বঙৰাত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

বঙৰাত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৩০ মাৰ্চ ৰবিবাৰে দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহচক্ৰৰ অন্তৰ্গত বঙৰা জনকল্যাণ পুথিভঁৰাল সংঘ প্ৰাঙ্গণত পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়৷ উক্ত গ্ৰন্থ উন্মোচনী সভাত গৌৰীকান্ত নাথৰ কবিতা সংকলন হিয়াৰ বতৰা, আনহাতে ৰমেশচন্দ্ৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন “জলীয়া শাল” আৰু কবিতা সংকলন “সপোন সন্ধানী” উন্মোচন কৰা হয়৷ উক্ত গ্ৰন্থ উন্মোচনি সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে- শিক্ষাবিদ, পণ্ডিত তাৰিনীকান্ত গোস্বামী৷ অসম বিধানসভাৰপ্ৰাক্তন অধ্যক্ষ পৃথ্বী মাঝী, বিষ্ণুপ্ৰীয়া মনিপুৰী সাহিত্যসভাৰ ৰাষ্ট্ৰীয় সভাপতি লক্ষিন্দৰ সিংহ, দৈনন্দিন বৰ্তাকাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, বিশিষ্ট কবি যোগেশ দাস, সাহিত্য কোৱৰ কমল কলিতা প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।