বংশৰত দুৰ্গাপূজাৰ প্ৰস্তুতি সম্পন্ন – বিশ্বজিৎ বৈশ্য

বংশৰত দুৰ্গাপূজাৰ প্ৰস্তুতি সম্পন্ন
(প্ৰদৰ্শন কৰিব তিনিখনকৈ ব্যতিক্রমী নাট)

বিশ্বজিৎ বৈশ্য
বংশৰ(শুৱালকুছি)

সদৌ বংশৰ সাৰ্বজনীন শাৰদীয় শ্রীশ্রী দুৰ্গাপূজা উদযাপন সমিতিৰ উদ্যোগত বংশৰ দুৰ্গাপূজা মণ্ডপত ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ চাৰিদিনীয়া ব্যাপক কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দুৰ্গাপূজা মহোৎসৱ। আয়োজক সমিতিৰ সভাপতি লোহিত বৈশ্য (বাবুল) আৰু সম্পাদকদ্বয় পংকজ বৈশ্য, সুভাষ বৈশ্যই জানিবলৈ দিয়ামতে, দুৰ্গাপূজাত তিনিদিনত তিনিখনকৈ ব্যতিক্রমী নাট মঞ্চস্থ কৰা হব। ৯ অক্টোবৰত পুৱা ৭ঃ৩০ বজাত পতাকা উত্তোলনেৰে পূজাৰ কাৰ্য্যসূচী মুকলি কৰিব সভাপতি লোহিত বৈশ্যই। আৱেলি শোভাযাত্রা উদ্বোধন কৰিব গৌতম বৈশ্যই। সন্ধিয়া ৰাজহুৱা বন্তি প্ৰজ্বলন কৰিব মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। সন্ধিয়া ৭ঃ৩০ বজাত মিনাক্ষী কলিতা আৰু জুৰি দাসৰ নাগাৰা নাম উদ্বোধন কৰিব উদ্বোধন কৰিব ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচার্যই। ১০ অক্টোবৰত আই সকলৰ পানী তোলন, মহা সপ্তমী পূজা, নাম- প্ৰসংগ, ৰাজহুৱা স্তৱ পাঠ, পুষ্পাঞ্জলী প্ৰদান, প্ৰসাদ বিতৰণ, ওজাপালি, আৰতি আৰু নিশা শ্রীশ্রীকৃষ্ণ নাট্যগোষ্ঠীৰ ,আমবাৰীৰ স্থানীয় শিল্পীসকলে নাট মঞ্চস্থ কৰিব ধৰ্মেশ্বৰ দাস আৰু প্ৰদীপ দাসৰ দ্বাৰা পৰিচালিত আৰু নাট্যকাৰ ৰমা বৰ্মনৰ দ্বাৰা ৰচিত নাট ‘সেন্দুৰৰ খেল ‘। মূল নাটৰ আগেয়ে এখনি নৃত্য আলেখ্য “সম্প্ৰীতিৰ এনাজৰী” প্ৰদৰ্শন কৰিব পৰিচালনা- জুৰি দাসৰ। ১১ অক্টোবৰত পানী তোলন, মহাষ্টমী পূজা, বিহিত পূজা, সন্ধি পূজা,আই মাতৃৰ নাম প্ৰসংগ, দেৱীৰ ভোগ বিতৰণ, ওজাপালি, ৰাজহুৱা বন্তি প্ৰজ্বলন, আৰতি আৰু নিশা হৰিহৰ নাট্যগোষ্ঠী, বেলৰতল(বংশৰ) ৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ ৰচিত আৰু ফণীধৰ দাসে পৰিচালনা কৰা এখনি পূৰ্ণাংগ নাট “ৰাম নৱমী”। মূল নাটৰ আগে আগে এখনি নৃত্য-নাটিকা পৰিবেশন কৰিব “ৰাংধালী মন”। ৰচনা- হলধৰ তালুকদাৰ, পৰিচালনা- মিঠুন। ১২ অক্টোবৰত মহানৱমী বিহিত পূজা, আই মাতৃৰ নাম প্ৰসংগ, হোমাদিকৃত্য, প্ৰসাদ বিতৰণ, ওজাপালি, ৰাজহুৱা বন্তি প্ৰজ্বলন, আৰতি ,আৰু নিশা বংশৰ প্ৰগতি সংঘ ও পুথিভঁৰালৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা সনাতন বৈশ্য আৰু ইন্দ্ৰকান্ত বৈশ্যৰ পৰিচালনাত বিশিষ্ট অভিনেতা, নাট্যকাৰ চম্পক শৰ্মাৰ ৰচিত নাট – “ৰাধাই নামানে বাধা”। মূল নাটৰ আগে আগে এখনি গীতি নৃত্য-আলেখ্য, বিশ্বজিৎ বৈশ্যৰ ৰচনা আৰু পৰিচালনাৰে “সোণোৱালী আমাৰ গাঁও” প্ৰদৰ্শন কৰা হব। ১৩ অক্টোবৰত দশমী বিহিত পূজা, অপৰাজিতা পূজা, দেৱীৰ প্ৰতিমা লৈ শোভাযাত্রা আৰু বিসৰ্জন। লগতে দুৰ্গাপূজাৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ সহযোগ আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।