ফেচবুকৰ চিনাকি
প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা,ছয়গাঁও
আজিৰ ডিজিটেল যুগত চিনাকি হোৱাৰ পথবোৰ আগৰ দৰে একে নহয়। কেতিয়াবা এখন বিদ্যালয়, কেতিয়াবা এখন গাঁও, আকৌ কেতিয়াবা এটা ম’বাইলৰ স্ক্ৰিনেই চিনাকিৰ সূচনা কৰে। তেনে এটা চিনাকিৰ কাহিনী মোৰ জীৱনতো ঘটিছিল—ফেচবুকৰ জৰিয়তে।
সিদিনা আছিল শনিবাৰ। নিশাৰ ডিউটি শেষ কৰি ভাগৰত ঘৰত উভতি আহি দিনৰ ভাগৰ মাৰিবলৈ বিচনাত পৰিছিলোঁ। শৰীৰটো শ্ৰান্ত আছিল যদিও মনটো একেবাৰে স্থিৰ নাছিল। তেতিয়াই হঠাৎ মন গ’ল ফেচবুকলৈ। মোবাইলটো হাতত লৈ লাহে লাহে স্ক্ৰল কৰি আছিলোঁ। তেন্তেই হঠাৎ এখন প্ৰ’ফাইলত চকু পৰিল।
এজনী ধুনীয়া, মৰম লগা ছোৱালী। প্ৰথম দেখাতেই মনটো এক অচিনাকি অনুভৱেৰে ভৰি উঠিল। ক’ত ঘৰ, কি নাম—একো নাজানো, তথাপিও মনটো কিবা এটা অদ্ভুত টানত তাইৰ ফালে ঢলি পৰিল। সাহস গোটাই তাইৰ নাম-ঠিকনা জানিবলৈ এটা সৰু মেছেজ পঠালোঁ।
সেই মেছেজটোৰ পৰা আৰম্ভ হ’ল কথাবতৰা। লাহে লাহে কথা বাঢ়িল, চিনাকি গঢ় লৈ উঠিল। সময়ৰ লগে লগে সেই চিনাকি এটা বিশ্বাসত পৰিণত হ’ল আৰু অজানিতে আমি প্ৰেমৰ সম্পৰ্কত আহিলো। কেতিয়াবা হঠাৎ লগ পোৱা, কেতিয়াবা হঠাৎ দেখা—এইবোৰ সৰু সৰু মুহূর্তেই আমাৰ সম্পৰ্কক আৰু গভীৰ কৰি তুলিছিল।
জীৱনত কিছুমান মানুহ থাকে যাক আমি আগতে কেতিয়াও নাজানিছিলোঁ, কিন্তু হঠাৎয়ে তেওঁলোকে আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে। সেই আপোন মানুহ কিমান দিনলৈ লগত থাকে, সেইটো নিশ্চিতকৈ কোনেও ক’ব নোৱাৰে। সময়ে কিছুমান সম্পৰ্ক সলাই দিয়ে, কিছুমান দূৰত্ব গঢ়ি তোলে।
তথাপিও, যিমান দিনলৈয়ে নাহক কিয়, একেলগে কটোৱা সেই সময়বোৰ সদায় আমাৰ স্মৃতিৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থাকে। ফেচবুকৰ এটা সাধাৰণ চিনাকিয়ে দিয়া সেই অনুভৱবোৰেই আজিও মনত এটা কোমল হাহি আঁকি দিয়ে।
