ফৰাচী লেখিকা এনি এৰনাক্সক সাহিত্যৰ নোবেল বঁটা প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২২ চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে ফৰাচী লেখিকা এনি এৰনাক্সক। ন’বেল বঁটা সমিতিয়ে এনি এৰনাক্সৰ নাম ঘোষণা কৰিছে।এনি এৰনাক্সে ফৰাচীকে ধৰি ইংৰাজীত বহুতো উপন্যাস, নাটক আৰু প্ৰবন্ধ লিখিছে। তেওঁ বহুতো চলচ্চিত্ৰৰ কাহিনীও লিখিছে। এনিৰ জন্ম ১৯৪০ চনত হৈছিল। এনি এৰনাক্সৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত আছে ডু ডেহৰ্ছ আলোচনী, লা ভি এক্সট্ৰিউৰ কিতাপ। এই কিতাপবোৰত, এনিয়ে তেওঁৰ শৈশৱৰ প্ৰবন্ধবোৰ অন্তৰ্ভুক্ত কৰিছে।