বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- সলনি হ’ল কেন্দ্রীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE)ৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ নিয়ম। এতিয়াৰে পৰা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব CBSEৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা। প্ৰথম পৰ্যায়ৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা মে’ মাহত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ ফলাফল এপ্ৰিল মাহত আৰু দ্বিতীয় পৰ্যায়ৰ ফলাফল জুন মাহত প্ৰকাশ পাব। এই তথ্য সদৰী কৰিছে চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সন্যম ভৰদ্বাজে। তেওঁ কয়, ‘‘ফেব্ৰুৱাৰী মাহত প্রথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো অনুষ্ঠিত হ’ব মে’ মাহত।’’ চিবিএছইয়ে প্ৰকাশ কৰা তথ্যানুসৰি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম পৰ্যায়ৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক হ’ব। তাৰ পৰিৱৰ্তে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাটো Optionalহে হ’ব। কিন্তু, আভ্যন্তৰীণ মূল্যায়ন কৰা হ’ব এবাৰহে। এই সিদ্ধান্তৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে নম্বৰ উন্নত কৰাৰ সুযোগ পাব। যদি কোনো ছাত্ৰৰ নম্বৰ প্ৰথম পৰ্যায়ত নম্বৰ কম হয়, তেন্তে দ্বিতীয় পৰ্যায়ত ভাল প্ৰদৰ্শন কৰি তেওঁ নম্বৰ বঢ়োৱাৰ সুযোগ লাভ কৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP 2020)ৰ পৰামৰ্শ অনুসৰি চিবিএছইৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে ছাত্র-ছাত্রীসকলক এক নমনীয় আৰু মানসিক চাপমুক্ত পৰিৱেশ প্রদান কৰা যাতে তেওঁলোকে নিজৰ ভুলৰ পৰা শিক্ষা ল’ব পাৰে আৰু উন্নতি কৰিব পাৰে। ব’ৰ্ডৰ মতে এজন ছাত্ৰৰ প্ৰতিভাৰ সম্পূৰ্ণ মূল্যায়ন এটা পৰীক্ষাৰ জৰিয়তে কৰিব নোৱাৰি।