বঙৰা জালিমিপাৰাত সুঁৱৰি উৎসৱ উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ তথা পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বঙৰা জালিমিপাৰা ৰাইজ গয়ৰহৰ সৌজন্যত ” জালিমিপাৰা গোসাঁইঘৰ” প্ৰাঙ্গণত আজি বৰ্ণিল কাৰ্যসূচীৰে “সুঁৱৰি উৎসৱ” উদযাপন কৰে । পুৱা পৰিৱেশ নিকাকৰণৰ পিচত ধৰ্মধ্বজ্বা উত্তোলন কৰে ৰাইজ গয়ৰহৰ সভাপতি মকুন্দ নাথে ।শ্বহীদ তৰ্পণ কৰে প্ৰফুল্ল নাথে । বৃক্ষৰোপণ কৰে ফটিক চন্দ্ৰ নাথে । মহাপ্ৰভু শ্ৰীকৃষ্ণৰ শৈশৱ কাল প্ৰদৰ্শন কৰিবলগীয়া “দধিমন্থন”ৰ মঞ্চত বন্তি প্ৰজ্বলন কৰে কবি, লেখক ৰমেশ চন্দ্ৰ তালুকদাৰে । সভাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য, সাংবাদিক, লেখক দীপক শৰ্মাই সভাত অংশ লৈ কয়- “দক্ষিণ কামৰূপৰ দধিমন্থন বা সুঁৱৰি উৎসৱ এক আধ্যাত্মিক তথা অতি পবিত্ৰ অনুষ্ঠান । ইয়াৰ জৰিয়তে প্ৰকাশ কৰা শ্ৰীকৃষ্ণৰ জীৱন বিষয়ক অনেক কথা জানিব পৰা যায় । শ্ৰীকৃষ্ণৰ বন্দনা বিশ্বৰ সৰহ সংখ্যক ঠাইতে হয় । শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । ধ্যান কৰিলে অনেক শকতি পোৱা যায় ।” ৰাইজ গয়ৰহৰ সভাপতি মকুন্দ নাথে আঁত ধৰা এই অনুষ্ঠানত বঙৰা জনকল্যাণ পুথিভঁৰালৰ সভাপতি মৰ্মেশ্বৰ নাথ, শৰৎ নাথ, নগেন নাথ, কৰুণাকান্ত দেৱ নাথ, নগেন নাথ, ধনেশ্বৰ নাথ, চন্দ্ৰধৰ নাথ, হেমচন্দ্ৰ নাথ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি অংশ গ্ৰহণ কৰে । দিনৰ বাৰ বজাত গোপিনীসকলৰ ঘট বুৰণৰ অন্তত হোম যজ্ঞত কৰ্তা হয় যোগেশ্বৰ নাথে । বিয়লি দধিমন্থনৰ মঞ্চৰ আৰ কাপোৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ তালুকদাৰে । তাৰ পাচতে কৃষ্ণ-বলোৰাম, নন্দ-যশোদা, বাৰ গোপাল, গোপিনী আদি চৰিত্ৰ উপস্থাপনৰে দধিমন্থনৰ কাৰ্যসূচী ৰূপায়নৰে সমগ্ৰ পৰিৱেশ মধুময় আৰু প্ৰাণবন্ত কৰি তোলে । যেন এক বৃন্দাবনহে । নিশালৈ “নাট্যদল যুগান্তৰ”ৰ যাত্ৰাভিনয় প্ৰদৰ্শন কৰে ।