বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ ঘটনাত লিপ্তসকলক কঠোৰ সকীয়নি প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ 

pc the sentinel assam

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ ঘটনাত লিপ্তসকলক কঠোৰ সকীয়নি প্ৰদান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগৰ ঘটনাত লিপ্তসকলক কঠোৰ সকীয়নি প্ৰদান। নতুন দিল্লীত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ পৰিৱেশ কিমান ভয়ানক আৰু বিপজ্জনক, সেয়া বটদ্ৰৱাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে।অসমৰ পৰিৱেশ কিমান ভয়ানক আৰু বিপজ্জনক, সেয়া বটদ্ৰৱাৰ ঘটনাটোৱে প্ৰমাণ কৰি দিলে। লগতে অসমৰ স্থানীয় নাগৰিকসকলে দৰাচলতে কি পৰিৱেশত বাস কৰি আছে, তাকো নির্মমভাৱে আমাক দেখুৱাই দিছে। সেয়া যি কি নহওক, যিসকল লোক এই ঘটনাত জড়িত, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল’ম৷ মই সকীয়াই দিব বিচাৰোঁ অসমত আমাৰ চৰকাৰ থকালৈকে এনেকুৱা ধৰণৰ কামত লিপ্তক আমি কেতিয়াও ক্ষমা নকৰোঁ আৰু কঠোৰ হাতেৰে দমন কৰিম। বটদ্ৰৱাত থকা বেদখলকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ তথা উচ্ছেদ চলাবলৈ জিলা প্রশাসন আৰু আৰক্ষীক নির্দেশ দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে। এই সন্দৰ্ভত তেওঁ কয় যে বটদ্ৰৱাত বহু মাটি বেদখল হৈ আছে। মই কিমান মাটি বেদখল হৈ আছে, সেয়া চাবলৈ ইতিমধ্যে উপায়ুক্তক কৈছোঁ। যিসকলে অঞ্চলটোত নিৰাপত্তা শান্তিৰ প্ৰতি ভাবুকি আনিছে, সেইসকলৰ বিৰুদ্ধে উচ্ছেদ হওক। এইক্ষেত্ৰত আইনসংগত আন ব্যবস্থাও গ্রহণ কৰিব লাগে।