বকুল ফুলৰ দৰে উপন্যাস খনৰ অৰ্ন্তনিহিত অনুভৱ মাষ্টৰ সত্তাটি আমাৰ ইয়াতো আছে  – পদ্ম মৰাণ

বকুল ফুলৰ দৰে উপন্যাস খনৰ অৰ্ন্তনিহিত অনুভৱ মাষ্টৰ সত্তাটি আমাৰ ইয়াতো আছে 

পদ্ম মৰাণ ,
তিনিচুকীয়া কাকপথাৰ 

শিক্ষা হৈছে আমাৰ বাস্তব জীৱনৰ মূল চাবিকাঠি। বৰ্তমান  জীৱনৰ বহু খিনি জ্ঞান পাঠ্যপুথিৰ পৰা আহৰণ কৰিব লগীয়া হয় , যদিও বহু খিনি জ্ঞান মানৱ সমাজৰ পৰা আহৰণ কৰিব লগা হয় । অসমীয়া সাহিত্য জগত খন হল এক জাতীয় জাগৰণৰ অমৰ সৃষ্টি। শিক্ষা ক্ষেত্ৰখনলৈ মন কৰিলে পূৰ্বতে কেইজন মান বিশিষ্ট ব্যক্তিয়ে সাহিত্য চৰ্চা কৰিছিল যদিও বৰ্তমান অসমীয়া বহু সাহিত্যিকে বিভিন্ন ধৰণৰ গ্ৰন্থ আগবঢ়াইছে। সেই সমূহৰ ভিতৰত মোৰ এখন অতি প্ৰিয় কিতাপ হল  মৃণাল কলিতা দেৱৰ বকুল ফুলৰ দৰে । বিভিন্ন ধৰণৰ সাহিত্য কিতাপ সমূহ পঢ়াৰ হাবিয়াস এটা কম বয়সতে জন্মিছিল । মই অধ্যয়ন কৰা  সাহিত্য জগতৰ প্ৰথম খন কিতাপেই আছিল বকুল ফুলৰ দৰে। কিতাপ খন পঢ়ি সঁচাকৈ কিবা এটা অনুভৱ ৰৈ গৈছিল ।বাস্তব জীৱনত থাকিব পাৰে নে মৰম , আদৰ , অনুভৱ এইবোৰক প্ৰাধান্য দিয়া শিক্ষক। পঢ়ি থকা সময়ত কিতাপ খনৰ প্ৰত্যেক টো বাক্যই মোৰ চকু পানী নিয়ৰ হৈ সৰিছিল  । অনুভৱ sir ৰ অসীমৰ প্ৰতি থকা বিশ্বাস, মৰম আদৰ বোৰেই মোৰ মন মুগ্ধ কৰি পেলাইছিল । সাৱলীল আৰু অনুপ্ৰেৰণা বোধৰ গুণৰ মানুহ বাস্তব জীৱনত থাকে নে? মোৰ বাবে কিছু প্ৰশ্ন বোধক হৈ পৰিল । সেই সময়ত অনুভৱ বোৰ সামৰি ৰাখিছিলো মনত । কেতিয়াবা মইও যদি জীৱনত তেনেকুৱা অনুভৱ sir দৰে অন্তৰ জিকাব পৰা শিক্ষক লগ পাও নিশ্চয় কিতাপ খনৰ দস্তাবেগ বোৰ  উনুকীয়াবলৈ চেষ্টা কৰিম ।

আমি পৰিকল্পনা কৰা বিপৰীতে কিছুমান বস্তু কেতিয়াবা  আমাৰ হাতত আহি পৰে , সেয়েহে মানৱ  জীৱনটো কল্পনা অপৰিসীম এক সত্তা। যাত্ৰিকতা এই মায়াভৰা  কঠোৰ সংগ্ৰামৰ পৃথিৱী খন কোনো কাৰো আপোন নহয় বুলি জীৱনৰ সৰু সৰু অভিজ্ঞতাই সকলোকে  কিছু কিছু ক্ষেত্ৰত সবল কৰি থৈছে ।  সকলোৱে নিজৰ নিজৰ পৃথিৱী আখৰা কৰাত ব্যস্ত । মৰম , স্নেহ , সহানুভূতি ,আদৰ ,  স্বভিমান , অনুভূতি এইবোৰ স্বীকৃতি দিয়াত যেন সকলো মানুহেই ব্যৰ্থ। সকলোৱে এইবোৰ ভবাৰ দৰে মইও এই ক্ষেত্ৰত ব্যতিক্ৰম নাছিলোঁ । মইও বাস্তব সমাজত বকুল ফুলৰ দৰে উপন্যাসখনত উল্লেখ থকা মহেন্দ্ৰ মাষ্টৰ চৰিত্ৰৰ দৰে শিক্ষক আছে বুলি মনত ধাৰণা কৰি লৈছিলোঁ , এই ক্ষেত্ৰত মই কোনো শিক্ষক বেয়া বুলি প্ৰতিপন্ন কৰিবলৈ যোৱা নাই মইও জীৱনত বহুত ভাল শিক্ষক লগ পাইছোঁ , কিন্তু বৰ্তমান ছাত্ৰ ছাত্ৰী সমাজ খনে এটা ভূল ধাৰণা মনত পোষণ কৰি লৈছে যে  মহেন্দ্ৰ মাষ্টৰ দৰে দয়াহীন  সময় সাপেক্ষে কঠোৰ হৈ পৰাই শিক্ষকৰ আচল চৰিত্ৰ বুলি বিশ্বাস কৰে আৰু বাস্তৱ জীৱনত শিক্ষক সকল তেনেকুৱা প্ৰকৃতিৰ হয় বুলি বহু ছাত্ৰ ছাত্ৰীয়ে মনত ধাৰণা কৰি লয় । মইও প্ৰথমে কিতাপ খন পঢ়ি পেলাই ভাবিছিলো বাস্তব জীৱনত সঁচাকৈ অনুভৱ sir দৰে শিক্ষক আছে নে বুলি ,মইও কেতিয়াবা যে বাস্তব জীৱনত এনে শিক্ষক লগ পাম  মোৰ বাবে কল্পনা অপৰিসীম আছিল । কিতাপ খনৰ   কাল্পনিক  চৰিত্ৰ এটা বাস্তব জীৱনত এজন শিক্ষক হিচাপে লগ পাম বুলি সঁচাকৈ ভবা নাছিলোঁ । হয় মই কব বিচাৰিছোঁ অনুভৱ মাষ্টৰ দৰে একে সত্তাকে একে সঞ্জীৱনীকে জীয়াই ৰখা আমাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত Doom Dooma ৰ ৰূপাই অঞ্চলত অৱস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় সহকাৰী শিক্ষক ৰূপে কৰ্মৰত অক্ষই জ্যোতি মহন্ত কথা । শিক্ষক হবলৈ বহু গুণৰ অধিকাৰী হব লাগিব , কেৱল নিজকে শিক্ষক পদত অধিষ্ঠিত কৰিলেই যে সঁচা অৰ্থত এজন শিক্ষক হৈ পৰে সেই কথা মোৰ দৃষ্টিৰে নকয় । Sir লগ পোৱাৰ আগলৈকে মইও মনত এক ভূল ধাৰণাকে প্ৰাধান্য দি আছিলো । ভাবিছিলো হয়টো বাস্তব জীৱনত কোনো এনেকুৱা শিক্ষক থাকিব নোৱাৰে যিয়ে কাৰোবাৰ মন জয় কৰিবলৈ সক্ষম হয় । সঁচাকৈ অক্ষই sir এজন বহু গুণৰ লগতে গাম্ভিজ্য পূৰ্ণ ব্যক্তি । এজন ছাত্ৰৰ আবেগ অনুভূতি প্ৰশ্ৰয় দিয়া এজন অংকুৰিত ব্যক্তি আপুনি ।  উপন্যাস খনত অৰ্ন্তনিহিত অনুভৱ sir যি সাৱলীল চৰিত্ৰ আছে সেই সকলো বোৰ গুনেই যেন তেওঁৰ তাত বিৰাজমান। ভবা নাছিলোঁ কেতিয়াও যে আপোনাৰ দৰে ব্যক্তি জীৱনত লগ পাম । মানুহৰ  আবেগ অনুভূতি এইবোৰ প্ৰাধান্য প্ৰদান কৰা এজন সফল ব্যক্তি আপুনি  , মানুহ বোৰে  সমাজ খনত বৰ্তমান ইমানেই যান্ত্ৰিকতা সোমাই পৰিছে যে মানৱতা বোধ হেৰাই গৈছে , নিজৰ বাহিৰে বেলেগক প্ৰাধান্য দিয়া কথাটো যেন আওকাণ কৰে , কিন্তু আপুনি সঁচাকৈ পৃথক  সেই সকল শিক্ষকৰ তুলনাত । আপোনাৰ  গাত যেন  এজন সফল শিক্ষকৰ সকলো গুণেই  বিৰাজমান , বিভিন্ন সমস্যা সমূহ পৰিচালনা আৰু ৰূপায়ন কৰাত যে কেৱল এজন ছাত্ৰই দৃষ্টি নিক্ষেপ কৰিব লাগিব এনে নহয় এই ভান্ত ধাৰণাৰ কথা যেন পুণৰ বাৰ আপোনাৰ পৰাই বুজি উঠিলো । মানুহ জনৰ ব্যক্তিত্ব টো  সঁচাকৈ আপোন মোৰ কেইবাটাও জনমৰ আপোনাৰ ব্যক্তিত্বই মোৰ বাবে সঁচাকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু , সজ সৰল অমায়িক ব্যক্তিতই যেন এক এৰাব নোৱাৰা এনাজৰিৰে বান্ধি পেলালে , কিছুমান ব্যক্তি আছে যিয়ে কেৱল নিজৰ ব্যক্তিগত জীৱনত বেছি গুৰুত্ব প্ৰদান কৰে এজন শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা ওপৰত দৃষ্টি নাৰাখে । কিন্তু আপুনি সেইবোৰৰ তুলনাত বহুত ওপৰত এজন ছাত্ৰক সদায় আগুৱাই নিয়াত কেনেদৰে , কি পন্থা   অৱলম্বন কৰিব লাগে সেই দিশত আপুনি সদায় আগৰণুৱা । থাকে এজন ছাত্ৰৰো থাকে কিছুমান সমস্যা কিছুমান বিশেষ দিশত দুৰ্বলতা কিন্তু সেইবোৰ যে আপুনি  পদ পদক্ষক হিচাপে আঙুলিয়াই দিয়ে সেইয়াই আমাৰ বাবে বিশেষ , সেয়েহে কওঁ শিক্ষকৰ লগতে এজন ভাল মানুহ হিচাপে এজন বিশেষ ব্যক্তি আপুনি । মানুহ হিচাপে জন্ম লৈ খুব কম দিনৰ বাবে এই পৃথিৱীত থাকে  সেই দিন কেইটা যে মানুহে মানুহক প্ৰাধান্য দিব লাগে, এই অনুভৱ টো  sir ক দেখা পালে পুনৰ বাৰ মনত ইচ্ছাকৃত ভাৱে উদয় হয় । এজন শিক্ষক হিচাপে সঁচাকৈ মহান আপুনি , আপোনাৰ ব্যক্তিত্বই সুকীয়া , ছাত্ৰ ছাত্ৰী মাজৰ থকা সমস্যা বিলাকৰ সমাধান আপুনি সেয়েহে কওঁ  আপুনি সঁচাকৈ মোৰ বাবে এজন মহান ব্যক্তি । উপন্যাস খনত অনুভৱ মাষ্টৰে যেনেকৈ নিৰ্মল আৰু অসীমৰ বাবে এজন আদৰ্শ ব্যক্তি ঠিক তেনেকৈ মোৰ বাবে এজন আপুনি আদৰ্শ প্ৰেৰণা মূলক ব্যক্তি । ব্যক্তিগত ভাৱেও যদি চাও আপুনি সঁচাকৈ এজন ভাল ব্যক্তি , মানৱতা বোধ , স্পষ্টবাদী সৰল মনৰ এজন ব্যক্তি আপুনি সেয়েহে কওঁ আপুনি আপোনাৰ ব্যক্তিত্ব সদায় নিজৰ লগতে ৰাখক ….

আপোনাৰ কথা হয়টো ইয়াত এনেদৰে বিশ্লেষণ কৰি হয়টো শেষ নহব , আপোনাক ওচৰৰ পৰা লগ পালে  হয়টো ভালদৰে বুজি উঠিব যে আপুনি সঁচাকৈ অনুভৱ মাষ্টৰ সত্তা টো জীয়াই ৰাখিছে । অনুভৱ মাষ্টৰে যেনেকৈ ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰিছিল , শ্ৰেণীত প্ৰত্যেক বাৰে ফেইল কৰা সিদ্ধাৰ্থ যেনেকৈ উৎসাহিত কৰি কৈছিল : শ্ৰেণীটোত তুমিয়ে আছা একমাত্ৰ সিদ্ধাৰ্থ ,যিয়ে ইমান ধুনীয়াকৈ বাঁহী বজাব পাৰে ।

উক্ত বাক্য শাৰীয়ে মোৰ সঁচাকৈ হৃদয় খন জোঁকাৰি পেলাইছিল । কিমান হৃদয়স্পৰ্শী হলে এজন শিক্ষকে পঢ়াত দুৰ্বল এজন ছাত্ৰকো অনুপ্ৰেৰণা দিব পাৰে। এই গুণ বোৰৰ ক্ষেত্ৰত আপুনি কোনো গুনেই ব্যতিক্ৰম নহয় অক্ষই জ্যোতি মহন্ত sir। ঠিক সেই অনুভৱ sir দৰে আপুনিও এজন হৃদ়য়স্পৰ্শী শিক্ষক। এজন শিক্ষক প্ৰকৃতাৰ্থক কেনকুৱা কোৱা উচিত আপোনাৰ পৰাই বহু জনে উপলদ্ধি কৰিব পাৰিব । আপোনাক ওচৰৰ পৰা লগ পালে সকলোৱে উপলদ্ধি কৰিব পাৰিব , বুজিব পাৰিব যে আপুনি সঁচাকৈ এজন উপন্যাস জগতৰ এজন অনুভৱ মাষ্টৰ।

বহুতে জীৱনত এনেকুৱা অনুপ্ৰেৰণা , অনুকৰণ মূলক শিক্ষক জীৱনত বিচাৰি ফুৰে হয়টো কিছু কিছু লোকে এতিয়াও আদৰ্শ হিচাপে বিভিন্ন জন লোকক সন্মান , আদৰ কৰে । উপন্যাসখন পঢ়ি যে বাস্তব জীৱনৰ এগৰাকী অনুভৱ sir লগ পালো তাৰ বাবে নিজকে গৌৰাম্বিত অনুভৱ কৰোঁ। সেয়েহে মনৰ পৰা এটা কথা কওঁ যে বকুল ফুলৰ দৰে উপন্যাসখনৰ উপস্থাপন কৰা অনুভৱ  মাষ্টৰ সত্তা টি আমাৰ ইয়াতো আছে ।আপুনি সদায় অনুভৱ sir সত্তা টি জীয়াই ৰাখক , আমাৰ বাবে সদায় আপুনি এজন অনুভৱৰ ব্যক্তি হৈ ৰওক আৰু ভালে থাকক আপুনি ।