বক্সিং ডে’ টেষ্টত ইংলেণ্ডৰ হাতত ৪ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- সুদীর্ঘ ১৫ বছৰীয়া ব্যৰ্থতাৰ ধাৰা ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট জয়ৰ সোৱাদ লাভ কৰিলে ইংলণ্ডে। ২০১১ চনত অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট জয়ৰ সোৱাদ লাভকৰা ইংৰাজ বাহিনীয়ে চলিত এছেজ শৃংখলাৰ মেলব’র্ন অনুষ্ঠিত বক্সিং ডে’ টেষ্টত কেংগাৰু বাহিনীক মাত্র দুদিনতে নাটকীয়ভাৱে ৪ উইকেটত পৰাস্ত কৰে। টেষ্টখনত বিজয় সাব্যস্ত কৰি ইংলেণ্ডে এছেজ শৃংখলাটোত পৰাজয়ৰ ব্যৱধান ৩-১ লৈ হ্রাস কৰে। টেষ্টখনত অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ইংৰাজ বাহিনীয়ে একপ্ৰকাৰ চাপত পৰিছিল। অৱশ্যে জেকব বেথেলৰ দায়িত্বশীল বেটিঙৰ সহায়ত ইংলেণ্ডে ৩২.২ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। অপেনাৰদ্বয় জেক ক্ৰলে আৰু বেন ডাকেটে প্রথম উইকেটৰ যুটীত ৫১ ৰান সংগ্ৰহ কৰি দলক সুন্দৰ আৰম্ভণি দিয়ে। ডাকেটে ৩৪ ৰান কৰি বিদায় লোৱাৰ কিছু সময়ৰ পিছতে ব্রাইডন কাৰ্ছ পেভিলিয়নমুখী হয়। ব্রাইডন কাছে ৬ ৰান কৰি বিদায় লয়। ইফালে ক্রলেই বেথেলৰ সৈতে তৃতীয় উইকেটত ৪৭ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰাৰ সময়তে ক্ৰলেই ৩৭ ৰানত পেভিলিয়নমুখী হয়। অৱশ্যে বেথেলে ধীৰে সুস্থিৰে খেলি দলক সুস্থিৰ অৱস্থাত উপনীত কৰায়। বেথেলে ৪০ ৰানৰ গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়ায়। ইপিনে জ’ ৰুটে ১৫ আৰু হেৰী ব্ৰুকে অপৰাজিতভাৱে ১৮ ৰান কৰি দলৰ সুনিশ্চিত কৰে। ইয়াৰ পূৰ্বে প্ৰথম দিনা কোনো উইকেট নেহেৰুৱাকৈ কৰা ৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ব্রাইডন কাৰ্ছ আৰু বেন ষ্ট’কছৰ দুৰ্দন্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ অষ্ট্ৰেলিয়াই ৩৪.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ১৩২ ৰানহে কৰে।অপেনাৰ ট্রেভিছ হেডে সর্বাধিক ৪৬ ৰান কৰাৰ লগতে অধিনায়ক ষ্টিভেন স্মিথে অপৰাজিতভাৱে ২৪ আৰু কেমেৰন গ্রীনে ১৯ ৰান কৰে। ইংলেণ্ডৰ হৈ কাছে সর্বাধিক ৪টা, ষ্ট’কছে ৩টা, জ’ছ টঙে ২টা আৰু গাছ এটকিনছনে ১টা উইকেট লাভ কৰে। উল্লেখ্য যে প্রথম দিনা ২০টা উইকেটৰ পতন হোৱাৰ পিছত দ্বিতীয় দিনাও ১৬টাকৈ উইকেটৰ পতন ঘটে।
