বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিদায়ী সভা

বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ বিদায়ী সভা

বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনৰ বংশৰ মণ্ডল সমল কেন্দ্ৰৰ বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ত আজি পঞ্চম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰীৰ বিদায়ী সভা খন অনুষ্ঠিত হয়। বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কন্দৰ্প বৈশ্যৰ সভাপতিত্বত সভা খন অনুষ্ঠিত হয়। প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ই ছাত্ৰ -ছাত্ৰী ৰ সৰ্বাংগীন বিকাশ সাধনৰ দিশৰ ওপৰত বক্তৃতা আগবঢ়ায় আৰু ভৱিষ্যতে একো একোজন সুনাগৰিক হ’বলৈ পঞ্চম শ্ৰেণীৰ ২১ গৰাকী ছাত্ৰ -ছাত্ৰক আহ্বান জনায়। সভাত আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি তথা শিক্ষক গোলোক চন্দ্ৰ দাসে বিদ্যালয় খনৰ পৰিবেশ, ছাত্ৰ -ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ কৃতিত্বৰ শলাগ লয়। তেওঁ কয়- একো একোখন শিক্ষানুষ্ঠান হ’ল ছাত্ৰ -ছাত্ৰী ৰ আগন্তুক জীৱনৰ মাপকাঠি। লগতে একো একোজন ভাল মানুহ হ’বলৈ আহ্বান জনায়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে নিউ গন্ধমৌ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন বৈশ্য ই কয় – প্ৰাথমিক বিদ্যালয় হ’ল শিক্ষাৰ ঘাই কঠিয়াতলি । সহকাৰী শিক্ষক জিতুমণি বৈশ্য,বিজয়া দাসে ভাষণ ৰাখে। সভাত শিক্ষয়িত্ৰী মলয়া দাস,ডলি ডেকা,সনাতন বৈশ্য, সুভাষ চন্দ্ৰ বৈশ্য, কৰিওগ্ৰাফাৰ বিশ্বজিৎ বৈশ্য উপস্থিত থাকে। সভাৰ আৰম্ভণিতে ছাত্ৰ -ছাত্ৰী সকলে এটি সৰ্বধৰ্ম প্ৰাৰ্থনা পৰিবেশন কৰে।