বগা সাঁজ পিন্ধি আৰামত শুই দিলা – আয়শা ছিদ্দিকা

বগা সাঁজ পিন্ধি আৰামত শুই দিলা 

আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা 

বগা সাঁজযোৰ পিন্ধি কেনেকৈ
অৰামত শুই আছা অ’ জুবিন দা
এবাৰ উঠি কৈ দিয়া
ধেই! মোৰ একো নাই ,
ভাগৰ লাগিছিল বুলি অলপ শুই আছিলোঁ”
তুমি এবাৰ কৈ দিয়া জুবিন দা।
তুমি চোৱা এবাৰ তোমাৰ
বিয়োগৰ বাতৰি পাই
তোমাৰ শুভাকাংসীয়ে কেনেকৈ
ঘৰ-দুৱাৰ সকলো এৰি
তোমাৰ পিছে দৌৰিছে আৰু দৌৰিছে
তোমাক এপলক শেষ বাৰৰ
বাবে চকু পুৰাই চাব বুলি।
তুমি কৈছিলা নহয়
মন্ত্ৰী ,এম এল এ থাকিলেও
ইমান মানুহ নহয়
যিমান মানুহ তোমাৰ নাম শুনি জমা হয়
আজি চোৱা সেয়াই হৈছে
এক জন সমুদ্ৰ তোমাৰ শেষ যাত্ৰাত
সকলোয়ে হিয়া উজাৰি কান্দি আছে
কান্দিব নজনা মানুহেও আজি ফেঁকুৰিছে
আবেগ নথকা মানুহও আজি
আবেগত ভাঙি পৰিছে
তুমি উঠি ধমকি এটা দিয়াচোন সকলোকে
আৰু কৈ দিয়া মোৰ একো হোৱা নাই
মই আছোঁ সদায় মোৰ কামৰ মোৰ গীতৰ
মোৰ অনুৰাগীৰ ভালপোৱাৰ ভাঁজে ভাঁজে।
তুমি যে অসমৰ হৃদয়ৰ স্পন্দন জুবিন দা
তুমি যে অসমীয়াৰ আত্মা স্বৰূপ
তুমি অবিহনে অসমীয়া কঙাল
তুমি নহ’লে অসমীয়াই শান্তিৰে
কেনেকৈ জীয়াই থাকিব।
কোনে ক’ব মই কাকো
ঘেন্তা খাটিৰ নকৰোঁ বুলি,
দুখীয়াৰ বন্ধু কোনে হ’ব
প্ৰতিবাদী কণ্ঠত কোনে গাব গান
অসমীয়াই কি বুলি সান্তনা দিব নিজকে ।
বাটৰ পাগল বোৰেও পাগল হৈ  উচপিছে
তুমি নাই বুলি বিশ্বাস কৰা নাই
আৰু তুমি চিৰনিদ্ৰাত মগ্ন ।
উঠাচোন উঠা তুমি
আৰু কৈ দিয়া মই মৰা নাই
মই মৰিব নোৱাৰোঁ কেতিয়াও
লেজেণ্ড কেতিয়াও নমৰে নাজন’ নেকি
সদায় জীয়াই  থাকে স্মৃতিত
হৃদয়ৰ সূক্ষ্ম কোণত নিগাজিকৈ
গীতৰ সুৰৰ স্ৰোতত, আদৰ্শ বাণীত