বঙৰাত পৰাগজ্যোতি প্ৰকাশনৰ গৌৰীকান্ত নাথ- ৰমেশ চন্দ্ৰ তালুকদাৰৰ ৩খন গ্ৰন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত কামৰূপ জিলাৰ বঙৰাস্থিত”জনকল্যাণ পুথিভঁৰাল আৰু সংঘ”ৰ প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত বিশিষ্ট কবি – শিক্ষাবিদ গৌৰীকান্ত নাথৰ কবিতা সংকলন “হিয়াৰ বতৰা” আৰু প্ৰবীণ কবি – লেখক ৰমেশ চন্দ্ৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন “জালীয়া শাল”, কবিতা সংকলন “সপোন সন্ধানী” শুভ উন্মোচন কৰা হয় । যুস্মিতা নাথে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি পূৰ্বোত্তৰ ভাষা কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তাৰিণী কান্ত গোস্বামীয়ে কয়- “সৃষ্টিৰ মাদকতা অন্যন্য । স্ৰষ্টাহে ইয়াৰ মোল বুজে।” কবিতা সংকলন “হিয়াৰ বতৰা” উন্মোচন কৰি অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিনয় কুমাৰ শৰ্মাই কয়- “অসমীয়া ভাষাৰ স্বকীয়তা অন্যন্য। সাৱলীল ধৰণেৰে উপস্থাপন কৰা সাহিত্যৰাজিয়ে মানুহৰ হৃদয়ত সাঁচ বহুৱায় ৰাখে। সাহিত্য হ’ব লাগে মানৱধৰ্মী । ভূপেন হাজৰিকাৰ সৰহভাগ গীত -কবিতাই সমাজৰ কথা কোৱাৰ দৰে আজিৰ কবি-সাহিত্যিকসকলৰ ৰচনাবোৰ ঠিক তেনেকুৱা হ’ব লাগে। কিতাপে ভোক নিবাৰণ কৰে। এখন গৃহত যদি এখন দৈনিক বাতৰি কাকত, কিংবা দহখন গ্ৰন্থ নাথাকে, সেইখন গৃহস্থ অতিথিশালা সদৃশ হয়।” “জালীয়া শাল ” উন্মোচন কৰি অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰাক্তন মন্ত্ৰী, সংবেদনশীল লেখক পৃথিৱী মাঝিয়ে কয়- “মানৱ জাতি প্ৰকৃতাৰ্থত এজন মানুহ হিচাবে থাকিব হ’লে সংস্কৃতিবান হ’ব লাগিব । যি সমাজৰ বা দেশৰ সাহিত্য উন্নত, সেই সমাজ বা দেশ সদায় উন্নয়নশীল। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে ইংলেণ্ড। অসমভূমিত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, বাণীকান্ত কাকতি, ভূপেন হাজৰিকা, মামণি ৰয়ছম গোস্বামীৰ আদিৰ দৰে সাহিত্যিকৰ জনমভূমি। এখেতসকলে অসমীয়া ভাষা-সাহিত্যক জগতসভাত প্ৰতিষ্ঠা কৰিছে।” কবিতা সংকলন “সপোন সন্ধানী” উন্মোচন কৰি “দৈনন্দিন বাৰ্তা”কাকতৰ মুখ্য সম্পাদক ড০ নৰেন হাজৰিকাই কয়- “সাহিত্যৰ বিশাল পথাৰখন বৰ ওখোৰা -মোখোৰা। সাহিত্যৰ জটিলতা দিশ ভাঙিব হ’লে প্ৰচুৰ অধ্যয়ন কৰিব লাগিব। সাহিত্যৰ প্ৰথম আৰু প্ৰধান দিশ সত্য অন্বেষণ। অধ্যয়ণ আৰু অনুশীলনে লেখকৰ সাহিত্য সৃষ্টিত অৰিহণা যোগায়। ভৱেন্দ্ৰ নাথ শইকীয়া, চন্দ্ৰ প্ৰসাদ শইকীয়া, চৈয়দ আব্দুল মালিক, লক্ষ্মী নন্দন বৰা, হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন আদিৰ ৰচনাবোৰ অতি গুণ মানবিশিষ্ট। নবীন লেখকসমাজে বৰেণ্য সাহিত্যিকসকলৰ সাহিত্যবোৰ ভালদৰে পঢ়িব লাগে।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দেৱেন্দ্ৰনাথ বসুমতাৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা বিশিষ্ট কবি যোগেশ দাস, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, দুধনৈৰ প্ৰাক্তন অধ্যাপিকা ড০ সুষমা মজূজদাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই মুখ্য অতিথি, বিশিষ্ট অতিথি হিচাপে অংশ লৈ সাহিত্য সৃষ্টিৰ মাদকতা, গ্ৰন্থ অধ্যয়নেৰে জগত দিনাৰ কথা, পৰাগজ্যোতি প্ৰকাশনে মফচলীয় অঞ্চলৰ লেখক -লেখিকা সৃষ্টিৰ ভূমিকা আদিৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া কন্ঠশিল্পী, বলিষ্ঠ সুৰকাৰ ডিজেন কাকতিয়ে ভূপেন্দ্ৰ সংগীত, বিহু গীত পৰিৱেশনেৰে সভাৰ সৌন্দৰ্য দুগেনে বৰ্দ্ধন কৰে। অনুষ্ঠানত ভিন ভিন প্ৰান্তৰ প্ৰায় ছয় কুৰি সাহিত্য প্ৰেমী , লেখক -লেখিকা আদি উপস্থিত আছিল।