বংশৰত শিশু দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনৰ বংশৰ মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰে। সহকাৰী শিক্ষক জিতুমণি বৈশ্যই আতধৰা সভাখনত প্ৰধান শিক্ষক তথা কৃতী শিক্ষক ইন্দ্ৰ কান্ত বৈশ্য ৰ পৰিচালনাত শিশু দিৱস ও সম্বৰ্দ্ধনা সভাখনত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী সকলে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, মেঘালয় ৰ পৰা(মহিলা শিপিনীৰ মৰ্য্যদা আৰু অসমৰ আৰ্থ সামাজিক উন্নয়নত বস্ত্ৰ উদ্যোগৰ বৰঙণি: গৱেষণা স্থল বস্ত্ৰ নগৰী শুৱালকুছি) যোৱা ৩ নৱেম্বৰত পি.এইচ.ডি(Ph.D)লাভ কৰা বংশৰ নিবাসী বংশৰ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ডঃ ৰুবী চৌধুৰীক বিদ্যালয়ৰ তৰফৰ পৰা গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।সভাত শিশু দিৱস উপলক্ষে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিজয়া দাস,মলয়া দাস,ডলি ডেকাই বক্তব্য ৰাখে। শেষত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলে হিয়াৰ আমঠু জুবিন গাৰ্গ ৰ “মায়াবিনী ৰাতিৰ বুকুত” গীত টি সমাস্বৰে পৰিবেশন কৰে।
