ফুলক লৈ লিখা স্তৱক
ইভা গন্ধীয়া ফুকন
গোলাপ
না না ৰঙী গোলাপ ৰূপে মনোহৰ
কাঁইটৰ মাজতে থাকে ফুলি
ৰঙা গোলাপ হেনো প্ৰেমৰ প্ৰতীক
হয়তো বুজিয়ে নাপালোঁ
প্ৰেম ধৰ্মযুদ্ধ নে অৰ্থনীতিৰ জটিল সূত্ৰ
হয়তো বুজি নুঠিম কাহানিও
প্ৰিয়জনে দিয়া গোলাপ পাহি
শুকাই গ’লেও সাঁচি ৰখাৰ
অৰ্থ কি !
তগৰ
বসন্তৰ বা লাগি তগৰ ফুলিল
ঢোল পেঁপাৰ মাতত বিহু আহিল
নাচনীও সাজি- কাচি ওলালে
তগৰ ফুলে খোপা শুৱালে!
শেৱালি
স্নিগ্ধ জোনাকত শেৱালিৰ সুভাসত
সপোনে হাত বাউলী মাতে
নোৱাৰোঁ যাব দিঠকে হেঁচা মাৰি ধৰে
পূজা পূজা বতৰত
দেৱী দুৰ্গা মাৰ চৰণত
একাঁজলি শেৱালিৰে
আৰ্শীষ ভিক্ষা মাগো !
নিশা ৰাণী
নিশাৰ আন্ধাৰ ফালি শুভ্ৰ সৌন্দৰ্যৰে
জিলিকে নিশাৰ ৰাণী
সৌৰভ আৰু সৌন্দৰ্যত
বসন্ত ওপজা নিশা
নিশাতে ফুলি নিশাতে মৰহা
বুকুৰ সাদৰি নিশাৰ ৰাণী।
কপৌফুল
কপৌফুলে দিলে ব’হাগ অহাৰ বাতৰি
প্ৰকৃতিয়ে ন সাজ পিন্ধি ব’হাগীক আদৰিলে
নাচনীক কপৌফুল পাহি দিয়াৰ চলেৰে
বিহুৱাই মনৰ কথা পাতে
কপৌফুল জাতীয় ফুল ৰূপে
জগতে জানিলে !