ফেচবুকত চেলিব্ৰিটি বাস্তৱত শূন্য
শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )
আজিকালি মানুহৰ হাতেহাতে মোবাইল,মাজতে খৱৰ ওলাইছিল মোবাইল আৱিষ্কাৰক জনৰ ভাষ্য “ মোবাইল আৱিষ্কাৰ মানৱজাতিৰ বাবে ভুল সিদ্ধান্ত ” ৷ যাহওক মোবাইল আৱিষ্কাৰ হ’ল কিন্তু মোবাইল আমি চলাই আছোনে ? মোবাইলে আমাক চলাই আছে ? ৰাতিপুৱা বিছনাৰ পৰা শুই উঠাৰ পৰা ৰাতি শুৱলৈ ওলোৱা পৰ্যন্ত আমাৰ হাতত মোবাইল ৷ স্মাৰ্টফোনত ফেচবুক,ইনষ্টাগ্ৰাম,হোৱাটছআপ আদি অন্য এখন পৃথিৱী, যিখন পৃথিৱীৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই ৷ বাস্তৱত ওলোমি থকা মুখখন ফেচবুকত উজলি থাকে ৷ বাস্তৱত আমি ভীৰু হ’ব পাৰো কিন্তু ফেচবুকত আমি সিংহ ৷ ফেচবুকত ফোটো শ্বেয়াৰ কৰে আপুনি সুখী পৰিয়াল বুলি কিন্তু প্ৰকৃততে আপুনি কিমান সুখী ? আমাৰ সপোনৰ ঘৰ বাস্তৱত ঘৰটো কাৰ সপোন ভংগ কৰি বনোৱা হ’ল ? my first love ! কিন্তু কোনো বিচৰা কৰে first নে last লাভ বুলি ? বহুতে কয় ফেচবুক মানে fakebook, আমি ভুৱা জীৱন এটা ফেচবুকত প্ৰদৰ্শন কৰিছোঁ ৷ ফেচবুকৰ মাধ্যমৰে আচল লুকুৱাই নকল প্ৰদৰ্শন কৰাটো আমাৰ স্বভাৱত পৰিণত হৈ পৰিছে। যাৰ ফলস্বৰূপে অপৰাধ,হিংসা,ঈৰ্ষা,ঘৰসংসাৰ ধ্বংস এটা বৃহৎ সামাজিক স্খলনৰ ফালে আমি দ্ৰুতগতিত আগবাঢ়িছোঁ ৷ আজি আমাৰ মাজত সম্পৰ্ক আছে যদিও বিশ্বাসহীন ভুৱা সম্পৰ্ক ৷ সম্পৰ্কবোৰ গ্ৰাহ নহয় যাৰফলত সহজতে ভাঙি যায় ৷ ইজনৰ প্ৰতি আনজনৰ আন্তৰিকতা নাই ৷ সকলো যেন এতিয়া মোবাইল মেনিয়া ৷ অসৎ শ্ৰেণী লাভৱান হৈছে আৰু সৎ শ্ৰেণীৰ মানুহবোৰ প্ৰতাৰিত হৈছে। একাংশই ধন ঘটাৰ মাধ্যম হিচাপে মোবাইল ব্যৱহাৰ কৰে ৷ একাংশই বান্দৰৰ দ্বৰে নাচিবাগি নিজস্ব পাতলীয়া চৰিত্ৰৰ প্ৰদৰ্শন কৰে ৷ কিছুমানে উলংগ হৈ নাচগান কৰে ৷ বৰ্তমান সস্তীয়া চিন্তাধাৰাৰ মানুহে সামাজিক মাধ্যমক নিজস্ব কুকৰ্মৰ ৰম্যভূমি কৰি সমাজ দূষিত কৰাত উঠিপৰি লাগিছে ৷ মুঠৰওপৰত বাস্তৱত কামেকাজে নলগাজন ফেচবুকত চেলিব্ৰিটি ৷ কিন্তু তাৰেমাজত ফেচবুকত ভাল কথা চৰ্চা ভাল বাৰ্তা প্ৰেৰণ কৰাও লোক আছে ৷ বস্তুক মৰ্যাদা দিব নোৱাৰি ব্যৱহাৰৰ সলনি অপব্যৱহাৰ কৰাটো আমাৰ পুৰণা বেমাৰ ৷ যদি উচিত ব্যৱস্থা লোৱা যায় তেতিয়া নিয়ন্ত্ৰণহীন হোৱা সামাজিক মাধ্যমক নাকি লগাব পৰা যাৱ কিন্তু সেয়া হোৱাটো কঠিন কাৰণ মানুহ নিচাহত থাকিলে ৰজাৰ লাভ ৷ মানুহ সচেতন হ’লে ৰজাবোৰৰ লোকচান ৷ মানুহ নিজস্ব ভাৱে সজাগ সচেতন নহোৱালৈকে কোনো গত্যন্তৰ নাই ৷