ফুচকা বিচাৰি
সময় ৰাতি ১০ বাজি ১৫ মিনিট।পোহমহীয়া কাশ্মীৰি শীতৰ প্ৰকোপত আমিনুল আজি সোনকালেই কম্বলৰ তলত, লগতে মৰমৰ পত্নী খানম।এনেইতো তেওঁৰ জীৱনটোত ভৰপূৰ ব্যস্ততা,দিনটো অফিচত থাকে বাবে পত্নীৰ লগতে কণমানি মাৰিয়াকো উপযুক্ত সময় দিব নোৱাৰে বুলি নিজৰ হৃদয়তেই বৰ ক্ষুন্নতা।মাৰিয়া টোপনিত লালকাল। গতিকে খানমক বুকুত সাবটি লৈ আজি বৰ সুখ অনুভৱ কৰিছে তেওঁ।
ঃহাচবি ৰাব্বি জাল্লাল্লাহ,মাফি কাল্বি গায়ৰুল্লাহ,নুৰে মুহাম্মদ ছাল্লাল্লাহ,লা ইলাহা ইল্লালাহ।
-হঠাতেই ফোনটো বাজি উঠিলত আমিনুলে ৰিচিভ কৰোঁতেই কাটি গ’ল।
অচিনাকি নম্বৰৰ পৰা অহা কল বুলি দ্বিতীয়বাৰ কল কৰাৰ কথা চিন্তা নকৰিলে তেওঁ। কিন্তু এক মিনিটৰ বাবে গুগ’ল অপেন কৰিলে।গুগ’লত কিবা এটা বস্তু চাৰ্চ কৰি তলৰ পিনে স্ক্ৰুলিং কৰি থাকোঁতে হঠাতেই স্ক্ৰীণত ফুচকাৰ ছবি ভাহি উঠিল।
ঃউফ্ জানটো,এই মাখা নেদেখুৱাবচোন!!সহ্য নহয়,জিভা সেমেকি উঠে।
-খানমে ধেমালিৰ সুৰত কথাষাৰ ক’লে যদিও এয়া সত্য যে ফুচকা খাদ্যটোৱেই ছোৱালী/মহিলা সকলৰ দুৰ্বলতা।
আমিনুলে বিছনাৰ পৰা উঠি জাম্প মাৰি উঠি ড্ৰেচযোৰ পিন্ধি বাইকৰ চাবিপাত লৈ ঘৰৰ পৰা ওলাই আহিল।খানমে বাৰে বাৰে বাধা দিলে যদিও তেওঁ আওকাণ কৰি ওলাই গ’ল।তাই আচৰিত হৈ চিয়াৰত বহি থাকিল। তেওঁক বাৰে বাৰে কল কৰি আছে ঘূৰি অহাৰ বাবে, কিন্তু তেওঁ ফোন ৰিচিভ নকৰে কাৰণ তেওঁতো ফুচকাৰ দোকান বিচৰাত মগ্ন।
দক্ষিণগাঁও তিনিআলি,পাৱাৰ হাউচ, নৰকাসুৰ,ডি,পি,আই,….ওৰেটো ঠাই ফুচকা বিচাৰি হাবাথুৰি খালে যদিও নাই ক’তোৱেই নাই।ওৱাইন শ্বপ কেইখনমানৰ আগত ফুচকাৰ দোকান আছে যদিও ফুচকা ইতিমধ্যেই শেষ।যদি কিবা আছে সেয়া হ’ল চানা।সেয়া মদৰ বটল ক্ৰেতাবোৰৰ বাবে হে।মন বেয়া হ’ল যদিও নিৰাশ নহৈ আগুৱাই যাব ধৰিলে। তেওঁ অধৈৰ্য হ’ব নোৱাৰে কাৰণ তেওঁ নিজেই মানুহক নানা বিষয়ত অনুপ্ৰেৰণা দিয়ে। তাতে আকৌ প্ৰিয় পত্নীৰ আবেদন, আজি যদি মৰমৰ পত্নীক ফুচকা খুওৱাব নোৱাৰে নিজৰ ওচৰতেই নিজে সৰু হৈ পৰিব।এনে নহয় যে ফুচকা খুওৱাব নোৱাৰিলে পত্নীয়ে বেয়া পাব,আচলতে ইমান ৰাতি ফুচকা কিনি পত্নীৰ সন্মুখত ধৰিব পৰাটোৱেই তেওঁৰ বাবে এক মহা সুখ আৰু পত্নীৰ বাবে হ’ব চাৰপ্ৰাইজ।এনেও সৰুৰে পৰা চাৰপ্ৰাইজ দি ভালপোৱা মানুহ তেওঁ।আৰু ফুচকাটোনো কি ডাঙৰ কথা পত্নীৰ বাবে তেওঁ যিকোনো মুহূৰ্তত নিজৰ জীৱনটোও ত্যাগিব পাৰে,ইমানেই ভালপায় তাইক।
ৰাতি দহ বাজি পঞ্চল্লিছ মিনিট। ইতিমধ্যে তেওঁ গণেশগুৰিৰ গনেশমন্দিৰৰ সন্মুখ পাইছে।সোঁফাল,বাঁওফাল,আগফাল… নাই ক’তোৱেই নাই ফুচকাৰ কোনো দোকান। ইতিমধ্যে চহৰৰ ব্যস্ততা বহু পৰিমাণে শাম কাটিছে।চৌদিশৰ বিল্ডিংবোৰৰ পৰা উপৰ্যুপৰি বজা কুকাৰৰ চিটিৰ শব্দবোৰে বতাহত ঢৌ খেলিব ধৰিছে।ডাষ্টবিনবোৰৰ কাষত এটা দুটা কুকুৰে খাদ্য বিচাৰি হেতা-ওপৰা লগাইছে।ফুটপাথৰ কিনাৰত দুই এজন পাগলে লেতেৰা কম্বল গাতে মেৰিয়াই ৰাতিটোৰ বাবে শুইছে। তেওঁ আগুৱাই গ’ল গনেশগুৰি ফ্লাই অ’ভাৰৰ ওচৰৰ বি.কে টাৱাৰৰ তলত কিন্তু নাই, নাপালে।তেওঁৰ মনত আৱেগ আৰু জেদে থিতাপি ল’ব ধৰিলে।সন্মুখত থকা চানাওৱালাজনক সোধাত তেওঁ হেঙেৰাবাৰী পথৰ পিনে আগুৱাই যোৱাৰ দিহা দিলে আৰু ক’লে-“দিছপুৰ হস্পিটেলৰ গেটৰ মুখত পাব পাৰে কিজানি।”
ফ্লাই অ’ভাৰৰ তলেৰে তেওঁ হেঙেৰাবাৰী পথৰ পিনে বাইক ঘূৰাই আগুৱাই যাব ধৰিলে। হেঙেৰাবাৰী পথত সোমায়েই দিছপুৰ হস্পিটেলৰ গেটৰ মুখত সঁচাকৈয়ে বন্ধ কৰিব ধৰা দোকান এখন পালে। তেওঁৰ নিৰাশ মনে যেন সকাহ পালে।দূৰৈৰ পৰা ইতিমধ্যেই দোকানীজনক ইংগিত দিছে বন্ধ নকৰিবলৈ।
ঃআৰে,ইতনা ৰাত মে ?
ঃহয় দাদা,প্লিজ মোক ১০০ টকাৰ ফুচকা বান্ধি দিয়ক আৰু ১০ টকাৰ ফুচকা ইয়াতে খাম।
ঃজী ভাইয়া।মগৰ ইতনা ৰাতমে কাহা ছে আয়া?
ঃমই দক্ষিণগাঁৱৰ পৰা আহিছোঁ।আচলতে মোৰ পত্নীয়ে ফুচকা খাব বিচৰাত ওলাই আহিলোঁ। দক্ষিণগাঁৱৰ পৰা বিচাৰি বিচাৰি ইমান দূৰ পালোঁ।
ঃলাগতা হে আপনে অপনি বিবি কো বহুত প্যায়াৰ কৰতে হে।ইছলিয়ে ইতনি ঠণ্ডি মে ইতনা দূৰ পানীপুৰী লানে আয়ে হে।
ঃঠিকেই কৈছে আপুনি হাঃ হাঃ হাঃ…
ঃদুআ কৰতা হু ভগৱান নে আপ লৌগোকী জুড়ি ছালামত ৰাখ্খে।
ঃবহুত বহুত ধন্যবাদ জনালোঁ ভাইজান।
মানুহজনে একে একে দহ টকাৰ ফুচকা তেওঁৰ হাতত থকা কাগজৰ প্লেটখনত দিলে আৰু ১০০ টকাৰ ফুচকা পেকিং কৰি তেওঁৰ হাতত গতাই দিলে। তেওঁ ফুচকাখিনি বাইকৰ হেণ্ডেলত আঁৰি লৈ মুহূৰ্তখিনি বন্দী কৰাৰ কাৰণে ম’বাইলটো উলিয়াই ফুচকাৰ দোকান,বাইকত আঁৰি থোৱা ফুচকাৰ টোপোলা,দিছপুৰ হস্পিটেলৰ গেট, গণেশগুৰি ফ্লাই অ’ভাৰ লগতে বিলোপ হ’ব ধৰা মানুহৰ নিৰৱ ব্যস্ততাখিনি ভিডিঅ’ কৰিলে।অসংখ্য মিছকল আৰু মেচেজৰ উৎপাতত ম’বাইলৰ স্ক্ৰীণ ভৰপূৰ। হ’লেও সকলো আওকাণ কৰি ১০ মিনিটত আহি ঘৰ পালে। তেওঁক সন্মুখত পাই খানমৰ দুচকুত স্বস্তিৰ লগতে চকুলো ভাহি উঠিছে। কিন্তু আমিনুলৰ মুখত যেন এক বিজয়ৰ হাঁহি।
ঃমই ধেমালিতে হে কৈছিলোঁ(বুকুত সাবটি ধৰি)
ঃকিন্তু মোৰ একমাত্ৰ জান কলিজাজনীৰ হেঁপাহটো অপূৰ্ণ কৰি কেনেকৈনো থাকোঁ হুমম…??
-তাইৰ দুগালত ধৰি টানি দিলে।
ঃআৰু কেতিয়াও এনেধৰণৰ কথা নকওঁ তোমাক হা…(সুৰত অভিমান)
ঃএহ,কি যে কয় নহয় মোৰ পাগলী জনীয়ে।কিয় নক’বা হা?হাজাৰ বাৰ ক’বা।
-তাই মৰমেৰে তেওঁৰ পিঠিত কিলাব ধৰিলে।
ঃঅকে অকে সোণটো,এতিয়া যোৱা মা,আব্বা, মা,ভন্টিহঁতক মাতা গৈ , একেলগে ফুচকা খাওঁ।
কাজি শ্বাহাদত ইছলাম