বকোত প্ৰাতঃভ্ৰমণলৈ যোৱা ৩গৰাকী মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু

বকোত প্ৰাতঃভ্ৰমণলৈ যোৱা ৩গৰাকী মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে পুৱাই  ৰাজ্যত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।  বকোৰ বামুনীগাঁও ৰে’লৱে ষ্টেচনৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ৰে’লৰ খুন্দাত একেলগে ৩গৰাকী মহিলাৰ মৃত্যু।প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই অঘটন।বামুণীগাঁও ৰে’ল ষ্টেচনৰ NN 240 গেটৰ সমীপত এই অঘটন। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰিছিল সেই স্থান। গুৱাহাটী অভিমুখী ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিওগৰাকীক। নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ দেহ। মৃত মহিলাকেইগৰাকী হল উত্তৰা দাস (৫০),ৰুমী দাস (৩৫) আৰু কৰৱী মালী (৩৫)। আটাইকেইগৰাকীৰ ঘৰ বকোৰ ২নং ছাটাবাৰীত।  খবৰ পোৱাৰ পিছত ততাতৈয়াকৈ ঘটনাস্থলীত গৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে বকো থানাৰ আৰক্ষীয়ে। বর্তমানলৈ সেই স্থানত ২০ গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছে। কামাখ্যা-যোগীঘোপা ৰে’লপথত এই অঘটন।