ফুটপাথ- মুন শৰ্মা

PC BBC
ফুটপাথ
আহ ককাই আহ মোৰ পাছে পাছে আহ,
ভোকাতোৰ পেট তোৰ,আধা পেটী সদায়,
ফটা বস্ত্ৰৰ শৰণাপন্ন, থাকিবি আৰু কিমান,
শীতত কঁপিছে যে তোৰ সমগ্ৰ দেহা।
মোৰ লগতে আহ ককাই দুখত ব্যথিত মই,
নোৱাৰো চাব তোৰ দৃশ্য দুচকু তিতে মোৰ।
সম্পর্কীয় যদিয়ো নহয় তই,
অচিনাকি মোৰ বাৰুকৈয়ে নহয়,
আহোঁতে যাওঁতে ফুটপাথৰ এচুকত ,
দেখা পাওঁ মই সদায় তোক।,
আহ,আহ মোৰ লগেতে আহ,
দিম এমুঠি অন্নৰ যোগাৰ আৰু এখনি বস্ত্ৰ,
আছুতীয়া চালি খনৰে তলত লবি আশ্ৰয়,
জীৱনৰ বাকী দিন পাবি অকণ সুখ।।
       মুন শৰ্মা,
লখিমপুৰ