ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেলৰে টেলিফোনিক বার্তালাপ প্রধানমন্ত্রী মোদীৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেলৰে টেলিফোনিক বার্তালাপ প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বার্তালাপত দ্বিপাক্ষিক সম্পর্ক শক্তিশালীকৰণ আৰু আন্তর্জাতিক শান্তিক লৈ আলোচনা কৰে দুয়োগৰাকী নেতাই। এই বাৰ্তালাপৰ বিষয়ে তথ্য দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে অতি ভাল আলোচনা কৰা হৈছে। ইউক্রেইন আৰু পশ্চিম এছিয়াত চলি থকা সংঘাতসমূহ শান্তিপূর্ণভাৱে সমাধানৰ কাৰণে গ্রহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আলোচনা কৰোঁ।ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে।”  নেতা দুজনে বাণিজ্য, প্ৰতিৰক্ষা, নাগৰিক পাৰমাণৱিক সহযোগিতা, প্ৰযুক্তি আৰু শক্তিকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কাৰ্যসূচীৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ২০২৬ চনক ‘উদ্ভাৱনৰ বছৰ’ হিচাপে উপযুক্তভাৱে উদযাপন কৰাৰ বাবে দুয়োগৰাকী নেতাই যৌথ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি মেক্ৰনে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত আগতীয়াকৈ মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ বাবেও সমৰ্থন প্ৰকাশ কৰে। নেতা দুজনে সকলো বিষয়তে যোগাযোগত থাকিবলৈও সন্মত হয়।