বজাৰত জুইঃ আলু-পিঁয়াজসহ শাক-পাচলিৰ ২৯.৩২,দাইলৰ১৬.০৭, চাউল-ঘেঁহুৰ ৮.৭৫ শতাংশ দাম বাঢ়িল

বজাৰত জুইঃ আলু-পিঁয়াজসহ শাক-পাচলিৰ ২৯.৩২,দাইলৰ১৬.০৭, চাউল-ঘেঁহুৰ ৮.৭৫ শতাংশ দাম বাঢ়িল

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রাকৃতিক দুৰ্যোগৰ ফলত খাদ্য সামগ্রী, শাক-পাচলিৰ উৎপাদন হ্রাস পোৱাত আকাশলংঘী হাৰত নিতৌ ঊর্ধ্বমুখী হৈ আছে দাম বৃদ্ধিৰ গ্রাফ। সৰ্বসাধাৰণ জনতাৰ মূৰত পৰা দাম বৃদ্ধিৰ মাধমাৰৰ বাস্তৱ ছবিখন স্পষ্ট হ’ল কেন্দ্ৰীয় চৰকাৰৰ তথ্যতে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা জুন মাহত দেশৰ খুচুৰা মুদ্রাস্ফীতিৰ হাৰ হৈছে ৫.০৮ শতাংশ। অর্থাৎ খুচুৰা বজাৰত সামগ্রিক দাম ৫.০৮ শতাংশলৈ বৃদ্ধি হৈছে। যিটো বিগত ৫ মাহৰ ভিতৰত সৰ্বাধিক। লক্ষণীয়ভাবে যোৱা মে’ মাহত এই হাৰ আছিল ৪.৭৫ শতাংশ। কিন্তু এটা মাহৰ ব্যৱধানতে খুচুৰা মুদ্রাস্ফীতি তথা খুচুৰা বজাৰত সামগ্রিক দাম ৫.০৮ শতাংশ বৃদ্ধি হোৱাৰ লগে লগে খাটিখোৱা সৰ্বসাধাৰণ জনতাৰ অৱস্থা কি হ’ব পাৰে, সেয়া সহজে অনুমেয়। যোৱা জুন মাহত কেৱল খাদ্যৰ মুদ্রাস্ফীতিয়েই মে’ৰ ৮.৬৯ শতাংশৰ পৰা ৯.৫৫ শতাংশলৈ বৃদ্ধি হৈছে। এক কথাত ক’বলৈ গ’লে যোৱা মাহত সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত উদ্বেগ সৃষ্টি কৰি খাদ্য সামগ্ৰীৰ দাম বাঢ়িছে ৯.৫৫ শতাংশলৈ। এই হাৰ বিগত বৰ্ষৰ জুন মাহত আছিল মাত্র ৪.৫৫ শতাংশহে। প্রধানতঃ আলু, পিঁয়াজ, বিলাহী, চাউল, ঘেঁহু, দাইল আদিৰ দৰে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ ঊর্ধ্বমুখী দামৰ বাবেই খুচুৰা বজাৰত সামগ্রিক দাম বৃদ্ধি পাই গৈ আছে। মে’ মাহত আলু, পিঁয়াজ আৰু বিলাহীকে ধৰি শাক-পাচলি দাম বৃদ্ধিৰ হাৰ আছিল ২৭.৩৩ শতাংশ। পিছে এটা মাহৰ ব্যৱধানতে এই হাৰ জুনত ২৯.৩২ শতাংশলৈ বাঢ়িছে। সেইদৰে, জুন মাহত দাইলৰ দাম ১৬.০৭ শতাংশ, চাউল, ঘেঁহৰ ৮.৭৫ শতাংশ আৰু কাপোৰ-জোতা-চেণ্ডেলৰ ২.৭৩ শতাংশপর্যন্ত বৃদ্ধি হৈছে। লক্ষণীয়ভাবে, খুচুৰা মুদ্রাস্ফীতি তথা দাম বৃদ্ধিৰ এই হাৰ নগৰাঞ্চলতকৈ গ্রামাঞ্চলত অধিক। যোৱা মে’ মাহৰ ৫.৩৪ শতাংশৰ বিপৰীতে জুন মাহত গ্রামাঞ্চলত খুচুৰা দাম বৃদ্ধিৰ হাৰ হৈছেগৈ ৫.৬৭ শতাংশ। নগৰাঞ্চলত মে’ মাহৰ ৪.২১ শতাংশৰ বিপৰীতে জুন মাহত এই হাৰ হ’ল ৪.৩৯ শতাংশ। খুচুৰা বজাৰত প্ৰধানতঃ আলু-পিঁয়াজৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণক জলাকলা খুৱাইছে। কিয়নো, সর্বসাধাৰণে পাকঘৰত ব্যৱহাৰ কৰা মূল পাচলি দুবিধেই হ’ল আলু আৰু পিঁয়াজ। বজাৰত দাম বৃদ্ধিৰ জুইৰ দহনে সাধাৰণ ৰোজগাৰৰ মানুহক যে একপ্ৰকাৰ পিষ্ট কৰি পেলাইছে, সেই কথাই কাৰ্যতঃ পুনৰ প্রতীয়মান কৰিলে কেন্দ্ৰীয় পৰিসংখ্যা-কর্মসূচী ৰূপায়ণ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় পৰিসংখ্যা কার্যালয়ে প্রকাশ কৰা এই তথ্যই। মুদ্রাস্ফীতি তথা দাম বৃদ্ধিয়ে দেশৰ অর্থনীতিতো বিৰূপ প্রভাৱ পেলোৱাটো নিশ্চিত বুলি ক’ব পাৰি। কিয়নো, দাম বৃদ্ধিৰ ঊর্ধ্বমুখী হাৰৰ ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে সুদৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত একাংশ অর্থনীতিবিদে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা প্ৰতিক্রিয়া এনেধৰণৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি আটাইতকৈ বেছি চিন্তাৰ কাৰক। তাপপ্ৰৱাহৰ ফলত খেতিপথাৰ বিনষ্ট হোৱাত বজাৰত যোগান হ্রাস পাইছে। তাৰ পৰিণতিতে দাম বৃদ্ধি। দাম বৃদ্ধিৰ হাৰ হ্ৰাস কৰিব নোৱাৰিলে কোনেও স্বস্তি নাপাব। সামগ্রিকভাবে বর্তমান যি পৰিস্থিতিৰ উদ্ভৱ হৈছে তাৰ পৰাই অনুমান কৰিব পাৰি যে ভাৰতীয় ৰিজার্ভ বেংকে সুদৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত হয়তো আৰু কিছু সময় ল’ব। উল্লেখ্য যে চলিত বৰ্ষত হোৱা অভাৱনীয় তাপপ্ৰৱাহৰ বিৰূপ প্ৰভাৱৰ পৰিণতিত বজাৰত খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ পূৰ্বে আশংকা কৰা হৈছিল। বাস্তৱত সেইটোৱেই হোৱাত এতিয়া জনসাধাৰণে প্রমাদ গণিবলগীয়া হৈছে। চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই এনেদৰে বজাৰৰ দাম বৃদ্ধিৰ জুইকুৰা নিৰ্বাপণ কৰি কেনেদৰে জনসাধাৰণক সকাহ দিব, সেয়া লক্ষণীয় হ’ব। ইফালে, বজাৰৰ দাম বৃদ্ধিৰ মাধমাৰৰ মাজতে কিছু স্বস্তিৰ কাৰণ হৈছে দেশৰ ঔদ্যোগিক উৎপাদন। এই সম্পর্কীয় কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা মে’ মাহত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ হৈছে ৫.৯ শতাংশ। যিটো সাত মাহৰ ভিতৰত সর্বোচ্চ। মূলতঃ বিদ্যুৎ আৰু খনন ক্ষেত্ৰত উৎপাদন বৃদ্ধিয়েই ইয়াৰ কাৰণ।