বঙৰাত অৰুণোদয় আচঁনিৰ নাম কৰ্তনত ক্ষুব্ধ মহিলাৰ পঞ্চায়ত ঘেৰাও
বিজেপিৰ স্বয়ম্ভূ নেতা পালিনেতাৰ বিৰুদ্ধে ক্ষোভ
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ১০৭ নং বঙৰা পঞ্চায়তৰ ১৬৬ নং বুথৰ পৰা ৰহস্যজনকভাৱে অৰুণোদয় আচঁনিৰ নাম কৰ্তন হোৱাত একাংশ ক্ষুব্ধ মহিলাই যোৱাকালি ১ এপ্ৰিল মংগলবাৰে বঙৰা পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি এই অন্যায়ৰ প্ৰতিবাদ জনায়। প্ৰতিবাদকাৰীসকলে আমাক অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা নচলিব,আমাক অৰুণোদয় আঁচনি লাগিবই,দুখীয়া মানুহক লৈ এইদৰে হাৰাশাস্তি কৰা নচলিব আদি ধ্বনি দিয়ে। মহিলাসকলে ক্ষোভেৰে কয়- অৰুণোদয় আচঁনিৰ হিতাধিকাৰী হিচাপে আমি এই ধপ লাম কৰি আছিলো। কিন্তু বিজেপিৰ একাংশ স্বয়ম্ভূ পালিনেতাৰ হস্তক্ষেপত পূৰ্বে লাভ কৰি অহা হিতাধিকাৰী সকলৰ নাম নতুন তালিকাত কৰ্তন কৰা হয়। ফলত বহুসংখ্যক মহিলা এই আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হয়।মহিলা সকলে কয়-তেওঁলোকৰ পৰিয়ালত নাই চৰকাৰী চাকৰি, নাই অন্য আঁচনি পোৱা হিতাধিকাৰী। কিন্তু কি কাৰণত নাম কৰ্তন হল কোনেও নাজানে। এইক্ষেত্ৰত এই বঙৰা পঞ্চায়তৰ ১৬৬ নম্বৰ বুথ কমিটিৰ বাচনি কমিটীত অমিয় তালুকদাৰ, চিত্ৰা চৌধুৰী আৰু দেৱেন মজুমদাৰ আছিল দায়িত্বত আছিল বুলি উল্লেখ কৰে। অমিয় তালুকদাৰৰ হাতত তেওঁলোকে অৰুণোদয় আচঁনিৰ আৱেদন পত্ৰ জমা কৰিছিল। কিন্তু কিয় এই আঁচনিৰ পৰা বঞ্চিত হল তাক বুজি পোৱা নাই।মহিলা সকলৰ অভিযোগমতে, ধনী ঘৰৰ মহিলা,তথাকথিত বিজেপি নেতা-পালিনেতাৰ ঘৰৰ বোৱাৰী আত্মীয়-কুটুম্বৰ নাম এই চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত আছে। কিন্তু এই খাতিখোৱা মহিলা,বিধৱা মহিলা, বৃদ্ধ মহিলাৰ নাম কৰ্তন হোৱাত ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস,বিধায়ক হেমাংগ ঠাকুৰীয়াক এই ঘটনাৰ তদন্ত কৰিবলৈ মহিলাসকলে দাবী উত্থাপন কৰে। বিজেপিৰ মানুহে এই ধৰণৰ অনিয়ম সংঘটিত কৰি আছে। অথচ সভাই সমিতিয়ে বিজেপিৰ মন্ত্ৰী বিধায়ক,নেতা পালিনেতাই দুখীয়াৰ আঁচনি লাভৰ নামত কোনো দুৰ্নীতি নচলিব বুলি কৈ আহিছে। প্ৰমাণ পালে আনকি ব্যৱস্থা গ্ৰহণৰ কথাও কোৱা হৈছিল। অৱশ্যে এই মহিলাসকলৰ ক্ষেত্ৰত পলাশবাৰীৰ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব। কিয়নো বিধায়ক হেমাংগ ঠাকুৰীয়াই তেওঁৰ সমৰ্থিত বিজেপিৰ একাংশ কৰ্মীক ভয় কৰি চলি অহাৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে এই ঘটনাবোৰ সংঘটিত হলেও বিধায়ক গৰাকীয়ে কোনো ব্যবস্থাগ্রহণ কৰিব নোৱৰাৰ অভিযোগ আহিছে। আনহাতে এই পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাইত অৰুণোদয় আঁচনি,আৱাসগৃহ, বৃদ্ধ পেঞ্চন, বিভিন্ন চৰকাৰী সা সুবিধাৰপৰা দুখীয়া লোক বঞ্চিত হৈ আহিছে। বিধায়ক হেমাংগ ঠাকুৰীয়াক এনে বহু লোকে আৱেদন নিৱেদন কৰি অহাত ফুং ফাং তথা দুখীয়াক চলাহী কথাৰে ঠগি অহাৰে অভিযোগ উত্থাপন হৈছে। তেওঁ মানুহৰ মংগলৰ বাবে ধন দিয়াৰ সলনি মন্দিৰ, মছজিদ,সৰু সুৰা সভা সমিতিত ধন দি চৰকাৰী ধনৰ শৰাধ কৰি অহাৰে অভিযোগ আহিছে। বহুক্ষেত্ৰত মানুহক যাম যাম, লগ পাম,কৰাই দিম যেন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দৰে পথকে অনুসৰণ কৰি হ’ব,কৰাই দিম বুলি কৈ ৰাইজক ঠগি আহিছে। তেওঁ শিক্ষাবিদৰ সন্তান তথা বিধায়কৰ উপৰি এগৰাকী অধিবক্তা হোৱা স্বত্বেও সাধাৰণ লোকক এইদৰে ঠগ প্ৰৱঞ্চনা কৰিবলৈ কিয় লাজ নকৰে বুলি ৰাইজে বিধায়ক হেমাংগ ঠাকুৰীয়াক ককৰ্থনা কৰে। আনহাতে তেওঁৰ পিচত আন কেইবাগৰাকী বিধায়কৰ দৌৰত আছে। তেনে লোকৰ একাংশ আৰু কম নহয় বুলি উল্লেখ কৰে ভুক্তভোগী লোকে।