বটদ্ৰৱাৰ আমলখিত মহৰম উৎসৱ পালন

বটদ্ৰৱাৰ আমলখিত মহৰম উৎসৱ পালন

টুকটুকী, আদিলুৰ ৰহমান,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে নগাওঁ জিলাৰ আমলখিতো মহৰম উৎসৱ পালন কৰা হয়। জানিব পৰা মতে,- মহৰম একেশ্বৰবাদী মুছলমান লোকসকলৰ এটি পৱিত্ৰ পৰ্ব ,যিটো মহৰৰম ইছলামিক বৰ্ষপঞ্জিৰ প্ৰথম মাহত পালন কৰা হয়। ই যদিও ছিয়া মুছলমানসকলৰহে পৱিত্ৰ পৰ্ব তথাপিও ইয়াৰ অন্তৰ্নিহিতভাব আৰু অনুভূতিয়ে ইয়াক মুছলমানসকলৰ সৰ্বজনীন পৰ্বত পৰিণত কৰিছে। মহৰম জীৱনদান আৰু আত্মত্যাগৰ এক মহান স্মৃতিপৰ্ব। মুছলমানসকলৰ তীব্ৰ বেদনাৰ স্মৃতি-বিজড়িত মহৰম মাহ অতি পৱিত্ৰ মাহ। এই মাহতেই মহাপুৰুষ হজৰত মহম্মদৰ আবিৰ্ভাৱ হৈছিল। মুছলমানসকলৰ বিশ্বাস যে এই মাহতে সৃষ্টিকৰ্তাই পৃথিৱী সৃষ্টি কৰিছিল। ধৰ্ম্ম প্ৰাণ হুছেনেও এই মাহতেই কাৰাবালা মৰুপ্ৰান্তত অতিশয় কৰুণভাৱে সপৰিয়ালে শ্বহীদ হৈছিল। বছৰৰো আদি মাহ মহৰম।আমলখিতো দহ দিনীয়া কাৰ্য্যসূচীৰে শ্বহীদ কাৰবালাৰ মাত্তম জাৰীৰ অনুষ্ঠান পালন কৰা হয় বুলি আমলখি মহৰম উৎসৱ কমিটিৰ সভাপতি উমৰ আলী আৰু সম্পাদক নুৰুল ইছলামে আজি সাংবাদিকক জানিবলৈ দিয়ে।