ফেচবুক মাধ্যম আৰু সাহিত্যচৰ্চা…  – মেৰী বৰদলৈ

ফেচবুক মাধ্যম আৰু সাহিত্যচৰ্চা… 

মেৰী বৰদলৈ,নগাঁও

বৰ্তমান দেখা পোৱা গৈছে ফেচবুক মাধ্যমৰ দ্বাৰা গঢ়ি উঠা “সাহিত্যচৰ্চা মঞ্চ”ৰ এতিয়া যেন অভাৱ নোহোৱা৷ হাজাৰ হাজাৰ মঞ্চৰ এতিয়া প্ৰতিষ্ঠা হৈছে বিশাল মাধ্যম ফেচবুকৰ দ্বাৰা ৷
আমি পঢ়ুৱৈ সকল সুখী হৈছোঁ সঁচাই এনে মঞ্চ সমূহ পাই কাৰণ এতিয়া বহু ভাল ভাল সাহিত্যিক ,লেখক-লেখিকা,কবি সকলৰ লেখা সমূহ আমি যেতিয়া মন যায় তেতিয়াই য’তে থাকো তাৰপৰাই অধ্যয়ন কৰিব পাৰোঁ সময়ৰ কোনো হিচাপনিকাচ নকৰাকৈ ৷
বৰ্তমান এটা কথা মন কৰিবলগীয়া হৈছে কাৰণ সাহিত্যচৰ্চা মঞ্চ সমূহৰ সতীৰ্থমিলনৰ ক্ষেত্ৰত, যেতিয়া সাহিত্যচৰ্চা মঞ্চৰ বিষয়ববীয়া সকলে বছেৰেকত এবাৰকৈ মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এখনি সতীৰ্থমিলনৰ সভা লগতে কবি, সাহিত্যিক সকলৰ অন্যান্য লেখা সমূহৰ ওপৰত যি বঁটা বিতৰণি অনুষ্ঠান আয়োজন কৰে…,
আপুনিও বাৰু নিবিচাৰেনে যে এগৰাকী যোগ্য সাহিত্যিকক সেই বঁটা প্ৰদান কৰি পুৰস্কৃত কৰাটো…?
আপুনিও বাৰু নিবিচাৰেনে যে সেই সভাখনৰ পৰিচালিত আসনত সভাপতি হিচাপে এগৰাকী সুযোগ্য ব্যক্তিক অধিকাৰ দিয়াটো…?
আপুনিও বাৰু নিবিচাৰেনে যে যোগ্য আসনত যোগ্য ব্যক্তিগৰাকীয়ে আসন গ্ৰহণ কৰাটো…?
নিবিচাৰেনে যে যোগ্যগৰাকীয়ে যোগ্য পুৰস্কাৰটি সাব্যস্ত কৰাটো..?
যদি আপুনি এই প্ৰশ্নকেইটাৰ সৈতে সহমত প্ৰকাশ কৰিছে তেনেহলে আপুনি মই একহৈ আমি সকলোৱে কিয় এখন শুদ্ধভাৱে ইতিবাচক চিন্তাধাৰাই এখনি নিকা সমাজ ,এখন নিভাঁজ সাহিত্যচৰ্চা মঞ্চ গঢ়ি তুলিবলৈ অগ্ৰসৰ হ’ব নোৱাৰোঁ ৷
কিয় আমি এখন সমাজত এখন মঞ্চত একেলগে উঠাবহা কৰিও ইজনেসিজনৰ প্ৰতি দায়বদ্ধ হ’ব নোৱাৰোঁ ৷
আমি যেতিয়ালৈকে আমাৰ চিন্তাধাৰা সমূহ ইতিবাচক কৰিব নোৱাৰোঁ তেতিয়ালৈকে হয়তো আমি আমাৰ সমাজখনৰ লগতে মঞ্চ সমূহক নতুন দিগন্তৰ পথে আগুৱাই নিয়াত আজীৱন বঞ্চিত হৈ ৰ’ম..৷
আমি আমাৰ নৱপ্ৰজন্মক শুদ্ধ দিশে আগুৱাই নিবলৈ হ’লে প্ৰথমেই আমিবোৰ শুদ্ধ হ’ব লাগিব তেতিয়াহে ভৱিষ্যত প্ৰজন্মৰ দ্বাৰা ভাল ফলা ফল লাভ কৰিব পাৰিম….
বৰ্তমান সময়ত ফেচবুক মাধ্যমৰ সাহিত্যচৰ্চা মঞ্চ সমূহৰ কিছু(সকলোকে নহয়) পৰিচালক/পৰিচালিকা সকলে মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ বাবে বিশেষ আসন সমূহৰ দায়িত্বৰ নামত বহুলোকৰ পৰা টকাপইচা দাবী কৰে আৰু কিছুলোকে মঞ্চৰ প্ৰতিষ্ঠা দিৱসত মূল আসন পাবলৈও কমিটিক ধন টোপোলা আগতিয়াকৈ আগবঢ়াই বুলিও কিছু কিছু ক্ষেত্ৰত পৰিলক্ষিতও হৈছে ৷
প্ৰকৃততে এনে কৰাটো উচিতনে…?
শেষত সমূহ সাহিত্যপ্ৰাণ সুদৃঢ়বিন্দলৈ আমাৰ ফালৰপৰা একান্তই অনুৰোধ যে “সাহিত্যচৰ্চা নিতে চৰ্চা হওক এইয়া আমাৰ নৱপ্ৰজন্মৰ বাবে শুভলক্ষণ কিন্তু শুদ্ধচিত্তে হওক আগবাঢ়ি যাওক তাৰে কামনা…,নেতিবাচক চিন্তাধাৰা এৰি ইতিবাচক চিন্তাধাৰাৰ দিশে অগ্ৰসৰ হওক….