বংশৰত উত্তৰ গুৱাহাটী হৰেকৃষ্ণ মন্দিৰৰ উদ্যোগত ১২ সংখ্যাক বাৰ্ষিক জগন্নাথ ৰথযাত্ৰা
শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ বংশৰত উত্তৰ গুৱাহাটীত অৱস্থিত হৰেকৃষ্ণ মন্দিৰৰ উদ্যোগত ১২ সংখ্যাক বাৰ্ষিক শ্রীশ্রীজগন্নাথ ৰথযাত্ৰা উৎসৱ অনুষ্ঠিত হব। সন্ধিয়া ৪ বজাৰ পৰা এই পবিত্র ৰথযাত্ৰা আৰম্ভ হব বংশৰ দুৰ্গা পূজা মণ্ডপৰ পৰা আৰু সামৰণি পৰিব বাথানৰ গৰখীয়া সত্ৰত। হৰেকৃষ্ণ মন্দিৰৰ আহ্বান সকলো ধৰ্ম, জাতি আৰু সম্প্ৰদায়ৰ লোকক, যি কোনো পটভূমিৰ হওক সকলোকে আহ্বান জনাইছে অংশগ্রহণ কৰিবলৈ। শ্রীশ্রীজগন্নাথ ৰথযাত্ৰাত অংশগ্রহণ কৰে, নিমন্ত্ৰণি অতিথি,ডঃ দেৱেন দাস (শুদামা)অসমৰ চলচ্চিত্র জগতৰ জনপ্রিয় অভিনেত্রী প্ৰস্তুতি পৰাশৰ, উত্তৰ গুৱাহাটী হৰেকৃষ্ণ মন্দিৰৰ সভাপতি জনাৰ্দ্দন প্ৰভুকে ধৰি ভালেসংখ্যক আমন্ত্রিত ব্যাক্তি। সুসজ্জিত ৰথত ভগৱান সকলৰ শোভাযাত্রা কীৰ্তন আৰু হৰিনাম সংকীৰ্তন পৰম্পৰাগত নৃত্য আৰু সংগীত সমগ্র যাত্রা পথত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰসাদ বিতৰণ, অভিজ্ঞ মন্দিৰ সমন্বয়কৰ দলৰ দ্বাৰা আধ্যাত্মিকভাৱে পৰিচালিত আৰু সুৰক্ষিত ব্যবস্থা লগতে এই বছৰৰ ৰথযাত্ৰাত অসমৰ নানা প্ৰান্তৰ লগতে অন্যান্য ৰাজ্যৰ সহস্রাধিক ভক্ত আৰু শুভাকাংক্ষীয়ে অংশগ্রহণ কৰে ।