বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব সুধাকণ্ঠৰ জন্ম শতবার্ষিকী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে জনতা ভৱনস্থিত লোকসেৱা ভৱনত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় ।কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে। নাগৰিকসকলক কাৰ্যকৰী প্ৰশাসন ব্যৱস্থা আৰু উন্নত সেৱা প্রদান নিশ্চিত কৰাৰ বাবে এই কেবিনেট বৈঠকে নতুনকৈ ১০খনসম-জিলা গঠনত অনুমোদন জনায়। চলিত বৰ্ষৰ ১৫ আগষ্টত সেই ১০খন সম-জিলা গঠনত অনুমোদন জনায়। নতুনকৈ সম-জিলা গঠন হ’বলগীয়া সমষ্টিকেইটা হৈছে- বকো-ছয়গাঁও, পলাশবাৰী, বৰছলা, ৰঙাপৰা, মাকুম, টিয়ক, মৰিয়নি, ধলাই, ডিগবৈ আৰু দুধনৈ। সেইদৰে এই কেবিনেটে টাটাৰ সহযোগত আছাম কেঞ্চাৰ ফাউণ্ডেচনৰ অধীনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬খন কেঞ্চাৰ কেয়াৰ হাস্পতাল নিৰ্মাণৰ কাম হাতত লৈছে। ইয়াৰে ৯খনৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। ৭খন নির্মীয়মাণ অৱস্থাত আছে। নির্মীয়মাণ অৱস্থাত থকা ৭খনৰ কাম-কাজ আগুৱাই নিবলৈ কেবিনেটে ২৫০ কোটি টকাৰ অনুমোদন জনায়। ইতিমধ্যে ৰাজ্য চৰকাৰে কেঞ্চাৰ কেয়াৰ হাস্পতালৰ বাবে ২৫০০ কোটি টকা ব্যয় কৰিছে। একেদৰে এই কেবিনেটে বোকাখাত, ডিব্ৰুগড়, যোৰহাট আৰু বজালীত ৪টা দুগ্ধ সংসাধন গোট কাৰ্যকৰী কৰাৰ বাবে দুগ্ধ উন্নয়ন বিভাগৰ অধীনত এই আন্তঃগাঁথনিসমূহ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগ উত্তৰ-পূব দুগ্ধ আৰু খাদ্য লিমিটেডক হস্তান্তৰ কৰিবলৈ অনুমোদন জনায়। আনহাতে কেবিনেটে অহা ৮ ছেপ্টেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন সম্পর্কত বিস্তৃত আলোচনা কৰি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ৮ ছেপ্টেম্বৰৰ পৰা ২০২৬ চনৰ ৮ ছেপ্টেম্বৰলৈ বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী পালন কৰা হ’ব। অহা ৮ ছেপ্টেম্বৰত হ’বলগীয়া শুভাৰম্ভ অনুষ্ঠান দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আৰম্ভ কৰা হ’ব। সেইদৰে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত হ’বলগীয়া সামৰণী অনুষ্ঠানটো ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সম্পন্ন কৰা হ’ব। আৰম্ভণি অথবা সামৰণিৰ যিকোনো এটা অনুষ্ঠান নতুন দিল্লীত অনুষ্ঠিত হ’ব আৰু এটা অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত হ’ব। তদুপৰি আন তিনিটা বিশেষ অনুষ্ঠান অৰুণাচল প্রদেশ, কলকাতা আৰু মুম্বাইত অনুষ্ঠিত কৰা হ’ব। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০জনীয়া শতবার্ষিকী উদযাপন সমিতি গঠন কৰা হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৭খন ৰাজ্যৰ মুখ্যমন্ত্রীক এই সমিতিত পৃষ্ঠপোষক হিচাপে অংশ ল’বলৈ আমন্ত্রণ জনোৱা হ’ব। এই জন্ম শতবার্ষিকীতে ড° ভূপেন হাজৰিকাৰ নামত এটা বিশেষ আন্তঃগাঁথনি বা বিশেষ অনুষ্ঠান উৎসর্গিত কৰা হ’ব। এই সম্পর্কত ৫০ জনীয়া উদযাপন সমিতিয়ে সিদ্ধান্ত গ্রহণ কৰিব। সেইদৰে ড° ভূপেন হাজৰিকাৰ সংক্ষিপ্ত জীৱনী এখন প্ৰকাশ কৰি ৰাজ্যৰ ১০ লাখ লোকলৈ প্ৰেৰণ কৰা হ’ব। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক এই সংক্ষিপ্ত জীৱনী প্ৰণয়নৰ দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত এই সংক্ষিপ্ত জীৱনীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰি দেশৰ সকলো পুথিভঁৰাললৈ প্ৰেৰণ কৰা হ’ব। একেদৰে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিক লৈ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত এখন তথ্যচিত্র নির্মাণ কৰা হ’ব। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সন্মানার্থে এটা স্মৃতি মুদ্রা মুকলিৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজার্ভ বেংক অৱ ইণ্ডিয়াক অনুৰোধ কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়। এই বছৰটোত ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত ড° ভূপেন হাজৰিকাৰ গীত আৰু কৰ্মজীৱন সম্পৰ্কত প্ৰচাৰৰো বিশেষ প্রচেষ্টা চৰকাৰে হাতত ল’ব।