বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি – বাহাৰুল ইছলাম 

Pc News18

বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি

বাহাৰুল ইছলাম 

বাহিৰৰ পছুৱা বতাহজাকে বৰকৈ কোবাইছে। সন্ধিয়া হওঁ হওঁ। আলসুৱা সূৰুযে ৰঙা কিৰণ এচকল ঢালি দিছে চৌপাশে। সিহঁত বেগাই খোজকাঢ়ি আহিছে থকা ৰূমটিলৈ। ৰূমটোৰ বাহিৰতে জুবিন দাৰ মায়াবিনী গীতটি গুণগুণাইছে ৰিংকু আৰু তাৰ সৰুকালৰ বন্ধু ৰূপম । আবেলি সময়। কামৰ পৰা আহিছেহে। বন্ধ দুৱাৰখন খুলিয়েই ৰিংকুয়ে খিৰিকীৰে কিবা এটা যোৱা প্ৰত্যক্ষ কৰিছে। সি সচকিত হৈ পৰিল। হঠাৎ উশাহ-নিশাহবোৰ যেন তাৰ বন্ধ হৈ যাব। বুকু ভৰাই বতাহ ল’বলৈ নাক-মুখ উন্মুক্ত কৰিও যেন সি অকণ বতাহ পোৱা নাই। কি হ’ল আৰু কিয় বা হৈছে ৰূপম বৰ চিন্তাত পৰিল। অৱশ্যে তিনি মিনিটৰ পিছতেই ৰিংকু আগৰ অৱস্থালৈ ঘুৰি আহিল।

: অ’ ৰূপম মই ক’ত আছোঁ?

: আমি দুজন দেখোন অকণমান আগতেই আহিলোঁ। কিয় তোৰ মনত নাই?

: অ’ মনত পৰিছে।

: কি হৈছিল তোৰ? কোঠাত কিবা তোৰ চকুত ভাঁহিছিলনে?

: অ’ বৰ ভয়ানক, ঠিক বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি ৰ দৰে লাগিছে। মই দেখাৰ লগতেই খিৰৰিকীৰে গুচি গ’ল। চকু যোৰ ৰঙা। দাঁত কেইটা দীঘল আৰু বগা।

মোৰ বৰ ভয় লাগিল বুজিছ।

: একো নহয় ৰ’ যোৱা কালি ম’বাইলত ভূতৰ ভিডিঅ’ চাইছিলি যে সেয়া সম্ভৱ চকুত ভাঁহিছে। কেতিয়াবা এনেকুৱা হয় দেচোন। আজিকালি এই বিজ্ঞানৰ যুগতো ভূত-প্ৰেত,আত্মা এইবোৰ বিশ্বাস কৰিলে চোন শেষেই হৈ যাব সকলো। মই আছোনা No tension.

: হ’লেও যি চেহেৰা দেখিলেই কিবা কলিজা কঁপি উঠে।

পিছদিনা কামৰ পৰা অলপ সোনকালেই ঘূৰি আহি বিছনাখনত দুয়ো দীঘল দি পৰিল। ভাগৰ মাৰিবলৈ লওতে কেতিয়া যে টোপনি গ’ল গমেই নাপালে। সপোনত ৰিংকুয়ে ঘৰৰ মানুহক ইনাই-বিনাই কান্দি থকা দেখা পালে। তৎমত খাই সি টোপনিৰ পৰা চিঞৰি উঠিল। ৰূপমে চখ খাই কি হ’ল বুলি সুধিলে। সি উত্তৰ নিদি নিজৰ ঘৰলৈ বুলি ম’বাইলেৰে ফোন এটা কৰিলে। তাৰ মাকে ভালেই আছে বুলি ক’লে। সি স্বস্থিৰ নিশ্বাস পেলালে আৰু সপোনৰ কথা বন্ধুক ক’লে। একো নাই এনেকুৱা কেতিয়াবা হয় বুলি ৰূপমে ক’লে। গৰমত গাটো ধুই লওঁ বুলি ৰিংকু বাথৰূমত সোমাল। পানীৰ শ্বাৱাৰটো খুলি দি সি দেহটো শীতল কৰিবলৈ লওঁতেই কিবা ছাঁ এটা চকুত পৰিল। ইফালে কাৰেন্ট গুচি গ’ল। অকস্মাতে ঘটা ঘটনাটো প্ৰথমতে সি তলকিব নোৱাৰি অপ্ৰস্তুত হৈ পৰিল যদিও বিৰক্তিকৰ পৰিৱেশটো চম্ভালিব নোৱাৰি বৰকৈ চিঞৰি দিলে অৱশ্যে ৰূপম সাউৎকৰে সোমাই আহিল বাথৰূমলৈ।

: আজিও দেখিলিনে সেইডালক?

: কিবা ছাঁ এটা চকুত পৰিছিল অ’

: ধেৎ,তয়ো আৰু। ইমান ভয়াতুৰ হ’লে হ’বনে ৰিংকু? তই এইবোৰ বেছিকৈ ভাবি থা’ক বোধহয়।

: নাই অ’

: হ’ব দে‌ এতিয়া গা ধুই ওলাই আহ।

: অ’ আহিছোঁ ৰ’।

সিহঁত দুয়ো অন্তৰঙ্গ বন্ধু। ২৫ বছৰীয়া জীৱনৰ বেছিভাগ সময় একেলগে অতিবাহিত কৰি আহিছে। ছমাহ আগতে অসমৰ বাহিৰত প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছে। উদ্দেশ্য সংস্থাপন। সিহঁতৰ ঘৰৰ ওচৰৰ সম্পৰ্কীয় কোনোবা এজনে চেন্নাইৰ এখন ঠাইত কোনোবা কোম্পানীৰ কিবা ভাল কাম কৰে বুলি কৈছিল। অৱশ্যে কোম্পানীত কাম কৰা ল’ৰাটো ঢুকাল কেতিয়াবাই। সেই ঠিকনা অনুসৰিয়েই সিহঁত আহি পাইছে আৰু কৰ্মত নিয়োজিত হৈছে। সিহঁতৰ আৰ্থিক অৱস্থা স্বচ্ছল নথকা হেতুকেই বাহিৰত থাকিবলগীয়া হৈছে। ভাল কামেই পাইছে বাৰু। ৰিংকুৰ এজনী সৰু ভনী স্কুলত ভৰ্তি হৈছে। তাতে অসুস্থ মাকৰ নিতৌ চিকিৎসা কৰা। একমাত্ৰ দুই বিঘা মাটিয়েই মূলধন। বানপানী হ’লে আৰু উপায়হীন। আনপিনে ৰূপমহতঁৰ ঘৰত দৰিদ্ৰ পিতৃ-মাতৃৰ ওপৰিও সৰু ভাই আৰু এজনী ভনী। সৰু গেলামালৰ দোকান এখন আছে।তাৰে কোনোমতে কাণে কাণ মাৰি চলি আছে। দুয়ো পঢ়া-শুনাতো ভালেই আছিল। ৰাজনীতি বিজ্ঞানত মেজৰ সহ উত্তীৰ্ণ হৈছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত দুয়ো দুটাকৈ বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। বহুত আশা আৰু সপোন বুকুত বান্ধি টেট পৰীক্ষাতো বহিছিল কিন্তু উত্তীৰ্ণ হ’ব নোৱাৰিল

এইবাৰ জীৱন যুদ্ধত নামিছে দুয়ো একেলগে। জীৱন স‍ঁচাকৈয়ে একা-বেঁকা নৈ ক’ৰ পৰা ক’লৈ যায় সেয়া কোনেও নাজানে।

সিদিনা ৰবিবাৰ বুলি দেৰিকৈ টোপনিৰ পৰা উঠিল। পুৱা ন’মান‌ বাজিল। চাহ বনাই দুয়ো অতীতক ৰোমন্থন কৰিছে। কি স্কুলীয়া জীৱন! কি কলেজীয়া জীৱন! সঁচাকৈয়ে কোনো টেনচন নথকা সময় আছিল। যিমানেই দিন গৈছে সিমানেই সিহঁতৰ দায়িত্ব বৃদ্ধি হৈ গৈ আছে। এইবোৰ স্মৃতিৰ দৃশ্য আৰম্ভ হ’ল। এনেতে ৰূপমে স্বৰচিত অনুভৱটি আগবঢ়ায় —

জীৱনৰ সন্ধিয়া

সিটো পাৰে কোন?
ইটো পাৰে মই, তুমি, আমি
জোন, বেলি, তৰাৰ সমদলৰ স’তে
মায়াভৰা বসুন্ধৰা,
নিৰ্ধাৰিত জীৱনৰ আয়ুস
কাঠচিত বগা আৰু ক’লা ৰঙৰ ঘুণে ধৰিছে
জন্মলগ্নৰে পৰাই,
চুটি হৈছে প্ৰতিনিতে আপোনা-আপুনি
ই নিৰ্ঘাত,ই ধ্ৰুৱসত্য বিশুদ্ধ জলৰাশিৰ দৰে।

এখনি আকৰ্ষণীয় গ্ৰন্থ
জিলমিল জীৱনৰ অধ্যায়ে পৰিপূৰ্ণ
প্ৰতিটো পৃষ্ঠা,
আমনি কৰে কেতিয়াবা
কিছু ব্যতিক্রমী অধ্যায়ে
যাৰ পৰশত লভিছোঁ
জীৱন কিম্বা যৌৱনৰ প্ৰকৃত শিক্ষা।

কিছু চিনাকি বচন
কিছু আলসুৱা সচং
যাৰ পৰশত সূৰুযে মেলানি মাগে
মেঘে গাজে, বিৰহৰ বীণ বাজে
আশা আৰু সপোনৰ কুঁহিপাতবোৰ
কেতিয়াবা গজালি মেলে
আন কেতিয়াবা মৰহি যায়।

প্ৰাপ্তি-অপ্ৰাপ্তিৰ আলিবাটত মিলিত হয়
মিঠা, তিতা, কেহাৰ কিছু তহবিল
নয়নত ভাহিব
সোনোৱালি সপোনৰ পম খেদা ক্ষণ
তয়াময়া খেল হোৱা খেলপথাৰ খনি
সুঁতি হেৰোৱা নৈখনিৰ জলতৰঙ্গৰ অস্থিৰতা।

নিটাল-নিস্তব্ধ দেহা
পৰি ৰ’ব হয়তো
আপোনজনে কৰিব ৰোদন
কেৱে বা কৰিব গুণ-গৰিমা
কেৱে হয়তো ৰচিব অপযশ অল্পায়ু জীৱনৰ।

অন্তিম স্নানাগাৰকো নেওচি সমাগম অনেকৰ
এনেহেন সন্ধিক্ষণত সাজু হ’ব কফিন
ছটিয়াব কতজনে সুগন্ধি আতৰ
কফিন মেৰিয়াই খুলিব চাদৰ
প্ৰশ্ন হ’ব আপোনৰ
সাজন-কাচন কিহৰ?
ক’ত যাব, কিহেৰে নিব?
চাৰি চালকে নিব চলাই মাটিৰ নিলয়
ধন, জন, সোণৰ হ’ব শাশ্বত বিলয়।

দুদিনৰ আলহী ধৰাধামৰ
ৰিপুৰ মেৰপাকত ভ্ৰমিছোঁ ইকাতি-সিকাতি
এটি অস্তিত্বহীন ধুলিকণা
গুচি গ’লেই বা হ’ব কি?
এই অধমৰ আছেই কি?
আনিছিলোই কি, লগত বা নিব কি?
আপোন ধাৰাত চলিব জগত
মচগুল থাকিব সৱে আপোন কৰ্মত
সময়ে বা আছে কাৰ উভতি চোৱাৰ?
চৌদিশে চমৎকাৰ স্বাৰ্থৰ জোৱাৰ।

সমাধিস্থ কৰি সৱে ঘৰাঘৰি হ’ব
ৰঙ্গমঞ্চত কিছুপৰ শোকৰ ছাঁ ব’ব
খন্তেকীয়া জীৱনৰ আমি সৱে পখী
এৰিবই লাগিব যিমানেই হোৱা সুখী
এৰিবই লাগিব যিমানেই হোৱা সুখী।”

 ‌‌ দুয়ো আবেগিক হৈ পৰিল। লাহে লাহে ৰূপমে নিজকে চম্ভালি ৰিংকুক ক’লে,” ঐ, কেৱল মাথোঁ চিন্তাতেই জানো জীৱন অতিবাহিত হয়। তইচোন কলেজৰ সেইজনীক লৈ ৰোমান্টিক কিবা এটা লিখিছিলি। সেইটোৰ পৰাই তহঁত দুটাৰ মাজত কম প্ৰেম হৈছিলনে? সেই ৰোমান্টিক স্তৱকটো এবাৰ পাঠ কৰ।

ৰ’ পাঠ কৰিছোঁ বুলি ৰিংকুৱে পাঠ কৰিলে —

“মোৰ বুকুত সিদিনা খুন্দিয়াইছে
এপাঁহ গোলাপৰ সুবাসে
মেটমৰা বিষাদে সুস্থিৰ নিশ্বাস পেলাই
মলিনতাক গিলিছে,
এতিয়া মাথোঁ
উতনুৱা হৃদয় উপত্যকাৰ প্ৰতিটো প্ৰান্তত
ভূঁইকঁপৰ কঁপনি।”

স্ফূৰ্তি কৰি কৰি দুয়ো বহুত দেৰি কৰিলে। গা ধুই ভাত খোৱাৰ সময় পাৰ হ’লেই। নাৰান্ধোঁ বুলি দুয়ো ওলাই গ’ল হুটেল এখনলৈ। বেচ জনপ্ৰিয় হুটেলখনি। বিলো বেছি নাৰাখে। মাজে সময়ে সিহঁত এইখন হুটেলতে খায়। বহুত ভাল ৰান্ধে বাবে গোটেই দিন-ৰাতি ভিৰ‌। খায় লৈ সিহঁত অকণমান ফুৰিবলৈ গ’ল ওচৰতে থকা মনোৰম পাৰ্কলৈ।

: ঐ, ৰিংকু বহুদিনেই হ’ল ৰসাল হাঁহি একাঁজুলিৰ সান্নিধ্য নোপোৱা। আজিহে অকণমান ভাল লাগিছে হয়নে?

: হয় হয়। আজি ইয়ালৈ অহা প্ৰায় ছয় মাহেই হৈছে, যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। ঘৰতো পঠাই আছোঁ,নিজেও চলি আছোঁ কিন্তু মনত বেছি আনন্দ নোপোৱা হৈছোঁ। কিয় বা উদাসীন উদাসীন লাগে।

: ঐ,বাদ দে এইবোৰ। অকণমান সময় বিনদাচ বুলি ধৰি ল’ব নোৱাৰ।

: হ’ব দে,একো নাই। তথাপি যথেষ্ট ভাল লাগিল আজি।

সিদিনা সিহঁত দুয়ো বৰ আনন্দ কৰিলে। ফুৰি-চাকি আবেলি দুয়ো নিজৰ ৰূমলৈ উভতিল।এইবোৰ কথাকে পাতি পাতি ৰাতি বহুত হ’ল। ইফালে ভাত বনোৱাৰ কথা মনলৈ নাহিলেই। হঠাৎ ম’বাইলৰ স্ক্ৰীনলৈ ৰিংকুয়ে নয়ন দুটিক স্থিৰ কৰিলে। চিধাই এঘাৰ বজাৰ সংকেত। সিও আচৰিত হ’ল আৰু দুয়ো বেগাবেগীকৈ ৰন্ধাত মগ্ন হ’ল। কণী আছিলেই। অকণমান দালি ৰান্ধি খোৱা-লোৱাৰ কাম সম্পন্ন কৰে আৰু দুয়ো শুই পৰিল। গভীৰ ৰাতি এক অস্বাভাবিক শব্দত হঠাৎ ৰিংকুৰ টোপনি ভাগি গল। সি অনুমান কৰিলে সিহঁত শুই থকা কোঠাটোৰ কাষৰ হ’ল ঘৰটোত যেন কোনোবাই বিচৰণ কৰি ফুৰিছে, লগতে সৰু সৰুকৈ কথা পাতিছে, হাহিঁছে। তাৰ দেহ-মন শিহঁৰিত হৈ উঠিল। ভয়ত কঁপা কঁপা মাতেৰে ৰূপমক জনাবলৈ চেষ্টা কৰিছে। বেচেৰা ৰূপম যেন আৰু বেছিকৈ শয়নত মুগ্ধ। ইপিনে ভয়ংকৰ শব্দবোৰ তাৰ কৰ্ণভেদি হৃদযন্ত্ৰত ক্ৰিয়া কৰিছে। দপদপনিৰ মাত্ৰা বৃদ্ধি হৈছে। এইবাৰ উপায়হীন হৈ ৰূপমক চিঞৰি মাতিলে কি হ’ল কি হ’ল বুলি ৰূপমে নিদ্ৰাৰ পৰা উঠি বহিল। ৰিংকুয়ে তাক গোটেই কথাবোৰ ক’লে। এইবাৰ দুয়ো মনে মনে শুনিবলৈ ধৰিলে কিন্তু ক’ত ? একো শব্দ নাই।

: একো নাই,তোৰ মনৰ ভ্ৰমহে ৰিংকু। ইমান ভয়াতুৰ তই। হ’ব হ’ব এতিয়া শুই পৰ।

: নিজৰ কাণক অবিশ্বাস কৰিব লাগিব আৰু। ঠিক আছে বাৰু দে।

এসপ্তাহৰ পিছত পুনৰ নিশা কান্দোনৰ শব্দ। তিনি মহলীয়া ঘৰটোৰ দ্বিতীয় মহলাত সিহঁত থাকে। অৱশ্যে ভাৰাতীয়া বহুত কেইগৰাকী থাকে যদিও কাৰোৰে সৈতে কাৰো মিলা প্ৰীতি, কথা-বতৰা নাই বুলিয়েই ক’ব পাৰি। নিজৰ নিজৰ ৰূমত নিজে নিজে থাকে। তাতে সকলোৱেই বাহিৰৰ। দিনত কোনো নাথাকে। কিবা নহয় কিবা কামত থাকে। কিন্তু সিঁহতৰ সোঁফালৰ ৰূমত এজন মধ্য বয়সীয়া কবিৰাজ থাকে। সেইজনৰ চকু যোৰ ভয়লগা। চুলিকোচা দীঘল। ওখ মানুহ জনক এদিন সুধাত গম পাইছে কবিৰাজ বুলি। কাৰো সৈতে কথা নাপাতে। সিহঁত থকা ৰূমটোৰ কাষতে ডাঙৰ হ’ল ৰূমটোত কোনো নাথাকে। সেইখন ভাৰাত নিদিয়েও। সেই কাষৰ হ’ল ৰূমটোত কান্দি আছে। ঠিক মহিলাৰ কান্দোন। ৰিংকুয়ে আজি নুশুনো বুলি নীৰৱতা অৱলম্বন কৰিছে। কিন্তু কান্দোনৰ শব্দটি বৰ ভয়ানক শুনা গৈছে। কি কৰিব,কাক জগাব। কোনেও নুশুনে কেৱল সি শুনে। এইবোৰ ভাবি ভাবি ক্লান্ত হৈ পৰিল। ঘামি গৈছে। কি হ’ব ভাবি থাকোতেই হঠাৎ টোপনি গ’ল।

দুদিন পিছত গভীৰ নিশা। চৌপাশৰ নিস্তব্ধতা ভাঙি ইনাই-বিনাই কান্দোনৰ শব্দ কৰ্ণগোচৰ হৈছে। ৰিংকু নিজকে বহু বুজাই-পৰাই নুশুনাৰ প্ৰয়াস কৰিছে কিন্তু সেয়া যেন সম্ভৱ নহয়। আতংকময় শব্দৰ প্ৰাবল্য বৃদ্ধি হৈ এটা সময়ত সি আৰু বিছনাত শুই থাকিব নোৱাৰিলে। লাহে লাহে সি উঠিল। শব্দ অহাৰ বাটেৰে সি অকণমান আগবাঢ়ি গৈছে দুৱাৰখনৰ কাষত। বাহিৰত ঢিমিক-ঢামাক জোনাকৰ পোহৰৰ। দুৱাৰ খোলাৰ লগে লগে সি অবাক। সি দেখিবলৈ পাইছে বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি এটাই ৰূমটোৰ মাজত বহি কান্দি আছে। তাৰ দেহৰ নোম শিহঁৰি উঠিল। ঘামি অৱস্থা কাহিল বেছেৰাৰ। সি পুনৰ দুৱাৰ খন জপাই দি হুক মাৰিলে আৰু কঁপি কঁপি বিছনাত বহি পৰিল। এনেদৰে বাগৰিল সেই নিশা। কি কৰিব কাক জনাব? ৰূপমক গোটেই কাহিনীটো ক’লে। ৰূপমে সপোন দেখা বুলি ক’লে। ঘৰত উভতি আহিলেও ঘৰখন চলাব কোনে? ইফালে ভাল উপাৰ্জন। কি হ’ব কি কৰিব ভাবি সি সেই কবিৰাজক পুৱাই লগ ধৰিলে। হিন্দী ভাষী মানুহ জনক সি বুজাই ক’লে অৱশ্যে লগত ৰূপম। সেই কবিৰাজ জনে এটি তাবিজ দিলে। সি টকা দিয়াৰ কথা কৈছিল কিন্তু মানুহজনে নালাগে বুলি ক’লে। পুনৰ শান্তিৰে আৰু পোন্ধৰ দিন অতিবাহিত হৈছে। সি এতিয়া সাহসী যেন অনুভৱ কৰিছে। সমস্যা নাইকীয়া হ’ল।

 : ৰূপম,যা হওক। মই এই কবিৰাজক অলপ অলপ ভয় কৰিছিলোঁ। এতিয়া দেখিলোঁ মানুহ জন বৰ ভাল।

: শুন ৰিংকু,তই এনেই ভয় খাওঁ। একো টেনচন নাই। আৰে বাবা মই আছোনা।

: তথাপিও কেতিয়াবা বগা সাজযোৰৰ সৈতে মৃত ব্যক্তিৰ ছবিটো চকুত ভাঁহি উঠিলে কঁপি উঠোঁ অ’। আমাৰ ককাৰ দিনত বোলে আমাৰ গাঁৱত নিশা বাৰটাৰ পিছত বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি সকলৰ দৌৰা-দৌৰি কৰা বহুতে লক্ষ্য কৰিছিল। এবাৰ ককাকে কিবা কামত গভীৰ ৰাতি অন্য গাঁৱৰ পৰা ঘৰলৈ আহিব লওঁতে বোলে গাঁৱৰ সোঁমাজত থকা বকুল জোপাৰ তলত বগা সাজযোৰৰ সৈতে মৃত ব্যক্তি সকলৰ খেল-ধেমালি প্ৰত্যক্ষ কৰিছিল। তাত কিছুয়ে ফাঁচীত উলমি চকু উলিয়াই ৰৈ আছিল। কিছুৱে তৰোৱালেৰে হনাহনি কৰিছিল। কিছুৱে আনকি দোলনা খেল আৰু পাৰ-পানী খেলিছে। গোটেই খেলবোৰ আচৰিত ধৰণৰ ভয়ানক আছিল। তৰোৱাল বোৰ জোনাকৰ পোহৰত তিৰবিৰাই আছিল। হনাহনি কৰোঁতে ইমান শব্দ হৈছিল যে, ককাকৰ নোমবোৰ শিহঁৰিত হৈ পৰিল আৰু তেজে যেন গোটেই ঠাই খন ৰঙীন কৰি দিছিল। দোলনা খেলখন খেলি থকা কেইটা ইমান বেগেৰে আৰু দূৰৈৰ পৰা দূৰলৈ যায় কেতিয়াবা ইমান দূৰত থকা ককাকৰ ওপৰেদি পাৰ হয়। আনকি পাৰ-পানী খেলত এবাৰ পুখুৰী এটাৰ মাজত পুনৰ বকুল জোপাৰ তলত। এনেদৰে খেলি আছিল। ককাকে পূৰ্ণিমাৰ ৰাতি বহু দূৰৈৰ পৰা দেখি আছিল। ভয়ত ককা অচেতন হৈ পৰিছিল। পিছদিনা পুৱাহে ককাক আনি তৎ ঘূৰাই আনে। সঁচাকৈয়ে এইবোৰ শুনিলেই বৰ ভয় লাগে।

আন এদিন ককাকে তেওঁৰ বন্ধু দুজন সহ তিনিও ফুৰিবলৈ গৈছিল বহু দূৰত কিবা মিলনপুৰ নামৰ ঠাইত। তাত তেওঁলোকৰ এজন বন্ধু আছিল। বন্ধু জন আগতে আমাৰ গাঁৱেৰে আছিল। পিছলৈ তাত মানুহৰ সংখ্যা কম বুলি বেছিকৈ খেতি-বাতি কৰিবলৈ সক্ষম হ’ব সেইবুলি গুচি গৈছিল। অৱশ্যে প্ৰথম অৱস্থাত দুই-তিনিবাৰ তেওঁলোক তালৈ গৈছিল। ঘৰ সাজি দিয়া বা অন্যান্য যাৱতীয় কাম কৰি দিব গৈছিল। তিনিজন সন্তানৰ সৈতে সেই বন্ধু জন সুখেৰে জীয়াই আছিল। কিন্তু এইবাৰ সেই গাঁৱত কলেৰা মহামাৰীৰ প্ৰাদুৰ্ভাব হৈছিল। তেতিয়া যোগাযোগৰ তেনে কোনো ব্যৱস্থা নাছিল। বহুদূৰ ৰেলেৰে যাব লাগে। তিনি বন্ধুৱে ৰেল ষ্টেচনত নামিল। সন্ধিয়া হওঁ হওঁ। তাৰ পৰা দুই কিলোমিটাৰ খোজকাঢ়ি যাব লাগে। ঘৰ-বাৰী একেবাৰেই তাকৰ। তিনিও বহু কষ্টৰে আগবাঢ়িল। লংলুঙীয়া বাটেৰে গৈ আছে। হঠাৎ আচৰিত ধৰণৰ এক ৰঙা মেকুৰী। সিহঁত আচৰিত হ’ল। আৰু অকণমান আগবাঢ়ি যাওঁতে এইবাৰ ফেঁচা দুটা চকু কেইটা অস্বাভাৱিক ডাঙৰ আৰু ৰঙা। তেওঁলোকৰ ভয় লাগিল। বৰ বেগেৰে গৈ বন্ধুৰ ঘৰ পালে। বেছি ৰাতি হোৱা নাই। বন্ধুক সকলো ক’লে। বন্ধু জনে মাথোঁ হাঁহিলে। অন্যান্য বহু কথা-বতৰা পাতি খাই বৈ তেওঁলোক আনন্দ মনেৰে শুই পৰিল। নিশা গভীৰ হৈ আহিল। শুৱা কোঠাৰ কাষতে ফেঁচাৰ ভয়ংকৰ মাত লগতে সেই মেকুৰী টোৰ ৰোদন। তেওঁলোক আটায়ে সচকিত হৈ পৰিল। সিটো কোঠাত থকা বন্ধুক মাতিলে। বন্ধু আৰু বন্ধু হৈ থকা নাই। ওচৰত আহিল এক ভয়ংকৰ ৰূপত। টিকটিকায়া ৰঙা চকু যোৰৰ সৈতে ভয়ংকৰ ওলাই থকা দাঁত কেইটা। মুখত ভয়লগা অট্টহাঁহি আৰু লগত পৰিয়ালৰ আটাইকেইজন সদস্য বগা সাজযোৰৰ সৈতে। ভয়ত তেওঁলোক তিনিও ঘামি অচেতন হৈ পৰিল।

অচেতন হোৱাৰ প্ৰাক মুহূৰ্তৰ এটি দৃশ্য মনত আছিল। সেই পাঁচ জনীয়া মৃতকৰ দলে একেলগে কৈ উঠিল যে তহঁতক আৰু ঘৰলৈ উভতি যাব নিদিও সেইবুলি তেওঁলোকৰ ওপৰত জপিয়াই পৰিল। কোনোবাটোৰ চকু আচৰিত ৰঙা, কোনোবাটোৰ নীলা আন কোনোবাৰ আকৌ কিচকিচিয়া ক’লা। মাইকী জনীৰ দাঁত আৰু জিভাৰ বৰ্ণনা দিয়াৰ ভাষা নাই। কেৱল বিকট হাঁহিৰ শব্দ বোৰেই যেন তেওঁলোকক ব্যাধিগ্ৰস্ত কৰি তুলিছিল। তাৰ পিছত আৰু একো মনত নাই। দিনৰ দহমান বজাত ওচৰৰ গাঁৱৰ কেইবাজনো মানুহ সেই ঘৰৰ পিছফালে থকা ৰাস্তাৰে খোজকাঢ়ি যাবলৈ ধৰিলে তেনেতে ককাকৰ অলপ চেতন ঘূৰি আহিল। ককাকে চকু মেলি দেখিলে বাকী দুজন ঢুকাল। নিজৰ শক্তি একত্ৰিত কৰি টেঁটুফালি তেওঁ মাতিলে -বচাওক বচাওক বুলি। লগে লগে মানুহ কেইজন একেলগে ঘৰৰ ভিতৰৰ পৰা ককাক উদ্ধাৰ কৰে আৰু কোনোমতে তেওঁলোকৰ লগত ধৰাধৰিকৈ লৈ ৰেল ষ্টেচনত লৈ যায় আৰু আপোন ঘৰলৈ উভতি আহে। সেই মানুহ কেইজনে ককাকক কয় যে, এই তাকৰ জনসংখ্যা থকা গাঁৱৰ সকলো মানুহেই একমাহ আগতেই কলেৰা মহামাৰীৰ কবলত ঢুকাল। সেয়ে গাঁৱত এতিয়া এই আত্মাবোৰৰ আতংক। এইফালে আহিব লগা হ’লে তেওঁলোকে হেনো কেইবাজন একেলগ হৈ অহা-যোৱা কৰে আৰু সন্ধিয়াৰ আগতেই ঘৰাঘৰি হয়।

: ঐ শুন, এইবোৰ আগৰ মানুহে বিশ্বাস কৰিছিল। আজিকালি এইবোৰ কাহিনী হৈ পৰিল বুজিলি।

: তয়ো আৰু বিশ্বাসেই নকৰ।

: হ’ব দে এতিয়া বেলেগ কথা উলিয়াই ল’। সেইবোৰ বাদ দে।

পিছদিনা পুৱাই বাথৰূমলৈ ৰিংকু সোমাল। প্ৰায় আধা ঘন্টাৰ পিছত ৰূপমে মাতিছে তাক। সি কিন্তু নামাতে উত্তৰ নাই। কি হ’ল কিয় নামাতে? বহু দেৰি হ’ল তথাপি ওলায়েই নাহে। ৰূপম আচৰিত হ’ল আৰু বহু চেষ্টা কৰি দুৱাৰ খোলাৰ পিছত ৰিংকুক পালে কিন্তু মৃত লাচ। কি হ’ল, কেনেকৈ মৰিল? সেইবোৰ সঁচাকৈয়ে এক ৰহস্য হৈয়েই থাকিল।