বকোৰ কলেজ অফ এডুকেশ্বনৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত “সামাজিক সেৱা অভিযান” শীৰ্ষক সজাগতা কাৰ্য্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপ জিলাৰ এক অগ্ৰণী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয় হৈছে কলেজ অফ এডুকেশ্বন, বকো।বকোৰ কলেজ অফ এডুকেশ্বনৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু IQAC ৰ সহযোগত ১১ মাৰ্চত “সামাজিক সেৱা অভিযান” শীৰ্ষক এখনি সজাগতা কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়।কলেজ অফ এডুকেশ্বনৰ সমাজ বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সজাগতামূলক কাৰ্যসূচীত বকো চহৰখনৰ বহুকেইটা স্থানত অপ্রয়োজনীয় বস্তু বা জাৱৰ-জোঁথৰ ৰাখিবৰ বাবে একোটাকৈ ডাষ্টবিন্ সংস্থাপন কৰা হয়।উল্লেখ্য যে,এই সজাগতামূলক কাৰ্যসূচীৰে বকোৰ হাহিম তিনিআলি চ’কত এটা, বকো ডন’বস্ক স্কুল তিনিআলি চ’কত এটা, বকো বৃহস্পতিবৰীয়া সাপ্তাহিক বজাৰৰ চৌহদত দুটা, বকো ফল মূল বজাৰ চৌহদত দুটা,বকো শণিবৰীয়া সাপ্তাহিক বজাৰ চৌহদত দুটাকৈ ডাষ্টবিন্ সংস্থাপন কৰা হয়।এই সজাগতামূলক কাৰ্যসূচীত মূখ্য ব্যক্তি হিচাপে উপস্থিত থাকে কলেজ অফ এডুকেশ্বন,বকোৰ অধ্যক্ষ যামিনী বৈশ্য।লগতে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াই মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা ইন্দ্রানী কলিতা,স্মিতা বড়ো,অধ্যাপক ক্রমে সুশান্ত সৰকাৰ,সত্যৰঞ্জন সৰকাৰ,ৰাজীৱ সৰকাৰ আৰু সমীৰ দাসে।উল্লেখযোগ্য যে,সজাগতামূলক কার্য্যসূচীটোত কলেজ অফ এডুকেশ্বন,বকোৰ বি. এড. প্ৰথম বৰ্ষৰ প্ৰশিক্ষণৰত প্ৰশিক্ষার্থী সকলে বকোৰ বিভিন্ন স্থানত সংস্থাপন কৰা ডাষ্টবিন্ সমূহ বনোৱাৰ পৰা সংস্থাপন কৰাৰ লৈকে সকলো ক্ষেত্ৰতে বিশেষভাৱে সহায় সহযোগিতা আগবঢ়ায় আৰু এই কাৰ্যসূচীৰ জৰিয়তে সকলো ৰাইজকে পৰিৱেশ নিকাকৰণ,স্বচ্ছতা পূৰ্ণ পৰিৱেশৰ বাবে বাট দেখুৱাই দিয়াৰ লগতে ডাষ্টবিনৰ সঠিক ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনোৱা হয় বুলি কলেজ অফ এডুকেশ্বন,বকোৰ অধ্যক্ষ যামিনী বৈশ্যই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।