বজালী-সৰ্থেবাৰীত বিজয় সংকল্প সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব এই ভোটযুদ্ধৰ বাবে ইতিমধ্যে শাসক বিৰোধী উভয়ে ৰাইজৰ সমৰ্থন আদায়ৰ বাবে নিজা নিজা ৰণনীতি প্ৰস্তুত কৰি নির্বাচনী যুঁজত নামি পৰিছে। ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বৰপেটা আৰু বজালী বিধানসভা সমষ্টিত দুখন বিশাল বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি সমাগত বিধানসভা নির্বাচন উপলক্ষে এন ডি এৰ প্রার্থীদ্বয়ৰ হৈ ব্যাপক প্ৰচাৰ চলোৱাৰ লগতে মঙলদৈ বিধানসভা সমষ্টিত আয়োজিত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। সৰ্থেবাৰী সভা মহোৎসৱ পথাৰত আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই বৰপেটা বিধানসভা সমষ্টিত অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসক বিপুলসংখ্যক ভোটেৰে জয় কৰিবলৈ আহ্বান জনায়। তেওঁ কয়- যোৱা ৫ বছৰত নামনি অসমত খিলঞ্জীয়া মানুহে উশাহ ঘূৰাই পাইছে। আমাৰ মাটিৰ ওপৰত থাকিব কেৱল আমাৰ অধিকাৰ। মুখ্যমন্ত্ৰীৰ আহ্বান- জাতিটোৰ সংকটৰ মুহূর্তত আমি একলগ হৈ থাকিব লাগিব। নির্বাচনী সভাত ভাষণত তেওঁ কয়- সমাগত বিধানসভা নির্বাচনত এনডিএই পুনৰ ৰাজ্যৰ শাসনলৈ আহিলে ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ’ব। অনুৰূপ ধৰণে বৰপেটা বিধানসভা সমষ্টিতো বেদখল হৈ থকা ভূমি বেদখলমুক্ত কৰা হ’ব। বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম পূৰ্বৰ নামলৈ সলনি কৰা হ’ব বুলি কংগ্ৰেছে কৰা মন্তব্যৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্রেছ সভাপতিৰ এই জীৱনত নহয়, পিছৰ জীৱনতো বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নাম সলনি কৰিব নোৱাৰিব। যোৱা ৫ বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছোঁ যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা হোৱা নাই আৰু আজিও আমি যুঁজিব পাৰোঁ। সেই শক্তি আমাৰ হাতত আছে। অসমীয়া মানুহক ৰঙাচকু দেখুওৱা দিন এতিয়া পাৰ হৈ গৈছে। ভাষণত মুখ্যমন্ত্রীয়ে কয়- বিগত বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্রতিশ্রুতি পালনৰ পাছত পুনৰ চৰকাৰ গঠন হ’লে আগন্তুক ৫ বছৰত ২ লাখ যুৱক-যুৱতীক অনুৰূপ ধৰণে চাকৰি প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যসকলক ১০ হাজাৰ টকাকৈ আৰু অৰুণোদয় আঁচনিৰ অধীনত চলিত মাহত ৯ হাজাৰ টকাকৈ মহিলাসকলক প্রদান কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- অৰুণোদয় আঁচনিৰ অধীনত আগন্তুক সময়ত নতুনকৈ ১৫ লাখ হিতাধিকাৰীক সামৰি লোৱা হ’ব। কোনো দুখীয়া পিতৃ-মাতৃয়ে সন্তানৰ উচ্চ শিক্ষাক লৈ চিন্তিত হ’ব নালাগে। ইয়াৰ বাবে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন পৰৱৰ্তী সময়ত বৃদ্ধি কৰা হ’ব। সমান্তৰালভাৱে গৃহিণীসকলে যাতে পৰিয়াল চলোৱাত সকাহ লাভ কৰে তাৰ বাবে ৰেচন কাৰ্ডৰ জৰিয়তে বর্তমানে লাভ কৰি অহা চেনি, দাইল আৰু নিমখৰ লগতে অহা সময়ছোৱাত এক লিটাৰকৈ মিঠাতেল প্রদান কৰা হ’ব বুলিও তেওঁ কয়। ভাষণত মুখ্যমন্ত্ৰীয়ে কয়- চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে আগন্তুক ৫ বছৰত ৰাজ্যৰ ১০ লাখ যুৱক-যুৱতীক ব্যৱসায়-বাণিজ্যৰে আত্মনিৰ্ভৰশীল হোৱাত সহায়ক হোৱাকৈ ২ লাখ টকা প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত বৰপেটা বিধানসভা সমষ্টিত ১০ হাজাৰ যুৱক-যুৱতী এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব। আমি অসমৰ উদ্যোগীকৰণ পৰিৱেশ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছোঁ। যাতে কোনো ল’ৰা-ছোৱালীয়ে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি যাবলগা নহয়। আমাৰ ৰাজ্যত যুৱক-যুৱতীসকলৰ আশা-আকাংক্ষাৰ লগত আমি থিয় হৈ থাকিম আৰু প্ৰতিগৰাকী যুৱক-যুৱতীয়ে যাতে কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে প্রচেষ্টা হাতত ল’ম। মুখ্যমন্ত্রীয়ে কয়- ভৱিষ্যৎ সুৰক্ষাৰ বাবে অসমীয়া জাতি এক হৈ থাকিব লাগিব। অসমীয়া জাতি জীয়াই ৰখাৰ বাবে বিজেপিক ভোট দিব লাগিব। অসমীয়া জাতিৰ প্ৰতিগৰাকীয়ে ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি জাতি-মাটি আৰু ভেটিৰ সুৰক্ষাৰ হকে কাম কৰিব লাগিব। আগন্তুক লোকপিয়লত অসমত অসমীয়াৰ সংখ্যা ৫৫ শতাংশলৈ নামি আহিব আৰু সেয়ে এই নির্বাচন আমাৰ বাবে মাটি-ভেটি-ৰুটী ৰক্ষাৰ সংকল্পৰ যুঁজ। বিজেপি নেতৃত্বাধীন চৰকাৰেহে জাতিটোক সুৰক্ষিত কৰিব পাৰিব। মুখ্যমন্ত্ৰীয়ে সৰ্থেবাৰী ৰাজহ চক্ৰ এলেকাৰ চৰকাৰী ভূমি, সত্ৰৰ ভূমি, চৰণীয়া ৰিজাৰ্ভৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা, চৰকাৰ গঠন হ’লে ছমাহৰ ভিতৰত সৰ্থেবাৰীত এখন কেবিনেট বৈঠক অনুষ্ঠিত কৰি অঞ্চলটোৰ সমস্যাৰাজি সমাধান কৰা, বাপুজী মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তন, সৰ্থেবাৰী আৰু বৰপেটাৰ মাজত ৰে’ল সংযোগ স্থাপনৰ বাবে উদ্যোগ গ্ৰহণৰ প্ৰতিশ্রুতি প্ৰদান কৰে। তেওঁ লগতে সৰ্থেবাৰীত নতুন চৰকাৰী কাৰ্যালয় স্থাপনৰ পদক্ষেপ গ্রহণৰো প্রতিশ্রুতি প্রদান কৰে। নির্বাচনী সভাত অগপৰ বৰপেটা জিলাৰ সভাপতি গুণীন্দ্ৰ নাথ দাস, বৰপেটা জিলা সভাপতি মহেন্দ্ৰ দাসকে ধৰি অগপৰ বৰপেটাৰ প্ৰাৰ্থী দীপক কুমাৰ দাসো উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে বজালী বিধানসভা সমষ্টিৰ শ্বহীদ কপিল কলিতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত আন এক বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ বিগত ১০ বছৰীয়া কাৰ্যকালত জনসাধাৰণে নিজৰ বহু আশা-আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে আৰু অসম দেশৰ ভিতৰতে এখন অন্যতম অগ্ৰণী ৰাজ্যত পৰিণত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। বজালী সমষ্টিত বিগত ৫ বছৰত উন্নয়নৰ বিভিন্ন কাম-কাজ সম্পাদন হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয়- এইবাৰ সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। বিজেপি আৰু অগপ দুয়োটা দলে একেলগে নির্বাচনত অৱতীৰ্ণ হৈ দিছপুৰত এখন শক্তিশালী চৰকাৰ গঠন কৰিব। অহা মে’ মাহত এই চৰকাৰ গঠন হোৱাৰ পিছতে বেদখলকৃত ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ অভিযানো তীব্ৰভাৱে আৰম্ভ কৰা হ’ব। আগন্তুক ৫ বছৰত ৰাজ্যৰ ৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰা হ’ব আৰু এই ভূমি ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিহীন লোকে লাভ কৰিব। নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বৰপেটা, বজালী, নলবাৰীকে ধৰি সমগ্ৰ নামনি অসমৰ লোকসকলক একত্ৰিত হৈ থকাৰ আহ্বান জনাই মুখ্যমন্ত্রী ড° শর্মাই কয়- অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ আগলৈকে অসমীয়া মানুহে ভাবি লৈছিল যে আমি আৰু যুঁজিব নোৱাৰোঁ। জাতিটোৰ হাতৰ পৰা ব্যৱসায়-বাণিজ্য, মাটি একাংশ লোকৰ হাতলৈ গুচি গৈছিল। বছৰি ৫০-৬০টা গঁড় হত্যা কৰা হৈছিল। প্ৰতিদিনে লাভ জেহাদৰ ঘটনা সংঘটিত হৈছিল। আজি প্ৰথমবাৰৰ বাবে আমি যুঁজিছোঁ। সেয়ে এই নির্বাচন আমাৰ বাবে কেৱল এটা নির্বাচন নহয়, এই নির্বাচন হৈছে জাতি-মাটি-ভেটি ৰক্ষাৰ এক আন্দোলন। অসমীয়া মানুহে যদি জীয়াই থাকিব খোজে, তেনেহ’লে জাতি- মাটি আৰু ভেটি ৰক্ষা কৰিবই লাগিব। জনাকীর্ণ সভাখনত ভাষণত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে বিগত বিধানসভা নির্বাচনত দিয়া প্রতিশ্রুতিসমূহ হাতে-কামে ৰূপায়ণৰ বাবে প্রচেষ্টা গ্ৰহণ কৰা হৈছিল। ইয়াৰ উদাহৰণ হিচাপে মুখ্যমন্ত্ৰীয়ে বিগত ৫ বছৰত ১.৬৫ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে আগন্তুক সময়ত বজালী সমষ্টিত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ দ্বাৰা সামৰি লোৱা হ’ব। ১০ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে সামৰি লোৱাৰ লগতে বজালী সমষ্টিত ১০ হাজাৰ যুৱক-যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত বজালী অঞ্চলৰ উন্নয়নৰ বাবে কোনোধৰণৰ উল্লেখযোগ্য কাম-কাজ হোৱা নাছিল বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়- বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত অঞ্চলটোৰ গাঁৱে-ভূঞে বাট-পথ নির্মাণ, ভট্টদের বিশ্ববিদ্যালয় স্থাপন হোৱাৰ উপৰি বজালীয়ে জিলা হিচাপে স্বীকৃতি লাভ কৰিছে। জিলাখনত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে আজি প্রতিশ্রুতি প্রদান কৰে। এই সভাত অগপ দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়ৰ উপৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণীধৰ তালুকদাৰ, বিজেপিৰ বজালী জিলা সভাপতি মুকুট কলিতাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে মঙলদৈ বিধানসভা সমষ্টিত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰোড শ্ব’ত বিপুলসংখ্যক জনসাধাৰণৰ সঁহাৰিত অভিভূত হৈ পৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জনতাৰ এই উপস্থিতিয়ে এক সবল স্পষ্ট বার্তা প্ৰেৰণ কৰিছে। ৰাজ্যত যে আকৌ এবাৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ’ব সেয়া ৰাজ্যৰ উৎসাহ-উপস্থিতিয়ে ইয়াক নিশ্চিত কৰিছে। ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীয়ে মঙলদৈৰ বিশাল জনসমুদ্রক উদ্দেশ্যি ভাষণত কয়- বিগত ৫ বছৰত গৰুখুঁটিৰ পৰা আৰম্ভ কৰি ডেৰ লাখ বিঘা ভূমিৰ পৰা অবৈধ-অপৰিচিত লোকক উচ্ছেদ কৰিলোঁ। এই উচ্ছেদিত লোকৰ ৰাজনৈতিকভাৱে হাত-ভৰি ভাঙি দিলোঁ। এইবাৰ ৫ লাখ বিঘা ভূমি উচ্ছেদ কৰিম, যাতে অসমীয়া মানুহক ৰঙাচকু দেখুৱাব নোৱাৰে। বিগত নির্বাচনত মঙলদৈত আমি হাৰিছিলোঁ। কিন্তু এইবাৰ দুগুণ ভোটত জয়যুক্ত হ’ম।
