বছৰটোৰ শেষত মহিলাৰ সুৰক্ষাৰ দিশটোক উভতি চাওঁ – মানসী মিশ্র

বছৰটোৰ শেষত মহিলাৰ সুৰক্ষাৰ দিশটোক উভতি চাওঁ

মানসী মিশ্র

প্ৰতি বছৰে মহিলাৰ বিৰুদ্ধে হোৱা হিংসা ৰোধ কৰিবলৈ ২৬ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ এক পষেকীয়া অভিযান চলোৱা হয়। এই সময়ছোৱাৰ ভিতৰত মহিলাৰ ওপৰত হোৱা হিংসাৰ বিভিন্ন কাৰণ সমূহ দাঙি ধৰি ভৱিষ্যতৰ দিনসমূহত এই সমূহ ৰোধ কৰিবলৈ পৰিকল্পনা প্রস্তুত কৰা হয়। প্রতিটো বছৰৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্রান্তন চলি আছে এই অভিযান। মহিলাৰ ওপৰত হোৱা অপৰাধৰ ক্ষেত্ৰত আমাৰ ৰাজ্য এতিয়া প্রথম স্থানত আছে। কন্যা শিশুৰ পৰা বয়োবৃদ্ধ মহিলাক ধৰি নি বলাৎকাৰ কৰা আৰু তাৰ পিছত হত্যা কৰা কিশোৰী, যুৱতীক অপহৰণ কৰি নি সৰবৰাহত লিপ্ত কৰোৱা ঘটনা, এছিড আক্রমণৰ ঘটনা আদি কি হোৱা নাই ৰাজ্যত। এফালে বিজ্ঞান প্রযুক্তিৰ চমক প্রদতাৰে আমি আকাশ চুব খুজিছোঁ কিন্তু আমি আমাৰ মাজৰ ভনী, বাইদেউ, মাতৃহঁতক আজিলৈকে সন্মান কৰিবলৈ শিকা নাই। এইখন দেশতেই মহিলাক দেৱীৰূপে, শক্তিৰূপে পূজা কৰা হয়। এগৰাকী নাৰী কাৰোবাৰ মাতৃ বা ভগ্নী, কাৰোবাৰ জীয়ৰী, কাৰোবাৰ বোৱাৰী, কাৰোবাৰ পত্নী। এনেকুৱা এক মৰ্য্যদাপূর্ণ স্থানত থকাৰ পিছতো নিমিষতে সকলো মর্য্যাদা চূর্ণীকৃত হৈ যায়। বছৰটোৰ আৰম্ভণিৰ পৰা যদি আমি শেষ হবলৈ ওলোৱা বছৰটোৰ অন্তিম সময়লৈ চাওঁ তেন্তে প্রতিটো দিনতে মহিলা, যুৱতীৰ ওপৰত খোদ ৰাজধানী মহানগৰীতে বিভিন্ন যৌন উৎপীড়ণ যেনে চিটিবাছত যৌন নির্য্যাতন, উবেৰ চালকৰ দ্বাৰা যৌন উৎপীড়ণ, বলাৎকাৰ, অপহৰণ আদিৰ ঘটনা সংঘটিত হৈছে। জোনালী কলিতাৰ দৰে এগৰাকী প্ৰভাৱশালী নেত্রীকো যৌন নির্যাটন চলাই বৰ্বৰ ভাৱে হত্যা কৰা হৈছিল। পঞ্চম শ্রেণীত পঢ়ি থকা ছাত্রীক নিজৰ তাৱৈয়েকে ঘৰতে বলাৎকাৰ কৰি উঠি নৃশংসভাবে হত্যা কৰিছিল। শিক্ষাগুৰুৰ দ্বাৰা ছাত্ৰী যৌন নিগ্রহৰ ঘটনা বহু বহু বাৰ সংঘটিত হ’ল। ঘৰুৱা কামত সহায় কৰিবলৈ অনা বনকৰা ছোৱালীও ঘৰৰ মালিকৰ দ্বাৰাই যৌন উৎপীড়ণৰ বলী হোৱা ঘটনা সংঘটিত হৈছে। সৌ সিদিনাখন অনৈতিক সৰবৰাহত লিপ্ত কৰোৱাবলৈ আমাৰ ৰাজ্যৰ পৰা বাহিৰৰ ৰাজ্যলৈ সৰবৰাহ কৰা অৱস্থাত নৈশবাছৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে। ইমানবোৰ ঘটনাৰ পিছত চালিজাৰি চালে আমি দেখা পাওঁ যে আমাৰ ৰাজ্যত সুৰক্ষাৰ ক্ষেত্ৰত মহিলাৰ অৱস্থাটো একেবাৰে পুতৌলগা। নিজৰ ঘৰখনতে সুৰক্ষিত নহয় যুৱতী মহিলা, কিশোৰীসকল। পঢ়িবলৈ যোৱা শিক্ষানুষ্ঠানতো নিৰাপদ নহয় ছাত্রীসকল, কর্মস্থানতো সুৰক্ষিত নহয় মহিলা কৰ্মীসকল। বছৰটোৰ আৰম্ভণিৰ পৰা বছৰটোৰ শেষলৈ মহিলা, যুৱতী উৎপীড়ণৰ বিভিন্ন ঘটনা ঘটিয়ে থাকিল আৰু এইবাবেই মহিলা, যুৱতীৰ হিংসাৰ ক্ষেত্ৰখনত আমাৰ ৰাজ্যৰ স্থান আজি শীৰ্ষত। আমাৰ ৰাজ্যখনত আমি কেইটামান বছৰ আগলৈকে যদি উভতি চাওঁ তেতিয়াও দেখিম যে ৰাজ্যখনত মহিলা হিংসাৰ বহু গুৰুতৰ ঘটনা ইতিমধ্যে সংঘটিত হৈ গৈছে। এইখন ৰাজ্যতেই বৰ্ণালী দেৱীৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এগৰাকী আঠবছৰীয়া অতি প্রতিভাৱান কন্যাশিশুক গুৱাহাটী পল্টনবজাৰৰ নেটৱৰ্ক ট্রেভেলছত, তাতেই কাম কৰা নৰখাদক কেইটামানে বলাৎকাৰ কৰি ধৰ্ষণ কৰি শৌচাগাৰৰ টেংকীৰ ভিতৰত ভৰাই থৈছিল। ডিব্রুগড় অসম মেডিকেল কলেজৰ চিকিৎসক এগৰাকীক নৈশ কর্তব্য সম্পাদন কৰি উঠি কিছুসময় জিৰণি লবলৈ অহা অৱস্থাতে, সেই একে বিভাগৰে চতুৰ্থবৰ্গৰ কৰ্মী এগৰাকীয়ে বলাৎকাৰ কৰি হত্যা কৰিছিল। নৈশ কর্তব্যৰত এগৰাকী চিকিৎসকৰ নাম সাঙোৰ খাই পৰিছিল এই ঘটনাৰ লগত। অৱশ্যে ন্যায়ালয়ৰ বিচাৰপীঠে কিছুদিন আগতে দিয়া এক ৰায়ত তেওঁক দোষমুক্ত বুলি অভিহিত কৰে। কেইবছৰ মান আগতে গুৱাহাটীৰ কে.চি.দাস কর্মাচ কলেজত এগৰাকী অতি মেধাৱী ছাত্ৰীক প্ৰেমৰ গইনা লৈ এজন ভুৱা প্রেমিকে হত্যা কৰি তেওঁৰ শৰীৰতো জুই লগাই দিছিল কোনো ধৰণৰ সাক্ষ্য প্রমাণ নোহোৱা কৰিব পাৰিম বুলি ভাবি। এই ঘটনাৰ আঁৰত প্ৰেমিকৰূপী অভিযুক্তৰ লগতে মাতৃ আৰু ভগ্নীৰ নামো সাঙোৰ খাই পৰিছিল। একেদৰে নগাওঁ জিলাৰ বটদ্ৰৱাৰ ধনীয়া ভেটি অঞ্চলত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক ঘৰলৈ ওভোটাৰ পথত এজন ঘাটক ধৰ্ষণ কৰি এই উঠি অহা প্রতিভাৱান কন্যা শিশুটিক হত্যা কৰি মৃতদেহটো জ্বলাই দিছিল কোনো চিনচাব নোহোৱা কৰিবৰ উদ্দেশ্যে। এইবোৰ ঘটনা এতিয়া আদালতত বিচাৰাধীন। নাজানো ভুক্তভোগীয়ে আৰু তেওঁলোকৰ পৰিয়াল বৰ্গই ইয়াৰ উচিত বিচাৰ লাভ কৰে নে নাই। এইদৰে পাৰ হৈ যোৱা দহবছৰ মানৰ পৰা আমাৰ ৰাজ্যখনত মহিলা, যুৱতী, কিশোৰী সকলৰ সুৰক্ষাৰ বিষয়টো পৰ্য্যবেক্ষণ কৰিলে এইটো কথা স্পষ্টভাবে প্রতীয়মান হয় যে আমাৰ ৰাজ্যখনত প্রতিটো দিনতে মহিলা, যুৱতীৰ সুৰক্ষাৰ যথেষ্ট অভাৱ। শেষ হবলৈ ওলোৱা বছৰটোৰ স্থিতি যদি আমি বিশ্লেষণ কৰি চাওঁ তেন্তে দেখিবলৈ পাম যে আমাৰ ৰাজ্যখনত প্ৰতিটো দিনতে মহিলা, যুৱতী, কিশোৰী নিৰ্যাতনৰ ঘটনা ঘটি আহিছে বুলি কলে ভুল কোৱা নহ’ব আৰু ই সেইবাবেই মহিলা হিংসাৰ বিষয়টোত আমাৰ ৰাজ্যখনৰ স্থান একেবাৰে শীৰ্ষলৈ গৈছে। আমাৰ ৰাজ্যত এনে নাৰীজনিত অপৰাধ ভয়াবহ হাৰত বৃদ্ধি পোৱাৰ মূলতেই হৈছে যে এই ক্ষেত্রত ৰাজ্য প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু আইনী প্রশাসন যিমান কঠোৰ আৰু সক্রিয় হব লাগিছিল সেইধৰণে নহয়। আমাৰ ৰাজ্যত এই ক্ষেত্ৰত দেখি থকা দীঘলীয়া অভিজ্ঞতা সমূহে কয় যে কোনো এটা অপৰাধ সংঘটিত হোৱাৰ কিছুদিনলৈ আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইত তীব্র প্রতিবাদ হয়। দোষীক কঠোৰতম শাস্তি দিয়াৰ দাবী তোলে সকলোৱে উত্থাপন কৰে, ঠায়ে ঠায়ে প্রতিবাদী সভা হয়। কিন্তু কেইদিনমান পাৰ হলেই সকলো নিতাল মাৰে। বহুসময়ত উপযুক্ত সাক্ষী বাদীৰ অভাৱত ঘটনাই বেলেগ ফালে মোৰ সলায়। দেখা যায় যে এই কেছ সমূহত সাক্ষীবাদী থাকিলেও বহুতে নিজে কিবা দায় দোষত পৰিব বুলি সময়ত সাক্ষদান কৰিবলৈ ভয় কৰে। সেইবাবে ঘটনাৰ বিচাৰ যিধৰণে হ’ব লাগিছিল তাতকৈ বহুত বেলেগ হোৱা দেখা যায়। সেয়েহে আমি সঠিক ভাৱে সাক্ষ্যদান কৰিবলৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ যথেষ্ট প্রয়োজনীয়তা আছে। সাক্ষ্যদান কৰিলে যে নিজৰ কোনো ক্ষতি নহয় বা এয়া কোনোভয় কৰিবলগীয়া কাৰ্য্য নহয়, এই সম্পর্কে জনসাধাৰণৰ মাজত যথেষ্ট সজাগতা সৃষ্টি কৰিবলগীয়া আছে। লগতে যি কোনো এটা মাৰাত্মক অপৰাধ সংঘটিত হোৱাৰ পিছত ইয়াৰ প্রথম পদক্ষেপটো যিহেতু আৰক্ষী প্ৰশাসনৰ পৰাই লোৱা হয় এইক্ষেত্ৰত আৰক্ষীৰ ভূমিকা অধিক সক্রিয় হোৱাৰ প্রয়োজনীয়তা আছে। ইয়াৰ লগে লগে মাৰাত্মক অপৰাধ সংঘটিত কৰা অপৰাধী সকলৰ ক্ষেত্ৰত শাক্তিসমূহো কঠোৰ হোৱাটো নিত্যন্তই প্রয়োজন। লঘুদণ্ড পোৱাৰ লগে লগে – অপৰাধীসকলে দ্বিতীয়বাৰ অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰা হয়। আমাৰ ৰাজ্যত এইক্ষেত্রত আন এক নেতিবাচক দিশ পৰিলক্ষিত হয় যে ৰাজনৈতিক নেতা, পালিনেতাৰ হস্তক্ষেপৰ বাবে বহুসময়ত মাৰাত্মক অপৰাধী এগৰাকীকো বহুসময় ত পাবলগীয়া শাস্তিৰ পৰা ৰেহাই দিয়া হয় অথবা শাস্তি কম দিয়া হয়। সেইকাৰণে বহুসময়ত এনেদৰে অপৰাধী বিভিন্ন মহলত মেনেজ কৰি মুক্ত আকাশৰ তললৈ ওলাই গুচি আহে আৰু দাগী অপৰাধী হৈয়ো সাধাৰণ জনতাৰ মাজত নিৰপৰাধী ব্যক্তিৰ দৰে ঘূৰি ফুৰিবলৈ লয়। বৰং তেওঁলোকৰ দপদপনি আগতকৈয়ো বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে মাৰাত্মক অপৰাধীত এইবোৰ সুযোগ প্রদানৰ পৰা আমি বিৰত থাকিব লাগে। মহিলাৰ এই বিভিন্ন অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আইনী ব্যৱস্থাটোক সুদৃঢ় কৰিবলৈ বিভিন্ন সময়ত মহিলাৰ সুৰক্ষাৰ হকে আইনী প্ৰণয়ন কৰা হৈছে কিন্তু আইনসমূহ প্রণয়ন কৰিলেই নহব, এই আইন সমূহৰ বিষয়ে যাতে সকলোৰে মৌলিক ধাৰণা আৰু সজাগতা থাকে তাৰ বাবে সকলোৰে সজাগ আৰু সচেতন হব লাগে। আমি মহিলা, যুৱতী, কিশোৰী সকলৰ মাজত ভয়াবহ হাৰত হোৱা অপৰাধ সমূহ কিছু পৰিমাণে হলেও নিয়ন্ত্ৰণ কৰাৰ বাবে এই দিশসমূহত চকু দিব লাগিব। ২০২৩ বর্ষ আৰম্ভ হৈ শেষ হবৰে হ’ল কিন্তু মহিলা, যুৱতীৰ ওপৰত হোৱা অপৰাধ সমূহ বাঢ়ি হে গ’ল। আকৌ এটি নতুন বছৰে ভূমুকি মাৰিব আমাৰ সমুখত। গতিকে নতুন দিনলৈ আমি ইতিবাচক দৃষ্টিভংগীৰে আশা কৰিম মহিলা, যুৱতীৰ সুৰক্ষা/নিৰাপত্তাৰ দিশত দুৰ্বল স্থিতিৰ শীঘ্ৰে পৰিবৰ্তন হওঁক।