বঙাইগাঁৱৰ অভয়াপুৰীত বিদ্যুৎস্পৃষ্ট হৈ শিক্ষয়িত্ৰীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁৱৰ অভয়াপুৰীত শোকাৱহ ঘটনা।ইনভাৰ্টাৰ অফ কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু ঘটে। অভয়াপুৰীৰ ঐতিহাসিক অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা আমগুৰি প্ৰথম খণ্ডৰ বাসিন্দা আছিল আল্পনা মণ্ডল।প্রাপ্ত বাতৰি মতে২৮বছৰীয়া শিক্ষয়িত্রী আল্পনা মণ্ডলয়ে বতৰ বেয়া হোৱা তথা বিজুলী ঢেৰেকনি হোৱাৰ সময়ত নিজ আমগুৰিৰ ঘৰত থকা ইনভার্টাৰ অফ কৰিবলৈ যায়। তেনে সময়তে তেওঁ বিদ্যুতৰ সংস্পর্শলৈ আহে আৰু ঢলি পৰে। লগে লগে পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত অভয়াপুৰী আৰু আমগুৰিত শোঁকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ এজনী কন্যা সন্তান, স্বামী আৰু আত্মীয়স্বজনক এৰি যায়। উল্লেখ্য যে মৃত মণ্ডলৰ স্বামী অমিত সৰকাৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক।