বংশৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

বংশৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত পাঠভৱন শিক্ষা ফাউণ্ডেচনৰ উদ্যোগত ১৪ জুলাইৰ পৰা হোৱা কৰ্মশালাখনিৰ ২০ জুলাইত সামৰণি পৰে। কৰ্মশালাৰ বিষয়ত আছিল চিত্ৰকলা, হস্তশিল্প,এবাকাছ, গীত,নৃত্য, খেল, হাতৰ আখৰৰ লগতে স্পোকেন ইংলিচ । এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে, অৱসৰী বেংক বিষয়া ৰৱীন পাঠক, অৱসৰী শিক্ষক কমলা কলিতা, নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক দিলিপ মেধি, মৰিগাঁও আলিচিঙা প্ৰাথমিক বিদ্যালয়ৰ ভাঃ প্ৰধান শিক্ষক কৰ্মেশ্বৰ বৈশ্য। সভাখনৰ আত ধৰে স্কুল পৰিচালিকা পূৰৱী শৰ্মাই। লগতে গ্ৰীষ্মকালীন কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে, উদীয়মান অভিনেতা তথা নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য, কস্তুৰী মেধি,সবিতা বৈশ্য, মুনমুন তালুকদাৰ, ৰাজীৱ দাস, কৰৱী মেধি, লীজা কুমাৰ, চুমিত্ৰা দাস, শিখাৰাণী বৈশ্য আৰু ৰীমা বৈশ্য। অনুষ্ঠানত ছাত্র ছাত্ৰীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণৰ লগতে ভালেসংখ্যক অভিভাবক-অভিভাৱিকা উপস্থিত থাকে।