্ডৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানত ব্যাপক অনিয়ম

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাওঁ জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তর্গত ১৫ খন পঞ্চায়তত খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰামত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে পঞ্চায়টোৰ একাংশ ৰাইজৰ লগতে বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীয়ে। যি সময়ত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ কোটি কোটি টকা আবন্টন দি অসমৰ খেল জগত আৰু সাংস্কৃতিক জগত চৰকাৰে উন্নত কৰিব বিচাৰিছে, ঠিক তেনে সময়তে একাংশ উন্নয়ন খণ্ডৰ কৰ্মচাৰীৰ দুৰ্নীতি আৰু নিয়মৰ বাবে বিভাগটো প্ৰহসন পৰিণত হৈছে।জানিব পৰা মতে, বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানত কেৱল চলিছে ভেকু-ভাওনা। যোৱা ১১ নৱেম্বৰত টুকটুকী পঞ্চায়ত আৰু কটহগুৰি পঞ্চায়তৰ অন্তর্গত প্ৰায় দুই কুৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক একলগ কৰি আহোম গাঁও খেল পথাৰত অনুষ্ঠিত কৰিছিল খেল মহাৰণ। প্ৰায় পাঁচ কিলোমিটাৰ পথ নিজ খৰচত গৈ ছাত্ৰ ছাত্ৰীয়ে অনাহাৰে পুৱা ৯ বজাত খেল পথাৰত অংশগ্ৰহণ কৰে। গোটেই দিনটো লঘুনে খেলি অনাহাৰে ঘৰমুৱা হয় ছাত্ৰ ছাত্ৰী সকলক।তাত পানীৰ পৰা আৰম্ভ কৰি পেচাব পাইখানা আদি বিভিন্ন সমস্যাত ভুগিছিল ছাত্ৰ ছাত্ৰী সকলে। ইপিনে আজি টুকটুকী পঞ্চায়ত আৰু কটহগুৰি পঞ্চায়তত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানতো একে অৱস্থা।ইয়াৰ উপৰিও কটহগুৰি পঞ্চায়তত জেনেটৰ নোহোৱাকৈ যেনতেন এখন তিৰপাল তৰি আৰম্ভ কৰা অনুষ্ঠানটোত চকীৰ অভাৱত থিয় হৈ অনুষ্ঠান উপভোগ কৰিব লগা হৈছে বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী সকলে। পঞ্চায়টোৰ জনপ্ৰতিনিধি সকলক অন্ধকাৰত ৰাখি উন্নয়ন খণ্ডটোৰ এজন অভিযন্তাক খণ্ড বিষয়াই পৰিচালনাৰ দায়িত্ব দিয়াৰ বাবে এনে অনিয়ম ,দুৰ্নীতিৰ হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে পঞ্চায়ত সমূহৰ একাংশ কৰ্মচাৰী আৰু ৰাইজে।