বঁটা বিতৰণী সভা
বংশৰ,ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ জিলাৰ হাজো শিক্ষা খণ্ডৰ অধীনৰ নিউ গন্ধমৌ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ জানুৱাৰী মাহত অনুষ্ঠিত হয়। দৌৰ,টেকেলি ভঙা,পাৰ পুখুৰী,মৰ্টন খোৱা,চকীত বহা,ওজন দলিওৱা আদি খেল অনুষ্ঠিত হয়। বাৰ্ষিক খেল সপ্তাহৰ বঁটা বিতৰণী সভা খন আজি বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় এই উদ্দেশ্যে আয়োজিত বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেন বৈশ্য ই আতধৰা বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে বংশৰ ভৃংগেশ্বৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জিলা কৃতী শিক্ষক বঁটা প্ৰাপক ইন্দ্ৰ কান্ত বৈশ্য ই।সভাত আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে গুৱাহাটী জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ সভাপতি গোলোক চন্দ্ৰ দাসে। তেওঁ কয়- মানসিক উৎকৰ্ষ সাধন কৰিবলৈ হলে পঢ়াৰ উপৰিও খেল -ধেমালী অতি প্ৰয়োজন আৰু এনেদৰে আগুৱাই গৈ এদিন দেশৰ নিজৰ নাম উজলাই তোলাৰ পোষকতা কৰে। সভাত নিজ গন্ধমৌ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক কল্প বৈশ্য ই ভাষন ৰাখে। অৱসৰী শিক্ষক কাদিৰ আলী,তাজুদ্দিন আহমেদ, কৃষ্ণ ৰাম বৈশ্য,পৰেশ ডেকা, ধনঞ্জয় দাস, সংগীতা দাস,হাছেন আলী ,কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্য উপস্থিত থাকে। সভাত ছাত্ৰ -ছাত্ৰী সকলে গীত নৃত্য পৰিবেশন
কৰে।
