ফেচবুক লাইভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূর্ণ ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষাৰ ফলাফল মে’ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়ে। ফেচবুক লাইভযোগে ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৯,০৭৫টা স্নাতক-স্নাতকোত্তৰ শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰাৰ্থীসকলৰ নথি-পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ১০ অক্টোবৰত নিযুক্তিৰ তালিকা প্রকাশ পাব। একেদৰে ৫,৫৫০টা এলপি-এমই শিক্ষক পদৰ বাবে হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ নথি-পত্ৰ ভেৰিফিকেচন এপ্রিল মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। মে’ মাহৰ পৰা প্ৰভিজনেল তালিকা ওলাব আৰু ১০ অক্টোবৰত নিযুক্তিৰ তালিকা প্রকাশ পাব। ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ সম্পন্ন হৈ যোৱা এডিআৰইৰ ফলাফলৰ ওপৰতো আন এক তথ্য প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া অনুসৰি অহা জুন মাহত অনুষ্ঠিত হ’ব এডিআৰইৰ মৌখিক পৰীক্ষা। এডিআৰইৰ চতুৰ্থবৰ্গৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব আৰু তৃতীয়বৰ্গৰ প্ৰাৰ্থীসকলে মৌখিক পৰীক্ষাৰ লগতে এক দক্ষতাৰ পৰীক্ষাতো অৱতীৰ্ণ হ’ব লাগিব। নিযুক্তিৰ বাৰ্তা প্রদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াকো জানিবলৈ দিয়ে যে বছৰটোৰ শেষ ভাগত অসম আৰক্ষীৰ বহু খালী পদৰ বিপৰীতে প্ৰকাশ কৰা হ’ব বিজ্ঞাপন। ইফালে, অহা ১৯ মাৰ্চত চৰকাৰে তিনি লাখ ৮০ হাজাৰ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে তেওঁ। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে যিসকল হিতাধিকাৰীয়ে এই ঘৰ লাভ কৰিব, তেনে হিতাধিকাৰীৰ বিৰুদ্ধে যদি কিবা অভিযোগ থাকে, তেন্তে হেল্পলাইন ফোনযোগে অভিযোগ দাখিল কৰিব পাৰিব। বিশেষকৈ পকী ঘৰ থকা লোকে যদি প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ লাভ কৰে, তেন্তে ইয়াৰ বিৰুদ্ধে যিকোনো লোকে অভিযোগ দিব পাৰিব। আনহাতে, প্রধানমন্ত্রী আৱাস যোজনাৰ ঘৰ লাভ কৰা লোকসকলে কোন স্থানত গৃহটো নির্মাণ কৰিব তাৰ জিঅ’ টেগিং কৰা হ’ব আৰু এই প্রক্রিয়া চলাব জীৱিকা সখী বাইদেউসকলে। কোনো জীৱিকা সখীয়ে যদি জিঅ’ টেগিং নলয়, তেন্তে নিজাববীয়াকৈ হিতাধিকাৰীয়ে জিঅ’ টেগিং দিব পাৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই ফেচবুক লাইভযোগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ থকা শিক্ষার্থীসকলৰ প্ৰতিও এক নতুন খবৰ দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা অনুসৰি বৰপেটাত দৌল উৎসৱত অংশগ্রহণ কৰিবলৈ যোৱা সময়ত তেওঁ মেট্রিকত অৱতীৰ্ণ হোৱা এগৰাকী ভাগিনে সমাজ অধ্যয়নৰ প্ৰশ্নকাকত যথেষ্ট টান হোৱা বুলি অৱগত কৰিছিল। আনকি নগাঁও আৰু বৰদোৱাতো মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাগিন পৰীক্ষাৰ্থীৰ পৰা প্ৰশ্নকাকত টান হোৱাৰ অভিযোগ পাইছিল। বিষয়টোৰ প্ৰতি লক্ষ্য কৰিয়েই সমাজ অধ্যয়নত পৰীক্ষাৰ্থীসকলক এক অতিৰিক্ত নম্বৰ প্ৰদানৰ বাবে ছেবাক পৰামৰ্শ দিছে মুখ্যমন্ত্রী ড০ শৰ্মাই। সেই অনুসৰি সমাজ অধ্যয়নৰ বিষয়ত শিক্ষার্থীসকলক প্ৰদান কৰা হ’ব অতিৰিক্ত নম্বৰ। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ফেচবুক লাইভযোগে আন এক বার্তা প্রদান কৰি জানিবলৈ দিয়ে যে অহা বৰ্ষত বৰপেটাৰ ৫ হাজাৰ যুৱক-যুৱতীয়ে একেলগে হোলীগীত পৰিৱেশন কৰি আন এক অভিলেখ গঢ়াৰ চেষ্টা কৰিব। বৰপেটাৰ দৌল উৎসৱলৈ যোৱাৰ সময়ত এজন যুৱকে দিয়া পৰামৰ্শ অনুসৰি মুখ্যমন্ত্ৰীয়ে সাংস্কৃতিক বিভাগৰ উদ্যোগত এই অভিলেখ স্থাপনৰ প্রচেষ্টা চলোৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।