বকোত ধুমুহা–বৰষুণৰ ফলত গাড়ীৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ

বকোত ধুমুহা–বৰষুণৰ ফলত গাড়ীৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ

ৰঙিলী বাৰ্ত্তাসেৱা- বকোৰ ৰাজাপাৰাত নিশা হোৱা ধুমুহা-বৰষুণত এখন বাহনৰ ওপৰত উভালি পৰে এজোপা প্ৰকাণ্ড গছ। দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে বাহনৰ গৰাকীসহ পৰিয়ালৰ। বকো ৰাজাপাৰা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ হোটেল হিমালয়াত খাবলৈ সোমাইছিল ডেকাপাৰা নিবাসী মৃদুল পাটোৱাৰী। লগত আছিল পৰিয়ালৰ তিনিগৰাকী মহিলা। AS 01 BY 1392 নম্বৰৰ Alto K10 বাহনখনত আহিছিল পৰিয়ালটো। ধুমুহা বৰষুণত এজোপা প্ৰকাণ্ড গছ উভালি পৰে ৰখাই থোৱা বাহনখনত। ফলত যথেষ্ট ক্ষতিসাধন হয় বাহনখনৰ। গছডালৰ এটা অংশ এখন পাণ দোকানৰ ওপৰত পৰে। দোকানৰো যথেষ্ট ক্ষতিসাধন হয়। দোকান বন্ধ কৰি থকা অৱস্থাত আঘাতপ্ৰাপ্ত হয় দোকানৰ কৰ্মচাৰী বাবুৰাম শৰ্মা। আনহাতে, ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা ভাগি বিস্তীৰ্ণ ৰাজাপাৰা অঞ্চল অন্ধকাৰত ডুব যায়।ধুমুহাই বকোৰ কেতবোৰ অঞ্চলৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়ে । এই ধুমুহাৰ ফলত বহু পৰিয়ালৰ মাজত হাহাকাৰৰ পৰিৱেশ সৃষ্টি হয়।