বজাৰত কবি চক্ৰেটিছ
হেমন্ত কুমাৰ শইকীয়া
বহুদিনৰ মূৰত আজি বৰষুণজাক এৰিছে,
ডাৱৰৰ ফাঁকেৰে বাগৰি পৰিছে ৰ’দ|
কবি চক্ৰেটিছ বাৰান্দাত বহি আছে
হাতত সেই পুৰণি ডায়েৰিখন|
ডায়েৰিখনৰ তাৰিখবোৰ কেতিয়াবাই পাৰ হ’ল,
কিছু লিখিত আৰু কিছু অলিখিত অতীত…
অতীতৰ উকা পাতবোৰত কবিয়ে সদায় প্ৰয়াস কৰে লিখিব’লৈ
সেই সপোন যি কোনো দিন নফলিয়ালে
আৰু সেই কবিতা যি কোনো দিন শেষ নহ’ল|
লাহে লাহে ম্লান হৈ আহিছে বেলিটোৰ শক্তি|
খেলি ভাগৰি এজাক ল’ৰা ছোৱালী
পালৰ গৰু পদুলিৰ হাই উৰুমি|
কলমৰ মূৰটো কামুৰি পাগুলি আছে
কবিয়ে কবিতাৰ এটি পংক্তি|
ভাল লগা শব্দৰ হাঁহি ধেমালি…
সেই সময়তে ভিতৰৰ পৰা খেদি আহিলে,
জান্তিপৰ পৰিচিত বাক্য,
“এনেকেই বহি থাকিলে আজিও লঘোন…”
হঠাতে এজাক কলীয়া ডাৱৰে আৱৰিলে কবিৰ মন
আপদীয়া বৰষুণজাকত উটি গ’ল কবিৰ ভাল লগা শব্দবোৰ|
হাতত মোনা লৈ কবি চক্ৰেটিছ ওলাই গ’ল|
বজাৰলে যোৱা বাটেৰে,
যি বাটেৰে নিতৌ বহুজনৰ আহ যা
যি বাটৰ ক’তো শেষ নাই…
কবিৰ মুখৰ পৰা সদায় উলোৱাৰ দৰে
উলাই আহিল এটা হুমুনিয়াহ,
“আজিও শেষ নহ’লে কবিতাটো”
পিচে কবি গৈ থাকিল আৰু গৈ থাকিল|
বজাৰ পাই কবি ৰ’ল জগুৰ দোকানৰ সন্মুখত
আৰু মনত পেলাই গ’ল জান্তিপে আনিব কোৱা বস্তুবোৰৰ নাম|
দোকানৰ ভিতৰৰ পৰা উৰি আহি
কবিৰ হাতত পৰিল
কেইখনমান বগা কাগজ|
ভাল লগা শব্দবোৰে নাচিব ধৰিলে তাত…
আকৌ কবিক খেদি আহিলে
জান্তিপৰ পৰিচিত বাক্য,
“এনেকে ভাবি থাকিলে কিন্তু আজিও লঘোন…”
আপদীয়া বতাহ এজাকে সদায় উৰুৱাই নিয়ে
কবিৰ ভাল লগা শব্দবোৰ|
এটি হুমুনিয়াহ উলাই আহিল কবিৰ মুখৰ পৰা,
“আজিও লিখা নহ’ব আধৰুৱা কবিতাটো”