ফোনযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্রী অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে টেলিফোনযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা বুজ লয়। বাৰ্তালাপৰ সময়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়ে। সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মোক ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সোধা- পোছা কৰি চলি থকা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্রদান কৰিছে। তেওঁক আমি গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰিছোঁ। এই কৰা সহায়-সহযোগিতাৰ আশ্বাসৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইফালে, মুখ্যমন্ত্রী ড° শর্মাই দ-ভূমি তথা নৈৰ পাৰত বাস কৰা ৰাইজক সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছে। আন এক বার্তাত তেওঁ কয় যে কিবিটু (১৭ চেন্টিমিটাৰ), হায়ুলিয়াং (১৫ চেন্টিমিটাৰ), কালাকটাং (১০ চেন্টিমিটাৰ) কে ধৰি সমগ্ৰ অৰুণাচল প্ৰদেশত বৰষুণৰ ফলত নামনি অংশৰ নদীৰ স্তৰ তীব্ৰভাৱে বৃদ্ধিৰ আশংকা কৰা হৈছে। অসমত ইতিমধ্যে শিলচৰ (৪২ চেন্টিমিটাৰ), কৰিমগঞ্জ (৩৫ চেন্টিমিটাৰ), হাইলাকান্দি (৩০ চেন্টিমিটাৰ) আৰু সমীপৱৰ্তী এলেকা প্রবল বৃষ্টিপাতৰ সাক্ষী হৈছে। দ-ভূমি তথা নৈৰ পাৰত বাস কৰা ৰাইজক সজাগ হৈ থাকি স্থানীয় প্রশাসনৰ পৰামৰ্শসমূহ অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।