বঁটা প্ৰদান আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- সৰ্বপলী ৰাধাকৃষ্ণনে কৈছিল–গ্ৰন্থই অন্ধকাৰ দিশৰ পৰা পোহৰলৈ গতি কৰায়। অংকুৰণ প্ৰকাশন আৰু পষেকীয়া ই আলোচনীৰ উদ্যোগত ২০২৬চনৰ জানুৱাৰী ২তাৰিখে প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানটো অনুষ্ঠিত হয়।যোৰহাট অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰী হেমেন নাথ ডাঙৰীয়াই ন পুৰণি সকলো লেখকক উৎসাহিত কৰাৰ উদ্দেশ্যে কবিতা, গল্প, প্ৰবন্ধ, শিশু বিষয়কে ধৰি কেইবাটাও বিষয়ৰ পাণ্ডুলিপি প্ৰতিযোগিতা অনুষ্ঠিত কৰে আহিছে ।সেই অনুসৰি লেখক সকলক একোখন গ্ৰন্থ বনাই দিয়াৰ লগতে প্ৰকাশন গোষ্ঠী আৰু পষেকীয়া ই আলোচনীৰ তৰফৰ পৰা লেখকক মানপত্ৰ,মমেন্ট,কিতাপৰ টোপোলা ফুলাম গামোচাৰে সন্মান প্ৰদান কৰে। অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা লেখক সকলে নিজৰ সমলখিনিৰ এখন গ্ৰন্থ আৰু স্বীকৃতি লাভ কৰে সেয়া এক সুন্দৰ উপহাৰ।বিগত বছৰৰ দৰে এইবেলিও উক্ত দিনত ১০০খনৰ ওপৰত গ্ৰন্থ উন্মোচন হয়। কাব্য কানন কাব্যলোচনীৰ সম্পাদক তথা বিশিষ্ট কবি নৱ ৰাজন,বিশিষ্ট কবি তথা অনুবাদক গুণীন চৌধুৰী, বিশিষ্ট উপন্যাসিক তথা গল্পকাৰ ৰুমি তালুকদাৰ, বিশিষ্ট কবি ৰীতা বৰুৱা আদি কৰি বহুত কেইগৰাকী বিশিষ্ট ব্যক্তিৰ হাতেৰে গ্ৰন্থবোৰ উন্মোচন হয়। লেখিকা তথা সমাজ সেৱিকা অনামিকা (সংগীতা)কলিতাৰ প্ৰবন্ধ সংকলন” চিন্তন”, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী লেখিকা ৰুক্মিণী দাসৰ অণুগল্প পুথি সিন্দূৰ, লেখিকা তথা সমাজ সেৱিকা মঞ্জু কাকতিৰ কবিতা পুথি “হৃদয়ৰ বীণাত শব্দৰ জংকাৰ” ,শিক্ষয়িত্ৰী লেখিকা হীৰামণি বৈশ্যৰ কবিতা পুথি” অনুভূতিৰ এমুঠি “আৰু অণুগল্প পুথি “অণুৰেণুৰ ছাঁ”,লেখিকা তথা সমাজ সেৱিকা নমিতা দাস গল্প পুথি “অংগণা”আৰু লেখক আব্দুল কাদেৰ মিঞাৰ কবিতা পুথি “মই এটা ব্যৰ্থ কবিতা “আৰু লেখক চন্দ্ৰ শেখৰ পৰাজুলি প্ৰবন্ধ পুথি” মনৰ মাজত যুদ্ধ “,ড০দেৱেন্দ্ৰ নাথ শইকীয়াৰ কবিতা পুথি গাপ লগা শেৱালিৰ সুবাস ” নতুন দিল্লীৰ এগৰাকী লেখক অবন্তি চক্ৰৱৰ্তীৰ” দাবানল”এনেকৈ অনেক লেখকৰ গ্ৰন্থ উন্মোচন কৰে।
