বংশৰত ভাগৱতাচাৰ্য বগাৰাম বৈশ্যৰ জন্মদিনত গ্ৰন্থ উন্মোচন

বংশৰত ভাগৱতাচাৰ্য বগাৰাম বৈশ্যৰ জন্মদিনত গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  বংশৰৰ অন্যতম বৰ্ষীয়ান ব্যক্তি সমাজসেৱী শ্ৰীবগাৰাম বৈশ্যৰ চৌৰান্নবৈ বৰ্ষত ভৰি দিয়াৰ উপলক্ষত তেখেতৰ জীৱন আধাৰিত এখনি আত্মকথা “এবাৰ উভতি চাওঁ” শীৰ্ষক গ্ৰন্থ যুটীয়া ভাবে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ কামৰূপ একাডেমিৰ প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত তিলক শৰ্মা আৰু আচাৰ্য শ্ৰীশ্ৰীসদানন্দ ব্ৰহ্মচাৰীদেৱে। শৰ্মাদেৱে উন্মোচনী ভাষণ প্ৰসংগত কয় যে আত্মজীৱনী এখনে কেইবাটাও প্ৰজন্মৰ মাজত যোগসূত্ৰ স্থাপন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইদৰে বিশিষ্ট সাহিত্যক,লেখক শ্ৰীনৃপেন কুমাৰ ভাগৱতীয়ে কই যে আত্মকথাত কেৱল নিজৰ কথাকে বৰ্ণনা নাথাকে। ইয়াত খোদিত হয় সেই সময়ছোৱাৰ আৰ্থসামাজিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক পৰিবেশ আদি বিভিন্ন বাতাবৰণৰ এখন চাক্ষুস প্ৰতিচ্ছবি । সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলৰ ভিতৰত ভাষণ ৰাখে সৰ্বশ্ৰী ড৹ দেবেন্দ্ৰ নাথ দাস (সুদামা), অতুল মজুমদাৰ, তিলক চন্দ্ৰ গোস্বামী, কনকেশ্বৰ গোস্বামী, ধনপতি শইকীয়া, বসন্ত কুমাৰ দাস, ডা৹ কাৰ্তিক চন্দ্ৰ মেধি, প্ৰফুল্ল বৈশ্য, কনক দাস, দেবেন্দ্ৰ নাথ কাকতি, ৰঞ্জিত ডেকা প্ৰমুখ্যে ব্যক্তি সকলে। যাত্ৰা গ্ৰাম্য পুথিভঁৰাল, বংশৰৰ সহযোগত প্ৰকাশ হোৱা এই গ্ৰন্থখনে গাঁও খনৰ সামগ্ৰিক শৈক্ষিক পৰিবেশ উত্তৰণত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি পুথিভঁৰালৰ প্ৰকাশন সচিব ৰবীন পাঠকে মন্তব্য প্ৰকাশ কৰে। শিক্ষক সনাতন বৈশ্যই এক সুৰুচীপূৰ্ণ পৰিবেশত এই উন্মোচনী সভাখনৰ আঁতধৰে। সভাৰ অন্তত পৰিয়াল বৰ্গৰহৈ শলাগৰ শৰাই আগবঢ়াই ইন্দ্ৰজিত বৈশ্যই।