ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় ভাৰতৰ

ফ্ৰান্সৰ পৰা ২৬ খন ৰাফেল যুঁজাৰু বিমান ক্ৰয় ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ফ্ৰান্সৰ সৈতে ৬৩ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰে ভাৰতে। ৰাফেল যুদ্ধ বিমান ক্রয়ক লৈ চুক্তিত স্বাক্ষৰ কৰিলে দুয়োখন দেশে। ফ্রান্সৰ পৰা ভাৰতে ২৬খন ৰাফেল জেট ক্রয় কৰিব ।নতুন দিল্লীত প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং, নৌসেনাৰ ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়। ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্বাক্ষৰ অনুষ্ঠানত ব্যক্তিগতভাৱে উপস্থিত থকাৰ কথা আছিল যদিও ব্যক্তিগত কাৰণত তেওঁৰ ভ্ৰমণ বাতিল কৰিবলগীয়া হৈছিল ।এই চুক্তিৰ অধীনত ভাৰতে ২২ খন এজনীয়া আসনৰ ৰাফেল-এম জেট বিমান লাভ কৰিব। এই বিমান বিশেষভাবে বিমানবাহী জাহাজৰ পৰা চলাচলৰ বাবে প্ৰয়োজনীয়। ইয়াৰ উপৰিও ৪ খন টুইন ছিটাৰ ট্ৰেইনাৰৰ ভেৰিয়েণ্টো ক্ৰয় কৰিব ভাৰতে। ইয়াক পাইলটৰ প্ৰশিক্ষণ আৰু অপাৰেচনেল প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব। এই চুক্তিয়ে ভাৰতীয় নৌ সেনাক INS বিক্ৰান্ত আৰু INS বিক্ৰমাদিত্যৰ দৰে বিমানবাহী জাহাজৰ পৰা ৰাফেল-এমৰ পৰিচালনা সুনিশ্চিত কৰিব। ই নৌ সেনাৰ ক্ষমতা অধিক বৃদ্ধি কৰি তুলিব। এই ফৰাচী যুঁজাৰু বিমানখনত AESA ৰাডাৰ টাৰ্গেট ডিটেকচন আৰু ট্ৰেকিং চিষ্টেম আৰু স্পেকট্ৰা ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চিষ্টেম আছে যিয়ে এই বিমানখন অতিক ক্ষমতা প্ৰদান কৰে। ৰাফেল মেৰিন কম্বেট ফাইটাৰ প্লেনত বতাহতে ইন্ধন ভৰাব পৰা ব্যৱস্থা আছে, যাৰ ফলত এই যুঁজাৰু বিমানৰ ৰেঞ্জ বৃদ্ধি পায়। জাহাজ বিৰোধী যুদ্ধৰ বাবে এই বিমানখন উত্তম বুলিব পাৰি। ইয়াত প্ৰিচিচন গাইডেড বোমা আৰু মিছাইল স্থাপন কৰিব পাৰি। উদাহৰণ স্বৰূপে- মোটিয়োক,স্কেল্প বা এক্সোচেট । এই ফাইটাৰ জেটখন অহাৰ লগে লগে বায়ু, পানী আৰু মাটিয়ে সুৰক্ষা লাভ কৰিব আৰু নৌ সেনাই ভাৰতৰ চাৰিওফালে অদৃশ্য কবচ সৃষ্টি কৰিব পাৰিব।