বটদ্ৰৱাৰ টুকটুকীত এ. আই. ইউ. ডি. এফৰ সাধাৰণ সভা

বটদ্ৰৱাৰ টুকটুকীত এ. আই. ইউ. ডি. এফৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ ৮৪ নং বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত টুকটুকীত এ.আই. ইউ.ডি. এফৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই আই ইউ ডি এফৰ বটদ্ৰৱা সমষ্টি কমিটীৰ সভাপতি আবুল কাচেমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত এ আই ইউ ডি এফৰ ভাতৃ সংগঠন ছাত্ৰ মৰ্চাৰ সাধাৰণ সম্পাদক ৰাবুল আলম, সমষ্টি কমিটীৰ কাৰ্যকৰী সভাপতি মৌলানা মোজাম্মেল হুছেইন আৰু টুকটুকী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হকে এ আই ইউ ডি এফ দলৰ লক্ষ্য আৰু উদ্দেশ্য,এন আৰ চি, বটদ্ৰৱাৰ উচ্ছেদৰ লগতে সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰে। সমষ্টি কমিটীৰ সম্পাদক ফৈজুল হকে আত দৰা আজিৰ এই সভাখনত টুকটুকী গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ কংগ্ৰেছী সদস্য ছফিকুল ইছলাম,৭নং ৱাৰ্ডৰ সদস্য জাকিৰ হুছেইন,৬নং ৱাৰ্ডৰ সদস্য আবুল কালামকে আদি কৰি কেইবাজনো কংগ্ৰেছী সক্ৰিয় সদস্য আনুষ্ঠানিক ভাৱে কংগ্ৰেছ দল ত্যাগ কৰি এ‌ আই ইউ ডি এফ দলত যোগদান কৰে। এই সাধাৰণ সভাখনতেই এ আই ইউ ডি এফৰ টুকটুকী আঞ্চলিক সমিতিখন পুনৰ গঠন কৰা হয়।