বকোত ভয়ংকৰ দুৰ্ঘটনা
ৰঙিলী বাৰ্ত্তাসেৱা-বকোৰ বীৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। অগ্নিদগ্ধ হৈ মৃত্যু হয় দুজন চালকৰ। মৃত চালক দুজন কৃষ্ণ দাস আৰু ভদ্ৰেশ্বৰ পাটগিৰি। নিহত কৃষ্ণ দাসৰ ঘৰ বকোৰ বামুণীগাঁৱত আৰু ভদ্ৰেশ্বৰ পাটগিৰিৰ ঘৰ গোৱালপাৰাৰ দুধনৈত বুলি জানিব পৰা গৈছে।১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। পুৱতিনিশা সংঘটিত হোৱা এই ঘটনাৰ খবৰ শুনি বকো আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে গাড়ীৰ ভিতৰত থকা দুজনকৈ চালক হেণ্ডিমেন জুইত জ্বলি চাই হৈ যায়।