বগা হৃদয় – মিনহাজ উদ্দিন

PC House Beautiful
বগা হৃদয় 
মিনহাজ উদ্দিন, বৰপেটা
মোক এখন বগা হৃদয় দিয়া
গাখীৰৰ দৰে শুভ্ৰ
হ’বনে কাৰোবাৰ
এখন বগা হৃদয়
য’ত আছে মাথোঁ
ফুলৰ সুগন্ধিৰ দৰে
সজোৱা এটা মন ।
মোক এখন বগা হৃদয় দিয়া
মই তোমাক মোৰ হৃদয়ৰ তেজ দিম
হ’বনে কাৰোবাৰ এখন বগা হৃদয়
য’ত আছে পবিত্র প্ৰেমৰ আভাস
কৰিম মই তোমাৰ হৃদয়ৰ লগত
মোৰ হৃদয়ৰ বান্ধোন
নুশুধো মই তোমাক ফুলশয্যা ৰাতিত
তোমাৰ সতিত্বৰ কথা
মোক এখন বগা হৃদয়ৰ দিয়া
মই তোমাক মোৰ হৃদয়
উজাৰ কৰি মৰম দিম ।
মোক এখন বগা হৃদয় দিয়া
পূজা কৰা ফুলৰ দৰে পবিত্র
য’ত নাথাকিব কোনো হিংসা,ঘৃণা
কোনেও নহ‍’ব ৰাজনীতিৰ বলি
থাকিব মাথোঁ মানৱতাৰ বান্ধোন ।
মোক এখন বগা হৃদয় দিয়া
তোমাৰ হাতত তুলি দিম
মই মোৰ মন, প্ৰাণ
নুশুধো মই তোমাক তোমাৰ জাতি কি,
তোমাৰ ধৰ্ম কি,তোমাৰ বৰ্ণ কি
মাথোঁ মোক এখন বগা হৃদয় দিয়া
ফুলশয্যা ৰাতিত কৰিম আমি প্ৰতিশ্ৰুতি
এক নতুন সুখৰ সন্ধান বিচাৰি ।